তলাবন্ধৰ ফলত যে বহিঃৰাজ্যত দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা লোকসকল আটাইতকৈ বেছি প্ৰভাৱিত হৈছে বৰ্তমান সেই কথাত কাৰো চাগে দ্বিমত নাই।
ক’ৰ’না মহামাৰীৰ বাবে সমগ্ৰ দেশত ঘোষণা কৰা তলাবন্ধ (LOCKDOWN)ৰ পৰিপ্ৰেক্ষিতত সকলো মানুহ যিয়ে য’ত আছিল, সেই ঠাইত আৱদ্ধ হৈ থাকিবলৈ বাধ্য হৈ পৰিল।
এই সময়ছোৱাত চৰকাৰে বিনামূলীয়া চাউল, আৰ্থিক সহায়স্বৰূপে একাউন্টত টকা আদি দিয়াৰ দৰে ব্যৱস্হা গ্ৰহণ কৰিছিল যদিও এই আঁচনিসমূহ পৰ্যাপ্ত আছিল বুলি ক’ব নোৱাৰি।
যিহেতু দিন অতিবাহিত হৈ যোৱাৰ লগে লগে এই মানুহখিনিৰ হাতত থকা টকাও শেষ হৈ আহিছিল, সেয়ে বহুতো ঠাইত মানুহখিনিয়ে অনাহাৰে জীৱন অতিবাহিত কৰিবলৈ বাধ্য হৈ পৰিছিল।
শ্ৰমিক সকলে কাম কৰা সকলো উদ্যোগ বন্ধ হৈ থকা বাবে তেওঁলোকৰ উপাৰ্জনৰ সকলো পথ বন্ধ হৈ পৰিছিল। বহুক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ লাভৰ পৰা সেইসকল লোক বঞ্চিত হ’বলগীয়া হৈছিল, কিয়নো বিনামূলীয়া খাদ্য সামগ্ৰীৰ সুবিধা অকল ৰেচন কাৰ্ড থকা মানুহখিনিৰ বাবেহে প্ৰথমাৱস্হাত গ্ৰহণ কৰা হৈছিল।
সেইসকল লোক অন্য ৰাজ্যৰ হোৱা হেতুকে তেওঁলোকৰ হাতত ৰেচন কাৰ্ড নাছিল। অৱশ্যে এই সময়ছোৱাত বিভিন্ন সংগঠনে স্বেচ্ছামূলকভাৱে খাদ্য সামগ্ৰীৰ যোগান ধৰিছিল যদিও মানুহৰ সংখ্যা বেছি হোৱাৰ বাবে সকলো লোকে এইবোৰৰ পৰা সমানভাৱে উপকৃত হ’ব নোৱাৰিলে।
বহুতো মানুহে এটা এটা খাদ্য টোপোলাৰ বাবে ৰাতিপুৱাৰ পৰা লাইন ধৰি লাভ কৰা অলপ খাদ্যৰেই কোনোৰকম নিজেও খাইছিল আৰু নিজৰ পৰিয়ালকো খুৱাইছিল।
কেতিয়াবা হয়তো অনাহাৰে বিনিদ্ৰা ৰজনীও পাৰ কৰিব লগীয়া হৈছিল।সেয়ে উপায়বিহীন হৈ তলাবন্ধৰ সময়ত এই দিন হাজিৰা কৰি খোৱা শ্ৰমিকসকলে পেটৰ তাড়নাত চহৰ এৰি নিজ নিজ গাঁৱ অভিমুখে যাত্ৰা কৰিবলৈ বাধ্য হৈ পৰিছিল।
সিহঁতেও চাগে কেতিয়াও কল্পনা কৰা নাছিল যে এদিন যি খাদ্যৰ সন্ধানত গাঁও এৰি চহৰত আশ্ৰয় লৈছিল, আজি একেই চহৰত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হ’ব।
