• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীয়ে একো নাজানে! হিমন্তৰ নেতৃত্বত থকা গৃহ বিভাগৰ আৰক্ষীৰ ভিতৰচ’ৰাৰ ক’লা অধ্যায়!

অসমীয়া জীয়ৰী হিচাপে অংকিতা’ৰ দুখ বুজা মুখ্যমন্ত্ৰীয়ে খবৰ ৰখা নাই জোনমণিৰ!

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
May 19, 2023 7:29 am
মুখ্যমন্ত্ৰীয়ে একো নাজানে! হিমন্তৰ নেতৃত্বত থকা গৃহ বিভাগৰ আৰক্ষীৰ ভিতৰচ’ৰাৰ ক’লা অধ্যায়!
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰসংগ জোনমণি ৰাভা। ৰহস্যৰ পৰা অতি ৰহস্যঘন হৈ পৰিছে সমগ্ৰ ঘটনাটো। জোনমণিৰ দেহত ৰডৰ আঘাতৰ চিন থকা বুলি মাতৃয়ে বিস্ফোৰক অভিযোগ তোলাই হওঁক বা জোনমণিৰ মৃত্যুৰ পাছতেই লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগৰ বদলিয়েই হওঁক, নতুবা নিজকে ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰি নিশাটোৰ ভিতৰতে ভাইৰেল হৈ পুৱাৰ ভাগলৈ প্ৰণৱ দাস নামৰ যুৱকজনৰ অন্তৰ্দ্ধান হোৱাৰ খবৰ তাৰ পাছতে CID য়ে যুৱকজনক জেৰাৰ বাবে আটক, তাৰ পাছতে হঠাৎনগাঁওৰ ১৪৮ জন আৰক্ষী বিষয়াক একেলগে অন্য থানালৈ বদলি আৰু শেহতীয়াকৈ অজ্ঞাত লোকৰ টেলিফোনিক বাৰ্তালাপ ভাইৰেল।

এটাৰ পাছত আন এটা ঘটনা পোহৰলৈ অহাৰ পাছত অধিক ৰহস্যঘন হৈ পৰিছে সমগ্ৰ বিষয়। তাৰ পাছতো এই ৰাজ্য কঁপোৱা কাণ্ডক লৈ নীৰৱ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেৱল শোকস্তব্ধ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিয়েই নিজৰ দায়িত্ব সামৰিলে। পৰিয়ালৰ লোকে বিচাৰিলেহে হেনো CBI ৰ তদন্ত দিয়াৰ কথা চিন্তা কৰিব মুখ্যমন্ত্ৰীয়ে।

আইন ৰক্ষকৰেই আজি এই অৱস্থা আৰু সাধাৰণ জনতাৰ নিৰাপত্তা ক’ত?

সাহসী আৰক্ষী বিষয়া জোনমণি ৰাভা সকলোৰে মাজৰ পৰা হেৰাই গ’ল চিৰদিনলৈ। কিন্তু জোনমণি ৰাভাৰ মৃত্যুৱে এতিয়া উদঙাই দিছে গৃহ বিভাগত চলি থকা কিছুমান কাণ্ড।

প্ৰথমে আহিছো জোনমণি ৰাভাৰ বিৰুদ্ধে দাখিল হোৱা এখন এজাহাৰৰ প্ৰসংগলৈ। সোণ চুৰিত অভিযুক্তৰ পৰিয়ালৰ লোকে দাখিল কৰা এখন এজাহাৰ। এজাহাৰখন দাখিল হৈছিল জোনমণিৰ মৃত্যুৰ আগদিনা অৰ্থাৎ ১৫ মে’ৰ দিনা। জোনমণি ৰাভাৰ বিৰুদ্ধে অভিযোগ আছিল যে বিগত ৬ মে’ৰ নিশা প্ৰায় ২ বজাত নগাঁৱৰ এছ আই জোনমণি ৰাভাই মুৰমহম্মদ কালিয়া, আজিমুদ্দিন, মুস্তাক আহমেদ, মুক্তাৰ হুছেইন, আটাবুৰ ৰহমান, নজৰুল ইছলাম আৰু ৰিয়াজুল ইছলামৰ সৈতে উপস্থিত হৈছিল আমিনা খাতুনৰ ঘৰত।

