ইজৰাইলে কি বিচাৰে? বাইডেনৰ স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰৰ প্ৰস্তাৱ নাকচ কৰিলে নেতানিয়াহুৱে

জো বাইডেন আৰু বেঞ্জামিন নেতানিয়াহু। ফাইল ফটোঃ সংগ্ৰহীত।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰৰ প্ৰস্তাৱ প্ৰত্যক্ষভাৱে নাকচ কৰে। শনিবাৰে নেতানিয়াহুৰ কাৰ্যালয়ে এই কথা প্ৰকাশ কৰে।

শুকুৰবাৰে প্ৰায় এমাহৰ পিছত প্ৰথমবাৰৰ বাবে ফোনযোগে কথা পাতিছিল বাইডেন আৰু নেতানিয়াহুৱে। পিছত বাইডেনে সাংবাদিকৰ আগত কয় যে তেওঁৰ মতে বেঞ্জামিন নেতানিয়াহুৱে এখন স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত কিছু চৰ্তত সন্মতি দিব পাৰে।

লগতে পঢ়কঃ U19 World Cup: যুৱ বিশ্বকাপৰ আৰম্ভণিতে বৃহৎ জয় ভাৰতৰ; ৮৪ ৰানত পৰাস্ত কৰিলে বাংলাদেশক

বাইডেনে কয় যে “নেতানিয়াহুৱে দুই ৰাষ্ট্ৰৰ সমাধানৰ সম্পূৰ্ণ বিৰোধী নহয়। এতিয়াও বহু সম্ভাৱনা আছে। ৰাষ্ট্ৰসংঘৰ কেইবাখনো সদস্য ৰাষ্ট্ৰৰ কোনো সামৰিক বাহিনী নাই।”

এই সময়তে সাংবাদিকসকলে তেওঁৰ পৰা জানিব বিচাৰে যে যদি ইজৰাইলত নেতানিয়াহু ক্ষমতাত থাকে তেন্তে দুই ৰাষ্ট্ৰভিত্তিক সমাধান অসম্ভৱ হ’ব নেকি? উত্তৰত বাইডেনে কয়, “নাই, তেনেকুৱা নহয়।”

বাইডেনে কয় যে নেতানিয়াহুৱে দুই ৰাষ্ট্ৰৰ সমাধানৰ সম্পূৰ্ণ বিৰোধিতা কৰা নাই।  তেওঁ ক্ষমতাত থাকোতেই এতিয়াও স্বাধীন পেলেষ্টাইন প্ৰতিষ্ঠা সম্ভৱ।” অৱশ্যে বাইডেনৰ এই দাবী নাকচ কৰিলে নেতানিয়াহুৱে।

লগতে পঢ়কঃ ৰাম মন্দিৰ উদ্বোধনৰ দিনা বন্ধ থাকিব AIIMS-ও; কি হ’ব ৰোগীসকলৰ?

শনিবাৰে তেওঁৰ কাৰ্যালয়ে এক বিবৃতিত কয় যে “ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে তেওঁৰ নীতি পুনৰবাৰ উল্লেখ কৰে যে হামাছ ধ্বংস হোৱাৰ পিছত ইজৰাইলে গাজাৰ ওপৰত নিৰাপত্তা নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব, যাতে গাজাই ইজৰাইলৰ বাবে আৰু কেতিয়াও ভাবুকিৰ সৃষ্টি নকৰে। এইটো এটা প্ৰয়োজনীয়তা, যিটো পেলেষ্টাইনৰ সাৰ্বভৌমত্বৰ দাবীৰ বিৰোধী।”