শিৱসাগৰ জিলা কাৰাগাৰত আজি এগৰাকী কয়দী ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। হঠাতে অসুস্থ হৈ মৃত্যুক সাবটি লোৱা কয়দীজনৰ নাম হৈছে ৰিজু বুঢ়াগোঁহাই।
কাৰাগাৰখনৰ ফাৰ্মাচিষ্টজনৰ মতে হৃদযন্ত্ৰ বন্ধ হৈ পৰাৰ ফলত লোকজনৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে।
আনহাতে মৃত ৰিজু বুঢ়াগোঁহাইৰ ভাতৃ বিজু বুঢ়াগোঁহাইয়ে তেওঁৰ ভাতৃক হত্যা কৰা হৈছে বুলি অভিযোগ আনে। তেওঁৰ মতে আৰক্ষী, জেইল কৰ্মচাৰী আৰু জুলি শইকীয়া নামৰ এগৰাকী মহিলা লগ লাগি ৰিজুক পৰিকল্পিতভাবে হত্যা কৰে।
কালি অৰ্থাৎ ২৬ অক্টোবৰত কাৰাগাৰত সাক্ষাৎ কৰাৰ সময়ত ৰিজু সম্পূৰ্ণ সুস্থ আছিল বুলি সংবাদ মাধ্যমৰ আগত তেওঁৰ ভাতৃয়ে কয়।
জিলা দণ্ডাধীশৰ উপস্থিতিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত লোকজনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয়। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে মৃত্যুৰ কাৰণ স্পষ্ট হ’ব।
উল্লেখযোগ্য যে শিৱসাগৰত ধাৰাবাহিকভাৱে নামঘৰত সংঘটিত হোৱা চুৰি ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত ৰিজু বুঢ়াগোহাঁয়ে যোৱা ২৮ আগষ্টৰ পৰা শিৱসাগৰ জেলত কাৰাবাস খাটি আছিল।
মৃত ৰিজু বুঢ়াগোঁহাইৰ ঘৰ শিৱসাগৰৰ নকটানিত। মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে এটি দিব্যাংগ সন্তানক এৰি থৈ গৈছে।