আই এছ এল : আজি জামছেদপুৰ এফ চিৰ বিৰুদ্ধে নামিব নৰ্থ-ইষ্ট য়ুনাইটেড

নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি

প্ৰতিনিধিত্বমূলক ছবি

আগৰখন খেলত পুনেক ২-০ গ’লত পৰাস্ত কৰি সমৰ্থকক চমক দিয়া নৰ্থ-ইষ্ট য়ুনাইটেড দলে আজি আই এছ এলৰ আন এখন মেচত জামছেদপুৰ এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। আজি খেলখন জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্প ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

উল্লেখযোগ্য যে দুয়োটা দলৰ মাজত এইয়া হ’ব দ্বিতীয় লীগৰ খেল। যোৱা ২৫ অক্টোবৰত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত দলৰ মাজত অনুষ্ঠিত প্রথমখন খেল ১-১ গ’লত অমীমাংসিত হৈ ৰৈছিল।

আনহাতে এইবাৰৰ প্ৰতিযোগিতাত বৰ্তমানলৈকে জামছেদপুৰ এফ চিৰ তুলনাত নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি এক শক্তিশালী অৱস্থানত আছে। দলটোৱে এতিয়ালৈকে খেলা ৮খন খেলৰ ৫খনত জয়ী হোৱাৰ বিপৰীতে দুখন খেলত ড্ৰ খেলি ১৭ পইণ্ট সংগ্ৰহ কৰিছে।

ইয়াৰ বিপৰীতে এতিয়ালৈকে ৯খন মেচ খেলা জামছেদপুৰ এফ চিয়ে ৩খন খেলত জয়ী হোৱাৰ বিপৰীতে ৫খনত ড্ৰ আৰু ১খনত পৰাস্ত হৈছে। দলটোৱে বৰ্তমানলৈকে ১৪ পইণ্ট সংগ্ৰহ কৰিছে।