তলাবন্ধৰ ফলত যাতায়াত ব্যৱস্হা সম্পূৰ্ণৰূপে বন্ধ থকা বাবে তেওঁলোকে খোজকাঢ়ি চাইকেল চলাই, মুঠতে যিয়ে যেনেকৈ পাৰে নিজৰ নিজৰ ৰাজ্যৰ ফালে গতি কৰিছিল। এই এপ্ৰিল–মে’ মাহৰ প্ৰচণ্ড গৰমত ঘৰৰ পৰা বাহিৰ উলাই যোৱাটোৱেই যি সময়ত আমাৰ বাবে বহু কষ্টকৰ কাম, সেই একেই সময়তে কিন্তু সেই শ্ৰমিকসকলে ১৭০০–১৮০০ কিলোমিটাৰ দূৰত থকা নিজ নিজ গাঁৱলৈ খোজ লৈছিল।
যি সময়ত আমি গুৱাহাটীৰ পৰা তেজপুৰৰ ২২০ কিলোমিটাৰ ৰাস্তা খোজ কাঢ়ি যোৱাৰ কথা কল্পনা কৰিব নোৱাৰো, সেই একেই সময়তে এই শ্ৰমিক সকলে কিন্তু ১৭০০–১৮০০ কিলোমিটাৰ পথ খোজকাঢ়িয়েই পাৰ কৰিলে।
সি যিয়েই নহওঁক, এই সময়ছোৱাত বিশ্বগুৰু ভাৰতবৰ্ষৰ ৰা্স্তা বহুতো অবৰ্ণনীয় হৃদয়বিদাৰক ছবিৰ সাক্ষী হৈ ৰ’ল– কোনোবাৰ যদি কোলাত কেচুৱা আন কোনোবাৰ পিঠিত নিজৰ বৃদ্ধা মাতৃ আন কোনোবাৰ পিঠিত সামগ্ৰীৰ বোজা আৰু আন কিছুমানৰ গৰ্ভত হয়তো সন্তান–মুঠৰ ওপৰত যোৱা ৬টা দশকত দেশে কেতিয়াও নেদেখা এক ছবি এই তলাবন্ধৰ সময়ত মানুহে দেখিবলৈ পালে।
খোজ কাঢ়োতে কাঢ়োতে ভৰিৰ তলত পৰি যোৱা জ্বালা, ভাগৰি পৰা শ্ৰমিক আৰু ভোকত থকা সন্তানক খাদ্য সামগ্ৰী খুৱাব নোৱাৰাৰ অসমৰ্থতাই প্ৰকাশ কৰিছিল তেওঁলোকৰ জীৱনৰ দুৰ্দশাৰ কাহিনী।
এনেদৰেই বহুতে ৰ’দ, বতাহ, বৰুষুণক নেওচি অসহনীয় যাত্ৰাৰ মাজেৰেই নিজৰ গন্তব্য স্থানত উপনীত হৈছিল আৰু কিছুমানৰ দেহে এই কষ্ট সহ্য কৰিব নোৱাৰি মৃত্যুমুখত পৰিছিল।
তলাবন্ধৰ প্ৰথম ৪০ টা দিনত এনেদৰে যাত্ৰা কৰোতে ৭৩ জন শ্ৰমিক মৃত্যুমুখত পৰিছিল। যদিহে মৃত্যু হোৱা শ্ৰমিক কেইজন কেনেবাকৈ সিহঁতৰ পৰিয়ালৰ একমাত্ৰ মূল উপাৰ্জনকাৰী আছিল, তেন্তে কল্পনা কৰকচোন, এই উপাৰ্জনকাৰী ব্যক্তি সকলৰ মৃত্যুৰ পাছত সেই শ্ৰমিক পৰিয়াল কেইটাৰ কি অৱস্হা হ’ব?কিয়নো সিহঁতে একাংশ চৰকাৰী চাকৰিয়ালৰ দৰে কোনো ধৰণৰ পেঞ্চন ইত্যাদিও চৰকাৰৰ পৰা বা কাম কৰা উদ্যোগ বা আন ঠাইৰ পৰা লাভ নকৰে।
