ভৰিৰ তলৰ মাটি হেৰুৱাইছে নেকি কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে?

Rajen Gohain

কেন্দ্ৰীয় ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁই। ফাইল ফটো।

১৯৯৯ চনৰে পৰা ৪ বাৰকৈ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱা কেন্দ্ৰীয় ৰাজ্যিক ৰে’ল মন্ত্ৰী ৰাজেন গোহাঁইয়ে যৌন কেলেংকাৰিত অভিযুক্ত হোৱাৰ পাছৰে পৰা নিজৰ ভৰিৰ তলৰ মাটিখিনিও হেৰুৱাব নেকি তাক লৈও ব্যাপক চৰ্চা চলিছে। কিয়নো ৰাজেন গোহাঁইয়ে সংঘটিত কৰা কিছুমান কাণ্ডৰ পাছতেই তেওঁ নিজৰে লোকসভা সমষ্টিৰ ৰাইজৰ ৰোষত পৰাৰ লগতে নিজৰ অস্তিত্বও ম্লান পৰিছে।

তাৎপৰ্য্যপূৰ্ণভাৱে এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে নগাওঁ লোকসভা সমষ্টিৰ প্ৰায় কেইগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থী আৰু  প্ৰাৰ্থীয়ে ছপা কৰা বেনাৰত নিজৰ ফটোৰ লগতে বিজেপিৰ ৰষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি আনকি নতুনকৈ নিৰ্বাচিত নগাওঁ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক ৰূপক শৰ্মাৰ ফটো লগাই নিজৰ প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে।

তাৰ বিপৰীতে উক্ত বেনাৰৰ পৰা বাদ পৰি ৰৈছে কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ ছবি। প্ৰাৰ্থীসকলে ৰাজেন গোহাঁইৰ ফটো ব্যৱহাৰ কৰি নিজৰ বিপদ চপাই আনিব খোজা নাই কাৰণ ৰাজেন গোহাঁইৰ ফটো নিজৰ বেনাৰত আঁৰিলে কিজানি বিৰোধী দলে তাৰ সুযোগ গ্ৰহণ কৰিব, তাক লৈয়ো এক সংকোচে দেখা দিছে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলক।

তদুপৰি, যোৱা ৬ মে’ৰ দিনা নগাঁৱৰ নেহেৰুবালিৰ সভাতে নগাওঁ লোকসভা সমষ্টিৰ উন্নয়নৰ প্ৰকৃত ছবিখন উদঙাই দিয়াত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক ৰাজেন গোহাঁইয়ে ৰাজহুৱাভাৱে অপমান কৰিছিল। তাৰ পাছতেই বহু দল-সংগঠনৰ ৰোষৰ বলি হৈছিল গোহাঁই। বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ লগতে অন্যান্য দল-সংগঠনৰ নেতৃবৰ্গই গোহাঁইৰ ৰাজহুৱা জীৱনৰ পৰা পদত্যাগৰ দাবী তোলাৰ লগতে ৰাজেন গোহাঁইক ৰাজহুৱাভাৱে ক্ষমা-প্ৰাৰ্থনা খোজাৰো দাবী তুলিছিল। কিন্তু ৰাজেন গোহাঁইৰ নিচিনা লোকে ৰাইজৰ ওচৰত ক্ষমা খুজিব বা কেনেকৈ?

আনহাতে, যোৱা ৪ নৱেম্বৰৰ দিনা নগাঁৱৰ উজৰাগাওঁ আদৰ্শ চিকিৎসালয়ৰ শুভাৰম্ভণি কৰিবলৈ গৈ কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ লগতে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা ৰাইজৰ ৰোষত পৰিছিল তথা দুয়োগৰাকী ৰজাই প্ৰজাৰ ওচৰত হাতযোৰ কৰি ক্ষমা খুজিহে কথমপি ৰাইজক মান্তি কৰিবলৈ সক্ষম হৈছিল।

উল্লেখ্য, শেহতীয়াকৈ কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ গোচৰক কেন্দ্ৰ কৰি নগাঁও জিলাত প্ৰতিক্ৰিয়া চলি থকাৰ সময়তে নগাঁও আদালতত ৰাজেন গোহাঁইৰ বিৰুদ্ধে নিজাকৈ গোচৰ ৰুজু কৰি আদালতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে।

তদুপৰি হিন্দু বাংলাদেশীৰ সমৰ্থনত বহু বিতৰ্কিত মন্তব্য কৰি ইতিমধ্যে খিলঞ্জীয়া ৰাইজৰ ৰোষত পৰিছে কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰীগৰাকী।

উল্লেখিত ইমানবোৰ অভিযোগৰ পাছত আগন্তুক লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়ালে জয়ী হ’ব পাৰিবনে ৰাজেন গোহাঁই? তাক লৈ সচেতন মহলত প্ৰশ্ন উত্থাপন হৈছে। লগতে আগন্তুক লোকসভা নিৰ্বাচনত ইতিমধ্যে চাৰিবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা গোহাঁইক বিজেপি দলৰ প্ৰাৰ্থী হিচাপে দলে প্ৰক্ষেপ কৰিবনে তাক লৈয়ো দলৰ মজিয়াত চৰ্চা চলিছে।

১৯৯১ চনৰে পৰা বিজেপি সাংসদ হিচাপে নিজৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰি শেহতীয়াকৈ যৌন কেলেংকাৰিত অভিযুক্ত হোৱা গোহাঁইৰ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ২৭ বছৰীয়া গেৰুৱা ৰাজনৈতিক জীৱনৰ যৱনিকা পৰিব নেকি সেয়া লক্ষণীয় হৈ পৰিছে?