NORTHEAST NOW (Assamese)

চন্দ্ৰত ইছৰোই বিচাৰি পাইছে বিক্ৰম লেণ্ডাৰৰ স্থিতি; সংযোগ স্থাপনৰ প্ৰচেষ্টা অব্যাহত

September 8, 2019 2:34 pm · এন ই নাও নিউজ
Updated: September 8, 2019 4:08 pm

চন্দ্ৰত বিক্ৰম লেণ্ডাৰৰ স্থিতি বিচাৰি পাইছে ইছৰোই। অ’ৰ্বিটাৰে থাৰ্মেল ইমেজ কেমেৰাৰে ইয়াৰ ছবি তুলিবলৈ সক্ষম হৈছে।

অৱশ্যে, ইয়াৰ লগত এতিয়া কোনো সম্পৰ্ক স্থাপন কৰিব পৰা হোৱা নাই। খৱৰ পোৱা গৈছে যে বিক্ৰম লেণ্ডাৰ অৱতৰণ কৰিবলগীয়া নিৰ্দ্ধাৰিত স্থানৰ পৰা ৫০০ মিটাৰ দূৰত গৈ পৰিছে।

চন্দ্ৰযান-২ৰ অ’ৰ্বিটাৰত লাগি থকা অপ্টিকেল হাই ৰিজ্যুলিউশ্যন কেমেৰাই বিক্ৰম লেণ্ডাৰৰ ছবি লৈছে।

এতিয়া ইছৰোৰ বিজ্ঞানীসকলে অৰ্বিটাৰৰ জৰিয়তে বিক্ৰম লেণ্ডাৰক বাৰ্তা পঠিওৱাৰ চেষ্টা চলাই আছে যাতে ইয়াৰ কমিউনিকেশ্যন চিষ্টেম অন কৰিব পৰা যায়।

ইছৰোৰ বিশ্বস্ত সূত্ৰই সংবাদ প্ৰতিষ্ঠানক জানিব দিয়া মতে বাংলালোৰস্থিত ইছৰো কেন্দ্ৰৰ পৰা নিৰৱিচ্ছিন্নভাৱে বিক্ৰম লেণ্ডাৰৰ আৰু অৰ্বিটাৰক বাৰ্তা প্ৰেৰণ কৰি থকা হৈছে যাতে যোগাযোগ আৰম্ভ কৰিব পৰা যায়।

ভৱিষ্যতে বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰৱাৰে কিমান কাম কৰিব ইয়াক তথ্য বিশ্লেষণৰ পাছতহে ক’ব পৰা যাব।

ইছৰোৰ বিজ্ঞানীসকলে বৰ্তমান চন্দ্ৰপৃষ্ঠৰ ২.১ কিলোমিটাৰ উচ্চতাত বিক্ৰম নিজৰ লক্ষ্যৰ পৰা কিয় ভ্ৰষ্ট হ’ল তাৰ সন্ধান বিচৰাত ব্যস্ত হৈ আছে।

Related News