অৱশেষত, শ্ৰমিক সকলৰ কথা মনত পৰি চৰকাৰে ৪০ দিনৰ অন্তত শ্ৰমিকসকলৰ বাবে বিশেষ ৰে’লৰ ব্যৱস্হা কৰে।সামাজিক দূৰত্ব অৱলম্বন কৰি শ্ৰমিকসকলক নিজ নিজ ৰাজ্যলৈ লৈ যোৱাৰ বাবে চৰকাৰে ব্যৱস্হা গ্ৰহণ কৰে। কিন্তু এই সেৱা লাভ কৰিবৰ বাবে এক কঠিন প্ৰক্ৰিয়াৰে যাব লগীয়া হোৱা বাবে বহু শ্ৰমিকেই অসুবিধাৰ সন্মুখীন হয় আৰু বহু হাৰাশাস্তি পোৱাৰ পিছতো এই সুবিধা লাভৰ পৰা বঞ্চিত হয়।
সেয়ে এই সেৱাৰ লাভ নোপোৱা শ্ৰমিকসকলে খোজ কাঢ়ি বা চাইকেল চলাইয়ে নিজ নিজ ৰাজ্যৰ পিনে গমন কৰে।এইবোৰৰ মাজতে ৮ মে’ তাৰিখে ঔৰাংগাবাদত ১৬ জন শ্ৰমিক ৰে’ল লাইনত শুই থকা অৱস্হাত মৃত্যুমুখত পৰে।
এই ঘটনাই সমগ্ৰ দেশতে এক জোকাৰণিৰ সৃষ্টি কৰে। ঘটনাৰ পিছতে ফেচবুক,টুইটাৰত মন্ত্ৰী–বিধায়ককে ধৰি বহুতে সমবেদনা জ্ঞাপনেৰে ডিজিটেল শোকবন্যা তোলে।কিন্তু, সেই একেই সময়তে বহুতেই আকৌ প্ৰশ্নও উত্থাপন কৰিছিল যে তেওঁলোকে ৰে’ল লাইনত কিয় শুইছিল?
যদিহে এই প্ৰশ্ন কৰা বোৰে কেতিয়াবা একো নোখোৱা–নিমিলাকৈ কান্ধত বোজা বান্ধি অন্ততঃ ২০ কিলোমিটাৰ বাট খোজকাঢ়ি পালেহেতেন তেন্তে হয়তো সেই প্ৰশ্ন তেওঁলোকে সুধিবলগীয়া নহ’লহেতেন।
বহুদূৰ বাট খোজকাঢ়ি ভোকে পিয়াহে ক্লান্ত হৈ পৰা সেই শ্ৰমিককেইজনৰ বাবে তেতিয়া হয়তো বহুসময় ধৰি খালী হৈ থকা ৰে’ল লাইনতকৈ নিৰাপদ ঠাই আন একো নাছিল। আৰু সেয়েহে ভাগৰত সৰ্বস্ৰান্ত হোৱা শ্ৰমিককেইজনে ৰে’লৰ ইমান তীব্ৰ হৰ্ণ বজোৱা শব্দও শুনা নাপালে যাৰ ফলত তেওঁলোকে মৃত্যুক সাৱটিব লগা হ’ল।
কোনেনো ভাবিছিল যে যি জীৱন জীয়াই থকাৰ হাবিয়াসত তেওঁলোকে ইমান দূৰ বাট খোজ কাঢ়ি অতিক্ৰম কৰাৰ সাহ কৰিছিল,সেই একেটা যাত্ৰাই তেওঁলোকৰ প্ৰাণ কাঢ়ি নিব।
একে সময়তে কিন্তু শ্ৰমিক বিশেষ ৰে’লৰ সুবিধা পোৱা মানুহখিনিয়েও যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে।এই ৰে’লসমূহে সাধাৰণ দিনত ১–২ দিনৰ ব্যৱধানত গৈ পোৱা ঠাইসমূহত উপস্হিত হ’বলৈও বৰ্তমান ৪–৫ দিন পৰ্যন্ত সময় লৈ আছে।
আনহাতে,এই যাত্ৰাপথত শ্ৰমিকসকলৰ বাবে পৰ্যাপ্ত খাদ্যৰ ব্যৱস্হাও যে কৰা হোৱা নাই সেই কথা বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে উলাই পৰিছে।বহুতো ৰে’লত ডবাৰ ভিতৰৰ ফেনসমূহো বন্ধ কৰি থোৱা সংবাদ মাধ্যমৰ জৰিয়তে দেখিবলৈ পোৱা গৈছে।
