আন্তৰ্জাতিক ন্যায় আদালতৰ ৰায় নামানে ইজৰাইলে; সৰ্বাত্মক যুদ্ধৰ ঘোষণা নেতানিয়াহুৰ

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে গাজাত গণহত্যাৰ বিষয়ত দক্ষিণ আফ্ৰিকাই দাখিল কৰা গোচৰত আন্তৰ্জাতিক ন্যায়ালয়ৰ ৰায়ক গৰিহণা দিছে। তেওঁ কয় যে এই ৰায়দান “আপত্তিজনক”।

আইচিজেডৰ ৰায়ক লৈ নেতানিয়াহুৱে দুটা বিবৃতি আগবঢ়ায়। এটা হিব্ৰু ভাষাত আৰু আনটো ইংৰাজীত। এই বিবৃতিসমূহত তেওঁ আন্তৰ্জাতিক সম্প্ৰদায়ক আবেদন জনাই কয় যে ইজৰাইলে ন্যায়সংগত যুদ্ধ চলাই আছে আৰু তেওঁলোকে গাজা আৰু হামাছৰ অসামৰিক বাসিন্দাসকলক অন্য দৃষ্টিৰে চায়।

অৱশ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিবোৰৰ বিপৰীতে বাস্তৱত সদায় এখন বেলেগ ছবি দেখা যায়। ইজৰাইলৰ বিষয়াসকলে সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱাৰ বিষয়ে যি কোৱা হৈছে বাস্তৱত তাৰ সৈতে বহু পাৰ্থক্য আছে।

লগতে পঢ়কঃ প্ৰাক্তন কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত, আছুৰ প্ৰাক্তন সভাপতি দিপাংক নাথে যোগদান কৰিব বিজেপিত

ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ বক্তব্যৰ শেষত কয় যে ইজৰাইলীসকলে নিজৰ সকলো সামৰিক লক্ষ্যত উপনীত নোহোৱালৈকে (গাজাত) স্থল, বায়ু আৰু সাগৰীয় যুদ্ধ চলি থাকিব।

শুকুৰবাৰে নেদাৰলেণ্ডৰ আন্তৰ্জাতিক ন্যায় আদালতে ইজৰাইলক গাজাত গণহত্যা আৰু গণহত্যাৰ বাবে উচটনি দিয়া কাৰ্য্য ৰোধৰ বাবে সকলো সম্ভৱপৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

কিন্তু ন্যায়াধীশসকলে যুদ্ধবিৰতি বা ইজৰাইলৰ সামৰিক অভিযান বন্ধ কৰাৰ নিৰ্দেশ দিয়া নাছিল। গাজাৰ মানৱীয় সংকটক লৈও আদালতে উদ্বেগ প্ৰকাশ কৰে।

আইচিজেৰ ন্যায়াধীশ পেনেলৰ সভানেত্ৰী জোয়ান ড’নঘুৱে কয় যে অঞ্চলটোত সংঘটিত হোৱা মানৱীয় ট্ৰেজেডীৰ পৰিসৰৰ বিষয়ে আদালত সম্পূৰ্ণৰূপে সচেতন আৰু অব্যাহত থকা প্ৰাণহানি আৰু মানৱীয় দুখ-কষ্টক লৈ গভীৰভাৱে উদ্বিগ্ন।

লগতে পঢ়কঃ অভূতপূৰ্ব! হাইকোৰ্টৰ দুই ন্যায়াধীশৰ সংঘাতত হস্তক্ষেপ ছুপ্ৰিম কোৰ্টৰ; গঠন সাংবিধানিক বিচাৰপীঠ

তেওঁ কয় যে আদালতে ভাবে যে গাজাত ইজৰাইলৰ কিছুমান কাৰ্য্য ৰাষ্ট্ৰসংঘৰ গণহত্যা চুক্তিৰ (জেনোছাইড কনভেনশ্যন) অধীনত পৰে।

দক্ষিণ আফ্ৰিকাই হেগ ভিত্তিক এই  আদালতত গাজাত ইজৰাইলৰ সামৰিক অভিযান শেষ কৰাৰ নিৰ্দেশনাকে ধৰি ৯টা বিষয়ত হস্তক্ষেপ বিচাৰিছিল। ইজৰাইলে গাজাত গণহত্যা সংঘটিত কৰাৰ অভিযোগো উত্থাপন কৰে।

ইজৰাইলে এই অভিযোগ অস্বীকাৰ কৰি গোচৰটো খাৰিজ কৰাৰ বাবে প্ৰস্তাৱ দাখিল কৰে, যিটো আদালতে মানি লোৱা নাছিল। অৰ্থাৎ গাজাত ইজৰাইলে গণহত্যা সংঘটিত কৰিলে নে নাই সেই লৈ আইনী প্ৰক্ৰিয়া চলি থাকিব।

লগতে পঢ়কঃ ৰাজনীতিলৈ দক্ষিণৰ চুপাৰষ্টাৰ থালাপথী বিজয়ঃ শীঘ্ৰেই ঘোষণা কৰিব দল

যুদ্ধবিৰতি বা সামৰিক অভিযান বন্ধ কৰাৰ নিৰ্দেশ নিদিলেও আদালতে ইজৰাইলক গণহত্যাৰ কাৰ্য্য আৰু গণহত্যাৰ বাবে উচটনি দিয়া কাৰ্য্য ৰোধৰ বাবে সকলো সম্ভৱপৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়। সেই অনুসৰি ইজৰাইলে কি ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিষয়ে এমাহৰ ভিতৰত প্ৰতিবেদন দিবলৈ আদালতে নিৰ্দেশ দিয়ে।