NORTHEAST NOW (Assamese)

আই এছ মুৰব্বী খলিফা বাঘদাদি নিহত: “বৃহৎ” ঘোষণা ||ৰাষ্ট্ৰপতি ট্ৰাম্প LIVE

October 27, 2019 7:07 pm · এন ই নাও নিউজ
Updated: October 27, 2019 7:12 pm
ইৰাকত ২০০৪ চনত ইউ এছ সৈন্যৰ হাতত আটক হোৱা সময়ৰ বাঘদাদিৰ ছবি। ৱিকিমিদিয়া কমনছ।

ইউ এছ সেনা অভিযানত শনিবাৰে ৰাতি উত্তৰ-পশ্চিম ছিৰিয়াত নিহত হৈছে আই এছ মুৰব্বী আবু বকৰ অল-বাঘদাদি ওৰফে খলিফা ইব্ৰাহিম।

প্ৰায় ১২ ঘণ্টীয়া বিশ্বজোৰা উৎকণ্ঠাৰ অৱসান ঘটাই এমেৰিকান ৰাষ্ট্ৰপতি ড’নাল্দ ট্ৰাম্পে দেওবাৰে এই খবৰ “নিশ্চিত” কৰিছে।

ট্ৰাম্পে শনিবাৰে ৰাতি “বৃহৎ ঘটনা এটা ঘটা” বুলি টুইট কৰাৰ পিছতে ৱাইট হাউছে সদৰী কৰিছিল যে দেওবাৰে পুৱা ৯ বজাত (ভাৰতীয় সময় সন্ধিয়া ৬.৩০) ৰাষ্ট্ৰপতিয়ে এক “গুৰুতৰ” বিবৃতি জাৰি কৰিব।

ট্ৰাম্পে ভাৰতীয় সময়মতে সন্ধিয়া ৬.৫১ বজাত সংবাদ মেলত কয়: “ইউনাইটেদ ষ্টে’টছে যোৱা ৰাতি বিশ্বৰ ১ নম্বৰ সন্ত্ৰাসবাদী নেতা আবু বকৰ অল-বাঘদাদিক ন্যায় দিছে।”

ট্ৰাম্পে সদৰী কৰামতে, বাঘদাদিয়ে বিস্ফোৰণ ঘটাই আত্মহত্যা কৰিছে।

খণ্ড-বিখণ্ড দেহটো বাঘদাদিৰ বুলি ইউ এছ ফৰেনছিক তথ্যই নিশ্চিত কৰিছে।

ইউ এছ বিশেষ অভিযান গোটে শনিবাৰে ৰাতি ছিৰিয়াৰ তুৰ্কী সীমান্তত বাঘদাদি থকা ঠাইত অভিযান চলাইছিল।

Related News