এই প্ৰচণ্ড গৰমত শ্ৰমিকসকলে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবেও অপেক্ষা কৰিব লগা হৈছে। ৰে’লৱে প্ৰটেকশ্যন ফোৰ্চ(RPF)ৰ তথ্য বিশ্লেষণ কৰি হিন্দুস্হান টাইমছ-এ প্ৰকাশ কৰা অনুসৰি ৯-২৭ মে’ৰ ভিতৰত ৮০ জন শ্ৰমিক মৃত্যুমুখত পৰিছে(অৱশ্যে বিভাগীয় ভাৱে এতিয়াও এই কথা জনোৱা হোৱা নাই)।
এই সকলৰ ভিতৰত মহিলা,শিশুকে ধৰি বয়সস্হ লোকো সোমাই আছে।এয়াই চাগে শ্ৰমিক বিশেষ ৰে’লৰ বিশেষত্ব য’ত শ্ৰমিকসকলে ভোকে পিয়াহে থাকি এইদৰে যাত্ৰা কৰিবলৈ বাধ্য হৈ পৰিছে।
মুঠতে, তলাবন্ধৰ ফলত এই শ্ৰমিক শ্ৰেণীয়ে এফালে নিজৰ জীৱিকা হেৰুওৱাৰ লগতে আনফালে নিজৰ প্ৰাণৰ সংশয়ত ভুগিবলগীয়া হৈছে। এই সময়ছোৱাত শ্ৰমিকৰ দুখ–দুৰ্দশাই তেওঁলোকক মানসিকভাবে ভাগি পেলাইছে।বহুতো দিন হাজিৰা কৰি খোৱা লোকে আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হোৱাও পৰিলক্ষিত হৈছে।
এই সকলোবোৰৰ মাজতে ভালেকেইখন ৰাজ্যই আকৌ শ্ৰম আইনসমূহ শিথিল কৰি শ্ৰমিক শ্ৰেণীৰ বাবে আন কিছুমান সমস্যাৰ সৃষ্টি কৰাৰ বাবে সাজু হৈছে।উত্তৰপ্ৰদেশত ৩ বছৰৰ বাবে কিছুমান দফাক বাদ দি ৩৮ খনৰ ভিতৰত ৩৫ খন শ্ৰম আইনেই শিথিল কৰাৰ বাবে যোজা কৰিছে।
যাৰ ফলত সমান কামৰ বাবে সমান মজুৰি,স্বাস্হ্যকৰ পৰিৱেশত কাম কৰাৰ অধিকাৰ আদিৰ বাবে শ্ৰমিকসকলে দাবী কৰিব নোৱাৰিব। ইয়াৰ উপৰি শ্ৰমিকসকলৰ কাম কৰাৰ সময়সীমা ৮ ঘন্টাৰ পৰা ১২ ঘন্টালৈ বৃদ্ধি কৰা হ’ব অৰ্থাৎ তেওঁলোকে প্ৰতি সপ্তাহত ৭২ ঘন্টা কাম কৰিব লাগিব।
ইয়াৰ দ্বাৰা বি.আৰ আম্বেদকাৰে শ্ৰমিকৰ শ্ৰমৰ সময় ১২ ঘন্টাৰ পৰা ৮ ঘন্টা কৰাৰ বাবে যি প্ৰচেষ্টা লৈছিল তাক সম্পূৰ্ণৰূপে নস্যাৎ কৰা হৈছে।উত্তৰপ্ৰদেশৰ উপৰিও মধ্য প্ৰদেশ,মহাৰাষ্ট্ৰ,গুজৰাট,উড়িষ্যা আদি ৰাজ্যসমূহতো শ্ৰম আইনসমূহ শিথিল কৰা হ’ব বুলি জানিব পৰা গৈছে।
যি সময়ত শ্ৰমিক সকলৰ বাবে কিছুমান বিশেষ ব্যৱস্হা গ্ৰহণ কৰি তেওঁলোকক সকাহ দিয়াৰ প্ৰয়োজন আছিল,সেই সময়ত তেওঁলোকক নিজৰ নুন্যতম মজুৰি লগতে অন্যান্য সুবিধাৰ পৰা বঞ্চিত কৰাৰ চৰকাৰ সমূহৰ যি প্ৰয়াস ইয়ে নিশ্চয়কৈ চৰকাৰৰ উদ্যোগপতি সকলৰ প্ৰতি থকা আন্তৰিকতাক নিৰ্লজ্জভাৱে প্ৰকাশ কৰিছে।
