ইজৰাইলৰ প্ৰচণ্ড আক্ৰমণ! য়েমেনত তিনিজন অভিযন্তাকে ধৰি ৪ জন, লেবাননত ১০৫ জন নিহত

ফটোঃ সংগ্ৰহীত।

ইজৰাইলে পশ্চিম য়েমেনত হুথি বিদ্ৰোহীক লক্ষ্য কৰি বিমান আক্ৰমণ চলাইছে। দেওবাৰে ইজৰাইলী সেনাই এক বিবৃতিত এই কথা ঘোষণা কৰে। ইৰাণে এই ঘটনাক গৰিহণা দিছে।

ইজৰাইলৰ বিবৃতিত কোৱা হৈছে যে এই আক্ৰমণৰ লক্ষ্য হৈছে ৰাছ ইছা আৰু হোদেইদা সাগৰীয় বন্দৰৰ লগতে বিভিন্ন বিদ্যুৎ প্ৰকল্প। এই আক্ৰমণত যুদ্ধ বিমানৰ উপৰিও কেইবা ডজন বিমানেও অংশগ্ৰহণ কৰে।

ইজৰাইলৰ এই আক্ৰমণত কমেও চাৰিজন লোক নিহত হোৱা বুলি স্বাস্থ্য বিষয়াৰ উদ্ধৃতি দি হুথিৰ সৈতে সংশ্লিষ্ট আল মাছিৰা টিভিয়ে প্ৰকাশ কৰিছে। ইয়াৰে তিনিজন বৈদ্যুতিক অভিযন্তা আৰু এজন বন্দৰ কৰ্মী।

বিমান আক্ৰমণৰ বাবে হোদেইদাৰ বেছিভাগ অঞ্চলতে বিদ্যুৎ বিচ্ছিন্ন হোৱা বুলি বাসিন্দাসকলে জানিবলৈ দিয়ে।

ইয়াৰ পূৰ্বে শনিবাৰে হুথিয়ে টেল আভিভৰ সমীপৰ বেন গুৰিয়ান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এক ক্ষেপণাস্ত্ৰ আক্ৰমণৰ দাবী কৰিছিল।

লগতে পঢ়কঃ মানৱতাক লজ্জিত কৰা ঘটনা! মাতৃক গছত বান্ধি জীৱন্তে জ্বলাই দিলে পুত্ৰই

ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহীয়ে যোৱা নৱেম্বৰৰ পৰা লোহিত সাগৰ, এডেন উপসাগৰ আৰু বাব আল-মাণ্ডেব জলদ্বীপত ইজৰাইল আৰু ইজৰাইলৰ সৈতে জড়িত জাহাজসমূহৰ ওপৰত ড্ৰোন আৰু মিছাইল আক্ৰমণ চলাই আহিছে। গাজাত ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে তেওঁলোকে। যোৱা বছৰৰ অক্টোবৰৰ পৰা গাজাত ইজৰাইলৰ আক্ৰমণত ৪১ হাজাৰতকৈ অধিক লোক নিহত হোৱাৰ লগতে ৯৬ হাজাৰৰো অধিক লোক আহত হৈছে।

দেওবাৰে হুথিৰ শীৰ্ষ ৰাজনৈতিক পৰিষদে কয় যে ইজৰাইলৰ বিমান আক্ৰমণে তেওঁলোকক পেলেষ্টাইনৰ জনসাধাৰণৰ সমৰ্থনৰ পৰা আঁতৰাই নিব নোৱাৰে।

ইফালে, যোৱা ২৪ ঘন্টাত সমগ্ৰ লেবাননত ইজৰাইলৰ বোমা বিস্ফোৰণত ১০৫ জন লোক নিহত হৈছে। দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে এই তথ্য প্ৰদান কৰিছে। এই সময়ছোৱাত ইজৰাইলে প্ৰথমবাৰৰ বাবে ৰাজধানী বেইৰুটত আক্ৰমণ কৰে। তাৰ দক্ষিণৰ কোলা অঞ্চলত আক্ৰমণ চলায়।

লগতে পঢ়কঃ সভাত ভাষণৰ মাজতে অসুস্থ খাৰ্গেই নিজক চম্ভালি লৈ ক’লে, ‘মোডীক ক্ষমতাচ্যুত নকৰালৈকে জীয়াই থাকিম’

লেবাননৰ সীমান্তৰ সমীপত সামৰিক সৰঞ্জামৰ লগতে ইজৰাইলে সৈন্যৰ সংখ্যা বৃদ্ধি কৰিছে। ইয়াৰ ফলত দেশখনত ইজৰাইলৰ সম্ভাৱ্য স্থল অভিযানৰ আশংকা বৃদ্ধি পাইছে।