ৰাছিয়াৰ সৈতে ইজৰাইলৰ বিৰুদ্ধে ভোটদান ইউক্ৰেইনৰ! বিশ্বগুৰু ভাৰত ভোটদানৰ পৰা বিৰত

ukraine vote against israel

এতিয়াও মুখামুখি যুদ্ধত প্ৰবৃত্ত হৈ আছে ইউৰোপৰ দুই দেশ ক্ৰমে ৰাছিয়া আৰু ইউক্ৰেইন। মুখামুখি যুদ্ধ প্ৰবৃত্ত হৈ থাকিলেও বৈদেশিক নীতিৰ দোহাই দি দুয়োখন শত্ৰু দেশে একে পক্ষতে অৱস্থান কৰা দেখা গৈছে। যাৰ ফলত যুদ্ধ বিধ্বস্ত ইউক্ৰেইনে ইজৰাইলৰ তিৰস্কাৰৰ সন্মুখীন হৈছে।

ইউক্ৰেইনত থকা ইজৰাইলৰ ৰাষ্ট্ৰদূতে শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱৰ সপক্ষে তথা ইজৰাইলৰ বিৰুদ্ধে ভোটদান কৰাৰ বাবে দেশখনক তিৰস্কাৰ কৰে। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত ইজৰাইলে ১৯৬৭ চনৰ পৰা দখল কৰি অহা পেলেষ্টাইনৰ ভূখণ্ড স্বীকৃতি দিবলৈ আহ্বান জনাই আহিছিল।

ইজৰাইলৰ উক্ত আবেদনক আইনী মৰ্যাদা প্ৰদান কৰাৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ মজিয়াত সদস্য ৰাষ্ট্ৰসমূহৰ পৰা মতামত বিচৰা হয়। যোৱা শুকুৰবাৰে ইয়াৰ ভোটদান সম্পন্ন হৈ যায় আৰু উক্ত ভোটদানত ইউক্ৰেইনে শত্ৰু ৰাষ্ট্ৰ ৰাছিয়াৰ লগতে ইজৰাইলৰ বিৰুদ্ধে ভোটদান কৰে।

ইজৰাইলৰ বিৰুদ্ধে ভোটদান কৰাৰ পাছতে ইউক্ৰেইনস্থিত ইজৰাইলৰ ৰাষ্ট্ৰদূতে দেশখনৰ এই ভূমিকাত অনুসন্তুষ্ট হোৱাই নহয় তীব্ৰ ভাষাৰে তিৰস্কাৰো কৰিছে। ইজৰাইলৰ ৰাষ্ট্ৰদূত মাইকেল ব্ৰডস্কিয়ে এই সন্দৰ্ভত টুইট কৰি কয় যে ৰাষ্ট্ৰসংঘত ইউক্ৰেইনে ইজৰাইল বিৰোধী স্থিতি গ্ৰহণ কৰাৰ পাছত দুয়োখন ৰাষ্ট্ৰৰ মাজত আস্থা গঢ়ি তোলাটো কঠিন হ’ব।

উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ এই প্ৰস্তাৱৰ সপক্ষে ৯৮ খন আৰু বিপক্ষে মাত্ৰ ১৭ ৰাষ্ট্ৰইহে ভোটদান কৰে। বিপক্ষে ভোটদান কৰাৰ ৰাষ্ট্ৰসমূহৰ ভিতৰত আছে ইজৰাইলৰ বন্ধু ৰাষ্ট্ৰ ক্ৰমে আমেৰিকা, অষ্ট্ৰেলিয়া. কানাডা, জাৰ্মানী, অষ্ট্ৰীয়া আদি দেশ আছে। আনহাতে ভাৰতসহ নেডাৰলেণ্ড, নিউজিলেণ্ড, জাপান, আইচলেণ্ড, ডেনমাৰ্ক, স্পেইন আদি সদস্য ৰাষ্ট্ৰই ভোটদানৰ পৰা বিৰত থাকে।

আন ৫১ খন ৰাষ্ট্ৰই ভোটদানৰ পৰা বিৰত থাকিলেও নিজকে বিশ্বগুৰুৰূপে প্ৰক্ষেপ কৰা ভাৰতে ভোটদানৰ বিৰত থকা কথাই বিশেষ তাৎপৰ্য বহন কৰিছে। বিশেষকৈ অধিকাংশ সদস্য ৰাষ্ট্ৰই ইজৰাইলৰ বিপক্ষে ভোটদান কৰাৰ পাছত ভাৰতৰ ভূমিকা অতি লক্ষণীয় হৈ পৰিছে। ইজৰাইলৰ সৈতে ভাৰতৰ সম্পৰ্ক মধুৰ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইল ভ্ৰমণ কৰি কেইবাখনো দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰিও আহিছে।

ভাৰতে ইজৰাইলৰ সপক্ষে ভোটদান নকৰি কূটনৈতিকভাৱে চতুৰ স্থিতি গ্ৰহণ কৰিলে যদিও ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতৰ চতুৰালি ধৰা পৰিছে আৰু ভাৰতে বিশ্বগুৰু হোৱাৰ সপোনটোক এই প্ৰস্তাৱৰ সপক্ষে আৰু বিপক্ষে থকা দুয়োপক্ষৰ সদস্য ৰাষ্ট্ৰই ভাৰতক সহজভাৱে গ্ৰহণ নকৰিব বুলিয়েই ধাৰণা কৰা হৈছে।