তাৰ পাছত আমিনা খাতুনৰ পুত্ৰ আজগৰ আলিক প্ৰহাৰ কৰি নিজৰ লগত লৈ গৈছিল। আজগৰ আলীৰ লগতে জোনমণি ৰাভা আৰু দলটোত থকা অন্য আৰক্ষীয়ে নগদ ৮০ হাজাৰ টকা, ভোটাৰ আই ডি, পান কাৰ্ড আৰু আজগৰৰ পত্নীৰ সোণৰ অলংকাৰো কাঢ়ি নিয়ে। আনকি আজগৰৰ ভাতৃ আবু তালেবৰ ব্ৰীজা গাড়ীখনো জোনমণি ৰাভাৰ দলটোৱে লৈ যোৱা বুলি এজাহাৰত উল্লেখ আছে ।

কিন্তু জোনমণিৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হোৱাৰ পাছতে হাছিনা বেগম নামৰ এগৰাকী মহিলাৰ বিস্ফোৰক দাবী…. “নকল সোণৰ অবৈধ ব্যৱসায়ীৰ হাতত প্ৰাণ হেৰুৱালে জোনমণি ৰাভাই। দুৰ্ঘটনাৰ পৰিৱৰ্তে পৰিকল্পিত হত্যাৰ বলি হোৱা বুলি দাবী মহিলাগৰাকীৰ। লগতে জোনমণি ৰাভাৰ পৰাহে ৬ লাখ টকা দাবী কৰা বুলি বিস্ফোৰক অভিযোগ মহিলাগৰাকীৰ।  পিছে কোন এইগৰাকী হাছিনা বেগম? লখিমপুৰ বঙালমৰাৰ এইগৰাকী হাছিনা বেগমে বিগত ৬-৭ বছৰে নকল সোণৰ অবৈধ ব্যৱসায় কৰা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে মাত মাতি আহিছিল। কালি সংবাদ মাধ্যমৰ সন্মুখত হাছিনা বেগমৰ দাবী আছিল এনেধৰণৰ-

 “নকল সোণ আৰু জাল নোটৰ ব্যৱসায়ীৰ পৰা মোৰ মৃত্যুৰ ভাবুকি আহিছিল…. যেনেধৰণে জোনমণি ৰাভা বাইদেউক মাৰি পেলাইছে সেইধৰণে মোকো সিঁহতে বহু দিনৰ পৰা টাৰ্গেট কৰি আহিছিল। জোনমণি ৰাভাৰ দ্বাৰাই মই জাল নোট আৰু নকল সোণৰ ব্যৱসায়ীসমূহ ধৰাই আছিলো। জোনমণি ৰাভাক ফোনযোগে নকল সোণৰ অবৈধ ব্যৱসায় কৰা চক্ৰৰ পৰা ভাবুকি আহিছিল… তেওঁ মোক ফোন কৰি জনাইছিল। লখিমপুৰৰ SP ক কেনেকৈ জনাম… তেওঁ নিজেই এই কামত জৰিত হৈ যায়। জোনমণি ৰাভাই ধন লোৱাটো সঁচা নহয়, জোনমণি ৰাভাক ফচোৱা হৈছে। জোনমণি ৰাভাৰ পৰাহে নাওবৈছা থানাৰ IC সঞ্জীৱ বৰাই ধন দাবী কৰিছিল।” হাছিনা বেগমে এইদৰে কয়।

হাছিনা বেগমে বিস্ফোৰক অভিযোগ অনা সঞ্জীৱ বৰাৰ বিৰুদ্ধে তদন্ত কৰিবলৈ সাহস হ’ব নে CID ৰ? অৱশ্যে হাছিনা বেগমে অনা অভিযোগ পোনচাতেই নস্যাৎ কৰে সঞ্জীৱ বৰাই। কিন্তু সেই বিষয়াজনকো নিশ্চয়কৈ তদন্তৰ আওতালৈ অনাৰ প্ৰয়োজন আছে।

