NORTHEAST NOW (Assamese)

চোৰাং চিকাৰৰ বলি হ’ল যোৱা বছৰ উমানন্দত উদ্ধাৰ কৰি নামেৰীত মেলি দিয়া ঢেঁকীয়াপতীয়া বাঘ!

July 10, 2023 9:50 pm · এন ই নাও নিউজ, গুৱাহাটী

যোৱা বছৰ গুৱাহাটীৰ উমানন্দ দ্বীপৰ পৰা উদ্ধাৰ কৰি শোণিতপুৰ জিলাৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া এটা ঢেঁকীয়াপতীয়া বাঘ চোৰাং চিকাৰৰ বলি হোৱা বুলি অভিযোগ উত্থাপন হৈছে।

এগৰাকী বন্যপ্ৰাণী বিশেষজ্ঞই দাবী কৰা মতে, যোৱা ৮ জুলাইত শোণিতপুৰ জিলাৰ ইটাখোলাত সৰবৰাহকাৰীৰ পৰা জব্দ কৰা বাঘৰ ছাল, হাড়বোৰ যোৱা ২৫ ডিচেম্বৰত নামেৰীত মুকলি কৰি দিয়া ঢেঁকীয়াপতীয়া বাঘটোৰেই হাড়-ছাল। 

‘নামেৰী ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ কৰি মুকলি কৰি দিয়া বাঘটোৰ সৈতে জব্দ কৰা বাঘৰ ছালৰ সাদৃশ্য আছে। জব্দ কৰা বাঘৰ ছালখনৰ মুখত এক বিশেষ চিন পোৱা গৈছে, যোৱা বছৰ উদ্ধাৰ কৰি মেলি দিয়া বাঘটোৰ মুখতো সেই একেটা চিনেই আছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে জব্দ কৰা বাঘৰ ছালখন উদ্ধাৰ কৰি মুকলি কৰি দিয়া বাঘটোৰেই হয়।’ -তেওঁ দাবী কৰে।

‘নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী  ইটাখোলাৰ পৰা যোৱা ৮ জুলাইত বাঘৰ হাড় আৰু ছাল জব্দ কৰা হৈছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বাঘটোক উদ্যানখনৰ ভিতৰত বা তাৰ ওচৰতে হত্যা কৰা হৈছে।’ – তেওঁ লগতে কয়। অৱশ্যে জব্দ কৰা বাঘৰ ছালখন উদ্ধাৰ কৰি মুকলি কৰি দিয়া বাঘটোৰ বুলি এতিয়াও নিশ্চিত হোৱা নাই বন বিভাগ।

ইটাখোলাৰ সমীপত বাঘটোৰ শৰীৰৰ অংগসহ ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বিষয়াই তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত তিনিজনৰ ভিতৰত দুজন অসমৰ আৰু এজন অৰুণাচলৰ। 

উল্লেখ্য যে যোৱা বছৰ উমানন্দত উদ্ধাৰ হোৱা বাঘটো ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বিচ্ছিন্ন হৈ সাঁতুৰি উমানন্দ পোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছিল। কিন্তু বন বিভাগে ওৰাঙৰ সলনি নামেৰীতহে মুকলি কৰি দিছিল ঢেঁকীয়াপতীয়া বাঘটোক। অসম ৰাজ্যিক চিৰিয়াখানাৰ ডিএফঅ’ অশ্বিনী কুমাই এই সন্দৰ্ভত কৈছিল, ‘বাঘৰ সংখ্যা কম হোৱাৰ বাবেই নামেৰিত এই বাঘটো মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।”

চৰকাৰী তথ্য অনুসৰি নামেৰী ৰাষ্ট্ৰীয় উদ্যানত মাত্ৰ তিনিটাহে বাঘ আছে।

উল্লেখ্য যে, বনপ্ৰাণী সক্ৰিয়কৰ্মীসকলে বাঘটোৰ মৃত্যুৰ বাবে পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডলৰ সংমণ্ডল বন বিষয়াক জগৰীয়া কৰিছে। তেওঁলোকে কয় যে বাঘ সংৰক্ষিত বনাঞ্চলত টহল নথকাৰ বাবে চোৰাং চিকাৰীৰ কাৰ্য-কলাপ সহজ হৈ পৰে। 

‘ডি এফ অ’ই টহল বৃদ্ধিৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই, যাৰ ফলত চোৰাংচিকাৰীয়ে মুক্তভাৱে কাম কৰিব পাৰে।’ – নাম প্ৰকাশ নকৰাকৈয়ে এজন বন্যপ্ৰাণী কৰ্মীয়ে এইদৰে কয় ।

তেওঁলোকৰ অভিযোগ অনুসৰি  নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যোৱা জিয়া ভৰালী নদীত অবৈধ বালি আৰু শিল খননৰ অনুমতি উদ্যানখনৰ বন সংমণ্ডল বিষয়াই।

স্থানীয় লোকৰ মতে, অবৈধ বালি আৰু শিল খনন দীৰ্ঘদিন ধৰি চলি আহিছে, আৰু ইয়াৰ ফলত নদীৰ পাৰৰ যথেষ্ট ক্ষতি হৈছে। ইয়াৰ ফলত ব্যাপক খহনীয়া হৈছে। অৱশ্যে ডি এফ অ’ আৰু অন্যান্য বন বিষয়াই ইয়াক ৰোধ কৰাৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

উল্লেখ্য যে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত একাংশ শীৰ্ষ বন বিষয়া আৰু ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত অবৈধ শিল খনন চলাই থকাৰ কথা ২০২১ চনত নৰ্থইষ্ট নাওৱে প্ৰকাশ কৰিছিল ।

লগতে পঢ়কঃ শোণিতপুৰত জব্দ বাঘৰ ছাল-হাড়: তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

Related News