• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আঞ্চলিক ৰাজনীতিত প্ৰফুল্ল মহন্তক একাষৰীয়া কৰাৰ তৎপৰতা চলিছে নেকি?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
July 27, 2020 3:11 pm
prafulla-kumar

প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না মহামাৰীৰ সংকটৰ মাজতে বিভিন্ন ৰাজনৈতিক দলে অসমত আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ বাবে কছৰৎ আৰম্ভ কৰিছে।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি বিজেপিয়ে ক্ষমতাত থকাৰ বাবে কিছু সুবিধাজনক স্থিতিত আছে যদিও বিৰোধী দলসমূহে নিৰ্বাচনী ৰণ কৌশল গঢ়ি তোলাত সমস্যাৰ সন্মুখীন হৈছে।

বৰ্তমান প্ৰধান বিৰোধী দল কংগ্ৰেছে পৰিস্থিতিৰ সুযোগ গ্ৰহণত ব্যৰ্থ হোৱাৰ লগতে বিৰোধী ঐক্য গঢ়াৰ ক্ষেত্ৰতো বিশেষ আগবাঢ়িব পৰা নাই।

সাম্প্ৰতিক সময়ত অসমত ৰাজনৈতিকভাৱে আটাইতকৈ চৰ্চিত বিষয়টো হৈছে আঞ্চলিক জাতীয়তাবাদী ৰাজনীতিৰ ভৱিষ্যৎ।

ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিজেপিৰ সৈতে মিত্ৰতা কৰাৰ পাছত অসম গণ পৰিষদ দলে ইতিমধ্যে নিজৰ আঞ্চলিক জাতীয়তাবাদৰ ক্ষেত্ৰত আপোচসূত্ৰত বান্ধ খাই পৰিছে।

বৰ্তমান অগপৰ নেতৃত্বত থকা শীৰ্ষ নেতাসকলৰ অধিকাংশই ক্ষমতাৰ মোহত বন্দী আৰু দলটোৰ ঐতিহাসিক প্ৰেক্ষাপট যেন পাহৰি গৈছে।

অগপৰ প্ৰতিষ্ঠাকালৰ মূল কাণ্ডাৰী প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই দলটোক পূৰ্বৰ চৰিত্ৰলৈ ঘুৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও দীৰ্ঘদিন ধৰি ক্ষমতাৰ বাহিৰত থকা মহন্তৰ বাবে এয়া এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে।

আনহাতে, বৃন্দাবন গোস্বামীকে ধৰি আন একাংশ নেতাই ৰাজনৈতিক বিকল্পৰ সন্ধান চলাইছে।

ৰাজ্যখনৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিত সৃষ্টি হোৱা আঞ্চলিক গণ মৰ্চাৰ দৰে ৰাজনৈতিক দলে নিৰ্বাচনী ৰাজনীতিত সফল হোৱাৰ নিশ্চয়তা নাই।

আঞ্চলিকতাবাদী ৰাজনীতিৰ ক্ষেত্ৰত এই সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে অসমত আঞ্চলিক ৰাজনীতিৰ প্ৰতিষ্ঠাপক, দুবাৰকৈ ৰাজ্যখনৰ মুখ্য মন্ত্ৰী পদত অধিষ্ঠিত হোৱা প্ৰফুল্ল কুমাৰ মহন্তৰ স্থিতি।

বিজেপিৰ নেতৃত্বত অসমত মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা প্ৰফুল্ল কুমাৰ মহন্তক প্ৰায় একাষৰীয়া কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

এইক্ষেত্ৰত অগপৰ বৰ্তমানৰ নেতৃত্বই দলটোক হাইজেক কৰাৰ দৰে ৰাখিছে যাতে মহন্তকে ধৰি দলৰ জ্যেষ্ঠ নেতা কিছুমানক আঁতৰত ৰাখিব পাৰি।

জানিব পৰা মতে, শেহতীয়াকৈ আছুৰ নেতৃত্বত এটা আঞ্চলিক জাতীয়তাবাদী ৰাজনৈতিক দল গঠনৰ যি প্ৰস্তুতি চলিছে তাতো মহন্ত চৰ্চাত নাই।

এনেদৰে অসমত আঞ্চলিক জাতীয়তাবাদী ৰাজনীতিৰ প্ৰতিষ্ঠা কৰা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত প্ৰায় এলাগী হৈ পৰিছে।

সেয়েহে, প্ৰায় অকলশৰীয়া হৈ পৰা মহন্তই এতিয়া শক্তি আহৰণৰ বাবে বিভিন্ন নেতাক সাক্ষাৎ কৰিছে আৰু হেৰুৱা মৰ্যাদা উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

শেহতীয়াকৈ মহন্তই অতুল বৰাৰ সমষ্টিত বোকাখাতত গৈ প্ৰাক্তন বিধায়ক জিতেন গগৈকো সাক্ষাৎ কৰিছে।

যি কি নহওক, আঞ্চলিক জাতীয়তাবাদী ৰাজনীতিৰ অভিজ্ঞতাপুষ্ট নেতাজনক এতিয়া বিৰোধী আঞ্চলিক ৰাজনীতিৰ কছৰৎ আৰম্ভ কৰা সকলো পক্ষই একাষৰীয়া ৰখাটো লক্ষ্যনীয় হৈ পৰিছে।      

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm
হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd