ISRO’s heaviest rocket: ভাৰতে ৰচিলে নতুন ইতিহাস! মহাকাশলৈ উৎক্ষেপণ ইছৰোৰ আটাইতকৈ গধূৰ ৰকেট

ISRO’s heaviest rocket successfully places দেৱালীৰ পূৰ্বেই ভাৰতৰ আকাশত দেখা গ’ল পোহৰৰ বিচ্ছুৰণ। মহাকাশ গৱেষণাত ভাৰতৰ শিৰত যোগ হ’ল আন এটা কিৰিটি। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ৩৬ টা উপগ্ৰহৰ সৈতে ইছৰোৰ ৰকেট মহাকাশলৈ উৰা মাৰিলে। ইয়াৰ আগতে কেতিয়াও ইছৰোৱে ইমান গধুৰ উপগ্ৰহ উৎক্ষেপণ কৰা নাছিল।

ভাৰতে ৫,৭৯৬ কিলোগ্ৰামৰ পে-লোড সফল উৎক্ষেপৰে মহাকাশ গৱেষণাত এক নতুন ইতিহাস সৃষ্টি কৰিলে। ইছৰোৰ মতে LVM3-M2/OneWeb India-1উপগ্ৰহৰ উৎক্ষেপণ সফল হৈছে। পৃথিৱীৰ নিম্ন কক্ষপথত প্ৰতিস্থাপনৰ কামো সম্পূৰ্ণ হৈছে।

লগতে পঢ়ক: আৰু ক্ষমতাশালী হ’ল জিনপিং; কমিউনিষ্ট পাৰ্টিৰ নতুন সংবিধানত অস্বীকাৰ টাইৱানৰ স্বাধীনতা

শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা জিঅ’চিংক্ৰোনাছ লঞ্চ ভেহিকেল (GSLV Mk-III)ৰ নতুন সংস্কৰণ মাৰ্ক-৩ উৎক্ষেপণ কৰা হয়। ৰকেটটো দেওবাৰে নিশা ১২:০৭ বজাত উৎক্ষেপণ কৰা হৈছে। যদিও জিএছএলভি এলভিএম ৩-ৰ পেলোড ক্ষমতা ১০টন, ৰকেটটো ৬ টনৰ সৈতে উৎক্ষেপণ কৰা হৈছে। এলভিএম-৩-ৰ এইটো প্ৰথম বাণিজ্যিক উৎক্ষেপণ। এই অভিযানটো ৱানৱেব আৰু নিউ স্পেচ ইণ্ডিয়া লিমিটেড (NSIL)ৰ মাজত হোৱা চুক্তিৰ অধীনত আৰম্ভ কৰা হৈছে।

LVM3-M2 নামৰ ৰকেটটোৰ দৈৰ্ঘ্য হৈছে ৪৩.৫ মিটাৰ। ইয়াৰ ওজন ৬৪৪ টন, যিটো দেশৰ আটাইতকৈ গধুৰ ৰকেট। এই ৰকেটটোৱে চাৰি টন ওজনৰ উপগ্ৰহ এটা জিঅ’চিংকৰোনাছ ট্ৰেন্সফাৰ অৰ্বিট (GTO)ত স্থাপন কৰিবলৈ সক্ষম। এই ৰকেটটোৰ নিম্ন পৃথিৱীৰ কক্ষপথলৈ (LEO) আঠ টন পে-লোড কঢ়িয়াই নিয়াৰ ক্ষমতা আছে। তিনি-পৰ্যায়ৰ লঞ্চিং চিষ্টেমত দুটা ছলিড প্ৰ’পেলাৰ (S200) ষ্ট্ৰেপ-অন আছে।

ভাৰতৰ মহাকাশ সংস্থা ইছৰোৱে অতীতত কেইবাবাৰো মহাকাশ অভিযানত জড়িত হৈছে। উপগ্ৰহও উৎক্ষেপণ কৰিছে। ভাৰতে এতিয়ালৈকে পাতল উপগ্ৰহ উৎক্ষেপণ কৰিছে। কিন্তু এইবাৰ আটাইতকৈ গধুৰ ৰকেটত উপগ্ৰহ প্ৰেৰণ কৰি ই আত্মনিৰ্ভৰ ভাৰতৰ পথত আৰু এখোজ আগবাঢ়িল। এইটো LVM3ৰ প্ৰথম অভিযান আছিল।