আই এছ এল : আজি কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত এ টি কেৰ মুখামুখি হ’ব নৰ্থ-ইষ্ট য়ুনাইটেড

8f9b8-15381553680196-800

প্ৰতিনিধিত্বমূলক চিত্ৰ

আই এছ এলৰ পঞ্চম সংস্কৰণৰ প্ৰথমখন মেচত নিজৰ ঘৰতে শক্তিশালী এফ চি গোৱাৰ বিৰুদ্ধে ২-২ গ’লত ড্ৰ খেলি অভিযান আৰম্ভ কৰা নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে আজি মুখামুখি হ’ব দুবাৰৰ চেম্পিয়ন এটলেটিকো ডি কলকাতা দলৰ বিৰুদ্ধে। মেচখন অনুষ্ঠিত হ’ব কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনৰ ছল্টলেক ষ্টেডিয়ামত।

যোৱা ছিজনত নিৰাশাজনক প্ৰদৰ্শন কৰাৰ পাছত এ টি কে দলে এইবাৰ নতুন শক্তি আৰু আশাৰে সাজু হৈছে যদিও ছিজনৰ প্ৰথমখন মেচতেই কেৰেলা ব্লাষ্টাৰ্ছৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হৈ স্বাভাৱিকতে চাপত পৰিছে। প্ৰথমখন মেচৰ দুঃস্বপ্ন পাহৰি আজি দ্বিতীয়খন মেচত দলে ভুলৰ শুধৰণি কৰি তিনি পইণ্টৰ লক্ষ্যৰে খেলিব। নৰ্থ-ইষ্ট য়ুনাইটেডৰ বিৰুদ্ধে এ টি কে দলে এই পৰ্যন্ত আঠখন মেচৰ পাঁচখনত জয়লাভ কৰাৰ বিপৰীতে এখন ড্ৰ খেলিছে আৰু দুখনত পৰাস্ত হৈছে।

আজিৰ মেচ সম্পৰ্কত বুধবাৰে অনুষ্ঠিত হোৱা সংবাদমেলত এ টি কে দলৰ প্ৰশিক্ষক ষ্টিভ ক’পেলে কয়, ‘যোৱা মেচত কৰা ভূল সমূহ আজি নহয়। দল এটাৰ সফলতাৰ বাবে নিজৰ নিয়ন্ত্ৰণত বল ৰখাতো অতি গুৰুত্বপূৰ্ণ। ব্যক্তিগত প্ৰদৰ্শনৰ বিপৰীতে দলীয় চমক দিয়াতহে মোৰ লক্ষ্য।‘

ইয়াৰ উপৰি এইবাৰ এ টি কে দলত আঘাতৰ সমস্যা আছে বুলিও সংবাদমেলত অৱগত কৰে ইংলেণ্ডৰ ক’পেলে। কিন্তু আঘাতৰ সমস্যাই দলৰ প্ৰদৰ্শনত কোনো ধৰণৰ প্ৰভাৱ নপৰে বুলি স্পষ্ট ৰূপত ক’পেলে উল্লেখ কৰে।

আনহাতে আজিৰ মেচ সম্পৰ্কত নৰ্থ-ইষ্ট য়ুনাইটেড ৰ প্ৰশিক্ষক এলকো ছচাট’ৰিয়ে কয়, ‘তিনি-চাৰিখন মেচত অংশ লোৱাৰ পাছতহে দলে প্ৰকৃত ছন্দ পাব’। ইয়াৰ উপৰি নৰ্থ-ইষ্টৰ প্ৰশিক্ষকগৰাকীয়ে প্ৰথম মেচত দেখা দিয়া দলৰ ৰক্ষণ বিভাগৰ দুৰ্বলতা সমূহ আজি প্ৰতিফলিত নহয় বুলি সংবাদমেলত কয়।

উল্লেখযোগ্য যে চাৰিদিনৰ ভিতৰত দুখন মেচ খেলাতো নৰ্থ-ইষ্ট য়ুনাইটেডৰ বাবে এক প্ৰত্যাহ্বান হ’ব।