• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

দেশৰ উঠি অহা প্ৰজন্মক গণতান্ত্ৰিক প্ৰমূল্যবোধৰ শিক্ষা দিব নিবিচাৰে নেকি মোদী চৰকাৰে?

প্রদ্যুন্ম কুমাৰ গগৈ by প্রদ্যুন্ম কুমাৰ গগৈ
April 25, 2022 7:59 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ উঠি অহা প্ৰজন্মক কি শিক্ষা দিবলৈ ওলাইছে মোদী চৰকাৰে? ইতিহাস বিকৃত কৰিবলৈ ওলাইছে নেকি মোদী চৰকাৰে? গণতন্ত্ৰান্ত্ৰিক নিৰ্বাচনেৰে ক্ষমতা দখল কৰা মোদী চৰকাৰে এতিয়া গণতন্ত্ৰক বিশ্বাস নকৰে নেকি? হয়, চৰকাৰৰ শেহতীয়া কৰ্ম-কাণ্ডলৈ লক্ষ্য কৰি এনেধৰণৰ প্ৰশ্নসমূহেই উত্থাপন হৈছে বিভিন্ন মহলত। উঠি অহা প্ৰজন্মক গণতান্ত্ৰিক প্ৰমূল্যবোধ শিকাব নিবিচাৰে নেকি মোদী চৰকাৰে? কিন্তু কিয়?

দেশত আৰু এতিয়া গণতন্ত্ৰ তথা সুস্থ ইতিহাস চৰ্চাৰ প্ৰয়োজন নাই! তাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীসকলক ধৰ্মীয় উন্মাদনা, সাম্প্ৰদায়িক শিক্ষা দিয়া হ’ব। খোলাখুলিকৈ প্ৰকাশ নকৰিলেও মোদী চৰকাৰে শেহতীয়া পদক্ষেপসমূহৰ দ্বাৰা ইয়াৰ ইংগিতেই দাঙি ধৰিছে।

শেহতীয়াকৈ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (চিবিএছই)য়ে ঘোষণা কৰিছে যে শৈক্ষিক পাঠ্যক্ৰমৰ পৰা কেইবাটাও অধ্যায় আঁতৰোৱা হ’ব। একাদশ আৰু দ্বাদশ বৰ্ষৰ বুৰঞ্জী আৰু ৰাজনীতি বিজ্ঞানৰ অন্তৰ্ভূক্ত এই বিষয়সমূহ হৈছে- ইচলামিক সাম্ৰাজ্যৰ ইতিহাস, মোগল ইতিহাস, পাশ্চাত্যৰ শিল্প বিপ্লৱ, স্বাধীনোত্তৰ কালৰ গোষ্ঠী নিৰপেক্ষ আন্দোলন আৰু শীতল যুদ্ধ। তাৎপৰ্যপূৰ্ণভাৱে “গণতন্ত্ৰ আৰু বৈচিত্ৰতা’ নামেৰে থকা এটা অধ্যায়ও বাদ দিয়া হৈছে।

কেৱল সেয়াই নহয়, পাঠ্যক্ৰমত যোৱা এক দশক ধৰি অন্তৰ্ভুক্ত হৈ থকা প্ৰসিদ্ধ কবি ফইজ আহমেদ ফইজৰ উৰ্দু কবিতাৰ ইংৰাজী অনুবাদো আঁতৰোৱা হৈছে। এনচিইআৰটিৰ নিৰ্দেশমৰ্মে চিবিএছইয়ে এইসমূহ আঁতৰ কৰিছে। এই ফইজ আহমদ ফইজ আছিল অবিভক্ত ভাৰত তথা বৰ্তমানৰ পাকিস্তানত বাস কৰা এগৰাকী স্বনামধন্য উৰ্দু কবি। তেওঁৰ প্ৰতিবাদী কবিতাসমূহত হিন্দু-মুছলমানৰ একতা আৰু গণতান্ত্ৰিক সংগ্ৰামৰ প্ৰতি আকুণ্ঠ সমৰ্থন পোৱা যায়। কা বিৰোধী আন্দোলনৰ সময়তো তেওঁৰ “চব য়াদ ৰখা জায়েগা’’ শীৰ্ষক কবিতাটো প্ৰতিবাদকাৰীসকলে মোদী চৰকাৰৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিল। এতিয়া এইগৰাকী কবিৰে কবিতা আঁতৰোৱা হৈছে পাঠ্যক্ৰমৰ পৰা।

ইয়াৰ পাছতে তুমূল বিতৰ্কৰ সূত্ৰপাত হৈছে। এইসমূহ অধ্যায় আঁতৰাই প্ৰকৃততে ছাত্ৰ-ছাত্ৰীক কি শিক্ষা দিব বিচৰা হৈছে? কুৰি শতিকাৰ বিষয়ে বুজিবলৈ এইসমূহ অধ্যায় অধ্যয়ন কৰাটো অত্যন্ত প্ৰয়োজন। তেনেস্থলত শীতল যুদ্ধ, গোষ্ঠীনিৰপেক্ষ আন্দোলন, শিল্প বিপ্লৱৰ বিষয়ে নজনাকৈ ভৱিষ্যত প্ৰজন্মই কি শিকিব? গণতন্ত্ৰ আৰু বৈচিত্ৰতা নিশিকাকৈ ভৱিষ্যত প্ৰজন্মই কিদৰে এজন সুনাগৰিক হিচাপে নিজকে গঢ় দিব পাৰিব?