এই খিনিতে দুটা ঘটনা মোৰ মনলৈ আহিছে–প্ৰথম,২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ আগতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চাফাই কৰ্মচাৰীৰ ভৰি ধুৱাই দিয়াৰ সেইটো ঘটনা, যিয়ে সংবাদ মাধ্যমৰ কৰ্মীসকলক মোডী ডাঙৰীয়াৰ মহানুভৱতাৰ প্ৰশংসাত পঞ্চমুখ হোৱাৰ সুযোগকণ দিছিল।
আজি কিন্তু সেই একেই শ্ৰমিকসকলৰ ভৰিত খোজ কাঢ়ি জ্বালা পৰি যোৱাৰ পিছতো সংবাদ মাধ্যমৰ কৰ্মীসকলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক শ্ৰমিকসকলৰ এই কৰুণ ছবিখন দেখুৱাই প্ৰশ্ন কৰাৰ সাহ হোৱা নাই।
দ্বিতীয়তে, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণবোৰত প্ৰায়েই কয় যে– দেশৰ দুখীয়া জনসাধাৰণেও ধনী মানুহৰ দৰে সকলো সুখ–সুবিধা পোৱাটো বিচাৰে। হাৱাই চেণ্ডেল পৰিধান কৰা সাধাৰণ মানুহ উৰাজাহাজত যাত্ৰা কৰিব পৰাটো তেওঁৰ সপোন।কিন্তু অতি পৰিতাপৰ কথা যে তেওঁৰ এই সকলো সপোন আৰু কথা অন্য নেতাবোৰৰ দৰে কেৱল ভাষণতে সীমাবদ্ধ হৈ ৰ’ল।
আজিও সেই দুখীয়া শ্ৰেণীটোৱে দুৰ্বিসহ জীৱন–যাপনৰ বাবে বাধ্য, কেইবাশ কিলোমিটাৰ খোজকাঢ়ি ঘৰমুৱা হ’বলৈ বাধ্য, ডেৰ–দুমহীয়া কেচুৱা লৈ ,নিজৰ গৰ্ভৱতী মহিলাক লগত লৈ ট্ৰাক বা টেম্প’ত উঠি বা খোজ কাঢ়িয়েই যাত্ৰা কৰাৰ বাবে বাধ্য।
বহুতৰে হয়তো এনে নিৰাপত্তাহীন জীৱন জীয়াই থাকিবলগীয়া হোৱাৰ বাবে চৰকাৰৰ ওপৰৰ পৰা বিশ্বাস একেবাৰেই উঠি গৈছে আৰু যদি অলপ বাছি আছিলো,তেন্তে শ্ৰম আইনৰ ক্ষেত্ৰত অনা শিথিলতা সমূহে সেইখিনিৰো অৱসান ঘটাব বুলি সন্দেহ কৰাৰ অৱকাশ আছে।
দেশ নিৰ্মাণৰ লগত জড়িত থকা এই বৃহৎ শ্ৰেণীটোৰ সুৰক্ষা অবিহনে আমি দেশ নিৰ্মাণৰ কল্পনা কৰাটো কিমান সমীচিন,কথাটো ভাবিবলগীয়া।এইবোৰ দেখি শুনি এটাই প্ৰশ্ন মনলৈ আহে এয়াই আমাৰ “নতুন ভাৰত”ৰ নমুনা নেকি?
লেখক তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ
ফোন : ৭৫৭৭০৯৯৩৮৩