মাজনিশাৰ কঠিন পৰীক্ষা! সুকলমে উত্তীৰ্ণ হৈ পুনৰ নিজৰ লক্ষ্যত আগবাঢ়িল ইছৰোৰ আদিত্য-এল১

ফটো সৌজন্য: ইছৰো।

পুনৰ কঠিন পৰীক্ষাত উত্তীৰ্ণ হ’ল ইছৰোৰ আদিত্য এল ১। চতুৰ্থ পৰীক্ষাৰ অন্তত সুকলমে উত্তীৰ্ণ হৈ নিজৰ লক্ষ্যপথত আগবাঢ়িল ইছৰোৰ সৌৰ যান।

ইছৰোৰ তথ্য অনুসৰি, মাজনিশা চতুৰ্থ কক্ষপথ পৰিৱৰ্তন সফলতাৰে সম্পূৰ্ণ হয়। এই অভিযানৰ সময়ত মৰিচাছ, বেংগালুৰুৰ SDSC-SHAR আৰু প’ৰ্ট ব্লেয়াৰৰ ইছৰোৰ গ্ৰাউণ্ড ষ্টেচনসমূহে ছেটেলাইটোক অনুসৰণ কৰিছিল।

আনহাতে, ফিজি দ্বীপপুঞ্জৰ এটা পৰিবহণযোগ্য টাৰ্মিনেলে আদিত্য-এল১ মিছনৰ পষ্ট-বাৰ্ন কাৰ্য্যকলাপত সহায় আগবঢ়াইছে।

লগতে পঢ়ক: দেশৰ ১৪ গৰাকী বাতৰি উপস্থাপকক বৰ্জনৰ সিদ্ধান্ত ইণ্ডিয়া মিত্ৰজোঁটৰ; তালিকাত কোন কোন?

লাভ কৰা নতুন কক্ষপথ হ’ল ২৫৬ কিলোমিটাৰ X ১২৯৭৩ কিলোমিটাৰ। অৰ্থাৎ যেতিয়া আদিত্য বৰ্তমানৰ কক্ষপথত পৃথিৱীৰ আটাইতকৈ ওচৰত থাকে তেতিয়া ই ২৫৬ কিলোমিটাৰ দূৰত্বত থাকে আৰু এই উপগ্ৰহটো যেতিয়া পৃথিৱীৰ পৰা আটাইতকৈ দূৰত থাকে তেতিয়া ইয়াৰ দূৰত্ব ১২ হাজাৰ ৯৭৩ কিলোমিটাৰ।

পৰৱৰ্তী কৌশল ট্ৰেন্স লেগ্ৰেছিয়ান পইণ্ট ১ ইনছাৰচন (TL1I) ২০২৩ চনৰ ১৯ ​​ছেপ্টেম্বৰত সম্পূৰ্ণ হ’ব। সেইদিনা পুৱা ২ বজাত এই কৌশল সম্পূৰ্ণ হ’ব। আদিত্য-এল১য়ে সেই দিনাই নিখুঁতভাৱে পৃথিৱীৰ মায়া কাটি কৰি আগবাঢ়িব।

ইয়াৰ পূৰ্বে শনিবাৰে নিশা ইছৰোৰ সৌৰ বাহন আদিত্য এল ১ পৃথিৱীৰ কক্ষপথত তৃতীয়টো পৰীক্ষাত বহিছিল। ইয়াৰ পূৰ্বে ইছৰোৰ মহাকাশযানখনে শনিবাৰৰ দৰে সহজে দুয়োটা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। শনিবাৰে নিশা যেতিয়া সমগ্ৰ দেশ শুই আছিল, তেতিয়া এই ইছৰো ছেটেলাইটটোৱে পুনৰবাৰ কক্ষপথ সলনি কৰিলে। তাৰ পাছতেই ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আদিত্যৰ ৰিপৰ্ট কাৰ্ড জমা দিয়ে।

লগতে পঢ়ক: Asia Cup: শ্ৰীলংকাৰ হাততো পৰাস্ত পাকিস্তান; এছিয়া কাপৰ ফাইনেলত ভাৰত-শ্ৰীলংকাৰ মহাৰণ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ তথ্য অনুসৰি সৌৰ যানখনৰ অৱস্থা এতিয়া স্বাভাৱিক। সকলো অংশ ঠিকেই আছে। প্ৰতিটো অংশই সঠিকভাৱে কাম কৰি আছে।

উল্লেখ্য যে এই সৌৰ যানখন পৃথিৱীৰ পৰা ক্ৰমে ক্ৰমে আঁতৰি গৈ আছে। ৫ ছেপ্টেম্বৰত দ্বিতীয়বাৰৰ বাবে কক্ষপথ সলনি কৰিছে ইছৰোৰ আদিত্যই। ইয়াৰ পূৰ্বে ৩ ছেপ্টেম্বৰ দেওবাৰে পুৱা ১১:৩০ বজাৰ ওচৰত প্ৰথমবাৰৰ বাবে কক্ষপথ সলনি কৰিছিল। আৰু শনিবাৰে গভীৰ নিশা ২:৩০ বজাত তৃতীয়বাৰৰ বাবে কক্ষপথ সলনি কৰিলে। চতুৰ্থটো কক্ষপথ পৰিবৰ্তন প্ৰক্ৰিয়া ১৫ ছেপ্টেম্বৰৰ পুৱতি নিশা বা ১৪ ছেপ্টেম্বৰৰ মাজনিশা সম্পূৰ্ণ হৈছিল।

ছান-আৰ্থ চিষ্টেমৰ হেলো অৰবিটৰ ১ নং লেগ্ৰেঞ্জ পইণ্টত উপনীত হ’বলৈ আদিত্যক মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল বুলি ইছৰোৱে জানিবলৈ দিয়ে। পৃথিৱীৰ পৰা এই ঠাইখনৰ দূৰত্ব ১৫ লাখ কিলোমিটাৰ। ইয়াৰ পৰা সূৰ্য্যৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰা সম্ভৱ বুলি বিজ্ঞানীসকলে কৈছে। এই লেগ্ৰেঞ্জ পইণ্ট ১ পোৱাৰ পিছত আদিত্যই সূৰ্যগ্ৰহণ নোহোৱাকৈ নিৰীক্ষণ কৰিব পাৰিব। আদিত্য-এল১ গন্তব্য স্থানত উপনীত হ’বলৈ প্ৰায় ৪ মাহ সময় লাগিব।