এতিয়া আহিছো লখিমপুৰৰ ASP বা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগৰ প্ৰসংগলৈ। হাছিনা বেগমে এইগৰাকী ৰুণা নেওগৰ বিৰুদ্ধে কিছুদিন পূৰ্বে উত্তৰ সংবাদমেল অনুষ্ঠিত কৰি বিস্ফোৰক অভিযোগ তুলিছিল। ৰুণা নেওগৰ বিৰুদ্ধে অসাধু চক্ৰক ৰক্ষণাবেক্ষণ দিয়া বুলি দাবী কৰাৰ লগতে হাছিনা বেগমক ভাবুকি দিয়া বুলিও অভিযোগ তুলিছিল। হাছিনা বেগমৰ সৈতে ৰুণা নেওগৰ এটা ফোনকল বুধবাৰৰ দিনটোত ভাইৰেল হৈছিল।

এই অডিঅ’ ৰেকৰ্ডিঙ ভাইৰেল হোৱাৰ পাছতে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীক গাওঁ ৰক্ষী বাহিনীলৈ বদলি কৰে। অৰ্থাৎ জোনমণি ৰাভাৰ মৃত্যুৰ পাছতেই ৰুণা নেওগৰ এই বদলি প্ৰক্ৰিয়াটোত নিশ্চয়কৈ আছে ৰহস্যৰ গোন্ধ। কিয়নো অভিযোগ অনুসৰি ২০১৬ চনতে APS বিষয়া হিচাপে লখিমপুৰ জিলাত যোগদান কৰিছিল এইগৰাকী ৰুণা নেওগে। বিগত ৭ বছৰে একেখন জিলাতে DSP ৰ পৰা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ পদত অধিষ্ঠিত হ’ল ৰুণা নেওগ। প্ৰশ্ন হৈছে কাৰ বলেৰে বলিয়ান হৈ একেখন জিলাতে ৭ বছৰ ধৰি বিভিন্ন পদ খামুচি আছে ৰুণা নেওগে।

অন্য এক প্ৰসংগলৈ আহিছো…… দুৰ্ঘটনাৰ পাছত জোনমণিৰ মাতৃয়ে চিঞৰি চিঞৰি কৈছিল  “তাইক কোনোবা শত্ৰুৱে মাৰিলে; তাই কেতিয়াও এনেকৈ নমৰে; তাইক ওপৰৰ পৰাও চাপ দিছে”

ইমান আশা আকাংক্ষা থকা মানুহ কেতিয়াও এনেকৈ মৰিব নোৱাৰে… তাইক মাৰিলে… ইয়াৰ পাছতে কালিৰ দিনটোতো জোনমণিৰ মাতৃয়ে অন্য এক বিস্ফোৰক  অভিযোগ তোলে,,,,,, ৰডেৰে মৰিয়াই হত্যা কৰা হৈছে জোনমণিক….. দেহৰ বিভিন্ন অংশত ৰডেৰে প্ৰহাৰ কৰাৰ দাগ স্পষ্ট বুলি দাবী আছিল মাতৃৰ। 

কি চলি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ গৃহ বিভাগৰ আৰক্ষীৰ ভিতৰচ’ৰাত? আৰক্ষীৰ মাজতে সৃষ্টি হৈছে নেকি দুটা ফৈদৰ। আমি নাজানো জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যু হৈছে নে পৰিকল্পিত হত্যাকাণ্ড বা আত্মহত্যা! সেয়া সকলো সঠিক তদন্তৰ পাছতহে পোহৰলৈ আহিব।

কিন্তু এনেবোৰ ৰহস্যঘন ঘটনাৰ পাছত বিভিন্ন সময়ত স্বচ্ছ নিকা আৰু সুদক্ষ বুলি দাবী কৰি অহা অসম আৰক্ষীৰ ভিতৰতো ক’লা অধ্যায় কিছুমান চলি আছে নেকি বুলি সচেতন মহলত প্ৰশ্ন উত্থাপিত হৈছে।