প্ৰসিদ্ধ উৰ্দু কবি ফইজ আহমদ ফইজৰ কবিতাৰ ভাঙনি বাদ দিয়াক লৈও কবিগৰাকীৰ অনুৰাগীসকল ক্ষোভিত হৈ পৰিছে। ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিবাদী কবিতাৰ পৰা আঁতৰাই ৰাখিবলৈকে ফইজৰ কবিতা আঁতৰোৱা হৈছে বুলি তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে, কবিগৰাকীৰ কবিতাত থকা প্ৰতিবাদী সত্ত্বাৰ প্ৰতি মোদী চৰকাৰ ভীতিগ্ৰস্ত হৈ পৰিছে।

অৱশ্যে কেৱল এয়াই প্ৰথম নহয়, ২০২০ চনতো চিবিএছইয়ে এনেধৰণৰ এটা সিদ্ধান্ত লৈছিল। সেইবাৰ একাদশ বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা, নাগৰিকত্ব, জাতীয়তাবাদ আৰু ধৰ্মনিৰপেক্ষতা বিষয়ক অধ্যায়টো বাদ দিবলৈ লোৱা হৈছিল। কিন্তু তীব্ৰ প্ৰতিবাদৰ ফলশ্ৰুতিত সেইবাৰ মোদী চৰকাৰ সফল নহ’ল। ২০২১-২২ বৰ্ষতো উক্ত অধ্যায়টো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত থাকে।

আনহাতে, চৰকাৰী পক্ষৰ মতে, ভাৰতৰ প্ৰকৃত ইতিহাস বাওঁপন্থী আৰু ইছলামিক বুৰঞ্জীবিদসকলে বিকৃত কৰি আহিছে। তেওঁলোকৰ মতে, ভাৰতৰ বুৰঞ্জীত মোগল, ব্ৰিটিছৰ দৰে বিদেশী শক্তিক স্থান দিয়াটো অনুচিত। তাৰ পৰিবৰ্তে প্ৰাচীন কালৰ ভাৰতৰ ইতিহাসতে মজি থাকিব লাগে ছাত্ৰ-ছাত্ৰীসকলে।

কিন্তু মোগল, ব্ৰিটিছসকল ইতিহাসৰে এটা অংশ নহয় নেকি? চৰকাৰে বুৰঞ্জীক ধৰ্মৰ দৃষ্টিৰে চোৱাটো ভাৰতীয় সংবিধান অৱমাননা নহয় নে? ভাৰতৰ বুৰঞ্জীত অকল মোগল আৰু ব্ৰিটিছহে আছে নেকি? মোগলৰ সমসাময়িক বা পূৰ্বৰ হিন্দু ৰাজ্য আৰু শাসকসকলৰ কথা একো নাই নেকি? সম্ৰাট অশোকৰ বিষয়ে একো নাই নেকি? ৰাজপুতসকলৰ গৰিমা গাথাৰ ওপৰত একো নাই নেকি? আছে।

ভাৰতবৰ্ষৰ গৰিমাময় ইতিহাসত মোগলৰ সমানে সমানে এওঁলোকৰ বিষয়েও দীঘলীয়া অধ্যায় আছে। ইয়াতে হিন্দুত্ববাদীসকলৰ আপত্তি। তেওঁলোকৰ মতে, ইছলাম ধৰ্মীয় মোগলৰ বিষয়ে কিয় ভাৰতৰ ইতিহাসত থাকিব? এনেধৰণৰ বাকধাৰাৰেই মোদী চৰকাৰে দেশখনত এটা সাম্প্ৰদায়িক বিভাজনৰ পৰিৱেশ ৰচনা কৰি আহিছে। এতিয়া শৈক্ষিক পাঠ্যক্ৰমৰ পৰা এনেধৰণৰ অতি গুৰুত্বপূৰ্ণ বিষয়সমূহ কিয় আঁতৰোৱা হৈছে সেয়া সহজেই অনুমেয়। 

প্রদ্যুন্ম কুমাৰ গগৈ

প্রদ্যুন্ম কুমাৰ গগৈ

Stay Connected

  • 117k Fans

Recent News

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am
দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd