সচাঁকৈয়ে দেশদ্ৰোহী নে ওমৰ খালিদ? বিনা বিচাৰে জেলত কটালে চাৰিবছৰ!

এইটো আমাৰ দেশৰ কি ব্যৱস্থা? ওমাৰ খলিদে কালি বিনা বিচাৰে জেলত চাৰি বছৰ অতিবাহিত কৰিলে। ওমৰ খালিদৰ অপৰাধ কি? ওমাৰ খালিদক চাৰি বছৰ আগেয়ে গ্ৰেপ্তাৰ কৰা হৈছিল ইউ পি এৰ অধীনত।ওমৰ খালিদৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছেনে?  নাই হোৱা।তেওঁক জামিন দিয়া হৈছেনে?  নাই হোৱা।

বাৰে বাৰে তেওঁৰ জামিন নাকচ কৰা হৈছে। তেওঁ জামিন পোৱাৰ সম্ভাৱনা দেখিলেই পুলিচে তেওঁৰ ওপৰত অইন এটা কেচ জাপি দিয়ে। তিনি বছৰৰ মূৰত, নিম্ন আদলতৰ পৰা উচ্চ আদলত হৈ তেওঁৰ  কেচটো জামিনৰ বাবে যোৱা বছৰৰ শেষৰ ফালেহে উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছিল গৈ। তাতেই আকৌ হাজাৰটা অথন্তৰ।

ওমৰ খালিদৰ বিষয়ে সামাজিক আৰু ৰাজনৈতিক একটিভিষ্ট যোগেন্দ্ৰ যাদৱে আজি চাৰি বছৰ আগতে The Printত এক মৰ্মস্পৰ্শী প্ৰবন্ধ  লিখিছিল। কালি তেওঁ আৰু এটা ছুটী ভিডিও কৰিছে ওমৰ খালিদ জেলত থকা চাৰি বছৰ হোৱা উপলক্ষ্যে।ওমৰৰ অপৰাধ কি? নে ওমৰ খালিদৰ পৰিচয়টোৱেই তেওঁৰ অপৰাধ? মুচলমান হোৱাটোৱেই তেওঁৰ অপৰাধ নেকি? আমাৰ দেশৰ মুচলমান সকলে কিয় বাৰে বাৰে তেওঁলোকৰ দেশানুগত্যৰ প্ৰমাণ দিব লগা হয়?

পৃথিৱীৰ ক’ৰবাত কোনো জেহাদীয়ে কিবা অপকৰ্ম কৰিলে আমি কিয় আমাৰ সন্মুখত থকা মুচলমান ব্যক্তিজনৰ প্ৰতি কেৰাহিকৈ চাওঁ? ধিঙত কোনো মুচলমান ডেকাই এগৰাকী যুৱতীক ধৰ্ষণ কৰিলে আৰু লগে লগে আমি সমগ্ৰ সম্প্ৰদায় এটাক তাৰ বাবে জগৰীয়া কৰিবলৈ উঠি পৰি লাগি গ’লোঁ।তাৰ পিছত ইটো ধৰ্ষণৰ খবৰ আহিছে সিটো ধৰ্ষণৰ খবৰ আহিছে কিন্তু ধৰ্ষণকাৰী বোৰ যিহেতু আমি হেয় প্ৰতিপন্ন কৰা সম্প্ৰদায়টোৰ লোক নহয় আমি চুপ চাপ আছোঁ।

আমি কিয় ইমান সংকীৰ্ণ মনা আৰু সাম্প্ৰদায়িক হৈ গৈছোঁ।ওমৰ খালিদ এজন সাহসী আৰু প্ৰতিভাবান ডেকা ল’ৰা।ওমৰ খালিদ এজন মুচলমান।কিন্তু তেওঁ এজন ধাৰ্মিক মুচলমান নহয়। তেওঁ দিনটোত পাঁচবাৰ নামাজ পঢ়া মুচলমান নহয়। কিন্তু নিজৰ মুচলমান পৰিচয়টো তেওঁ স্বাভাবিকভাবে লয়। কিয় নল’ব? মুচলমানৰ বিৰুদ্ধে হোৱা বৈষম্যৰ তেওঁ বিৰোধিতা কৰে।কিন্তু তেওঁ সকলো বৈষম্যৰ বিৰুদ্ধেও থিয় দিয়ে। তেওঁ বৈষম্যমূলক ‘কা’ৰ দুৰ্ঘোৰ বিৰোধী আছিল। তাৰ আগতে জৱহাৰলাল নেহৰু বিশ্ববিদ্যালয়ত কানায়া কুমাৰ, ওমৰ খালিদ আৰু অন্যান্য সকলৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ তৰা হৈছিল।

সেই গোচৰত ন্যায়ালয়ে কিন্তু কানায় কুমাৰক দোষমুক্ত ঘোষণা কৰিছিল। ওমৰৰ বিৰুদ্ধে কিন্তু যেনে গোচৰ তেনেই থাকিল।‘কা’ আন্দোলনৰ সময়ত ওমৰে বিভিন্ন ঠাইত তাৰ বিৰুদ্ধে জ্বলাময়ী ভাষণ দিছিল। হিন্দুত্ববাদী এচামে তাৰ সম্পাদিত ৰূপ চাৰিওফালে প্ৰচাৰ কৰি তেওঁক দেশদ্ৰোহী সজোৱাত ব্যস্ত হৈ পৰিছিল।ওমৰৰ বিৰুদ্ধে জে এন ইউ কৰ্ত্তৃপক্ষ ইমানেই নাৰাজ হৈ পৰিছিল যে তেওঁৰ এম ফিলৰ গৱেষণা পত্ৰখনো তেওঁলোকে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। পিছত যেনিবা ন্যায়ালয়ৰ হস্তক্ষেপত তেওঁৰ গৱেষণা পত্ৰখন গ্ৰহণ কৰিবলৈ জে এন ইউ কৰ্ত্তৃপক্ষ বাধ্য হৈছিল।

ওমৰ এজন প্ৰতিভাবান যুৱক। তেওঁৰ অপৰাধ কি? হিন্দুত্ববাদী ৰাষ্ট্ৰৰ কাৰণে ওমৰ খালিদৰ অপৰাধ দুটা।এক  তেওঁ মুচলমান, দুই তেওঁ এজন বামপন্থী আদৰ্শত বিশ্বাসী অন্যায়ৰ বিৰুদ্ধে মাত মতা যুৱক।ওমৰক বিনা বিচাৰে আজি চাৰি বছৰে জেলত আৱদ্ধ কৰি থোৱা হৈছে।ওমৰ ভাগি পৰা নাই।কিন্তু ই বৰ্তমানৰ ভাৰত ৰাষ্ট্ৰ আৰু আমাৰ আইনী ব্যৱস্থাটোকেহে উলংগ কৰি দিছে।তেওঁলোকে কিমান দিন ওমৰক জেলত আৱদ্ধ কৰি থ’ব পাৰিব? আইনৰ শাসনত বিশ্বাসী সকলো বিনা বিচাৰে ওমৰ খালিদক জেলত আৱদ্ধ কৰি থোৱাৰ বিৰোধিতা কৰিব লাগে। ওমৰ খালিদৰ মুক্তি বিচাৰিব লাগে।