এটা কথা মন কৰিব….. যদি ছেবাৰ অধীনত মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হয় তেতিয়া নিশ্চয়কৈ বিভাগীয় মন্ত্ৰীজনলৈ দোষ আহে বা তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন জাতীয় দল-সংগঠনে। স্বাস্থ্য বিভাগৰ নিযুক্তিত বেমেজালি হ’লে দোষ আহে স্বাস্থ্যবিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীলৈ। কিন্তু মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল বা স্বাস্থবিভাগৰ নিযুক্তিৰ ফলাফল কেতিয়া ঘোষণা কৰিব সেই সম্পৰ্কেও টুইট কৰাত পাকৈত, বহিস্কৃত কংগ্ৰেছ নেত্ৰী অংকিতা দত্তক অসমীয়া জিয়ৰী বুলি কৈ কংগ্ৰেছে নাৰীক সুৰক্ষা দিব নোৱাৰা বুলি মন্তব্য কৰা তথা সংগীতা দত্তৰ বিৰুদ্ধে চলা তদন্ত প্ৰক্ৰিয়া কেনেপ্ৰকাৰে আগবাঢ়িছে তাৰ খতিয়ান দাঙি ধৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কিন্তু একো নাজানে জোনমণি ৰাভাৰ মৃত্যু সম্পৰ্কত।

ৰাজ্য কঁপোৱা ইমান এক ডাঙৰ কাণ্ডটোত একেবাৰে লঘু বিষয় হিচাপে লৈ মন্তব্য কৰাৰ পৰা বিৰত থাকিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কেৱল শোকস্তব্ধ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিয়েই নিজৰ দায়িত্ব সামৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অৱশ্যে শেহতীয়াকৈ বৃহস্পতিবাৰৰ দিনটোত পৰিয়ালে বিচাৰিলে জোনমণিৰ মৃত্যুৰ তদন্তৰ দায়িত্ব CBIক দিয়া হ’ব বুলি আশ্বাস দিয়ে যদিও নিজাববীয়াকৈ তদন্ত ঘোষণা কৰাৰ সাহস নহ’ল মুখ্যমন্ত্ৰীৰ। কিয়নো কালিৰ তেওঁৰ ভাষ্য অনুসৰি “মই এইবোৰ খবৰ ৰখা নাই; SP DC য়ে জানে!”

মুখ্যমন্ত্ৰী মহোদয়, গৃহবিভাগটো আপুনি আপোনাৰ হাততে ৰখা নাই জানো? আপোনাৰ বিভাগৰে অধীনত থকা আৰক্ষীৰ ভিতৰমহলৰ ৰেহৰূপবোৰ পোহৰলৈ আহিলে আপুনিয়েই জানো উত্তৰ দিব নালাগিব? নে আপোনাৰ বিভাগৰ আৰক্ষীৰ বিপক্ষে প্ৰতিবাদৰ জোৱাৰ উঠাৰ বাবেই আপুনি নিশ্চুপ হৈ আছে?

ইপিনে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এক বিস্ফোৰক কল ৰেকৰ্ডিং।

অজ্ঞাত এজন লোকে জোনমণিক কিদৰে হত্যা কৰা হৈছিল তাৰ বিস্ফোৰক বিবৰণ দি আছিল। আপোনালোকে ভিদিঅ’টো চালে শুনিব পাব সেই বিস্ফোৰক টেলিফোনিক বাৰ্তালাপ। কিন্তু এই অডিঅ’ৰ সত্য সত্যতা নৰ্থ ইষ্ট নাওৱে নিশ্চিত কৰা নাই।

কিন্তু এক উচিত তদন্ত হওঁক আৰু জোনমণি ৰাভাৰ লগতে তেওঁৰ মাতৃ তথা পৰিয়ালৰ লোকে ন্যায় পাওক সেয়াই সকলোৱে কামনা কৰে।

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

August 25, 2025 8:17 pm
বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd