কৃষ্ণাইত বিশাল ইস্তেমাৰ আয়োজন : প্ৰায় পাঁচ লাখ ভক্তৰ সমাগমৰ সম্ভাৱনা

IMG_20190109_112410

কৃষ্ণাইত বিশাল ইস্তেমাৰ প্ৰস্তুতি। ফটো: নৰ্থইষ্ট নাও

গোৱালপাৰা জিলাৰ কৃষ্ণাইত আয়োজন কৰা হৈছে বিশাল ইস্তেমাৰ ৷ আগন্তুক ১৮, ১৯ আৰু ২০ জানুৱাৰী তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ইছলাম ধৰ্মাবলম্বীলোক সকলৰ এই ইস্তেমা ৷

গোৱালপাৰা জিলা ভিত্তিক এই ধৰ্মীয় সভাখনৰ বাবে ইতিমধ্যে কৃষ্ণাই চহৰৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ আঁতৰত অৱস্থিত খৰ্দমাণিকপুৰ (হাব্ৰাঘাট)ৰ বিশাল খেতিপথাৰত নিৰ্মাণ কৰি তোলা হৈছে কেবাটিও অস্থায়ী সভাগৃহ ৷

তদুপৰি, প্ৰায় এক লাখ লোক একেলগে বহি ধৰ্মসভা শুনাৰ বাবে স্থানো সাজু কৰা হৈছে ৷ ইয়াৰ লগতে তৈয়াৰ কৰা হৈছে এখন সুবিশাল মঞ্চ ৷ প্ৰায় পাঁচ লাখ ভক্ত প্ৰাণ মুছলমান লোকে অংশ গ্ৰহণ কৰিব বুলি আশা কৰা ইস্তেমাস্থলীত ইতিমধ্যে বহুওৱা হৈছে ৬০ টা দমকল,তৈয়াৰ কৰা হৈছে ৩৫০ ৰো অধিক অধিক অস্থায়ী পায়খানা ৷

উপস্থিত ভক্তসকলৰ বাবে ৰান্ধনিশাল, নমাজগৃহ, উজুখানা, অতিথিশালা, চিকিৎসা কক্ষ, অনুসন্ধান কক্ষ পৰ্যন্ত সাজি উলিওৱা হৈছে ৷ লক্ষীপুৰ, গোৱালপাৰা, কৃষ্ণাই তথা দক্ষিণ শালমাৰা এই চাৰিটা মণ্ডলত ভাগ কৰি প্ৰতিদিনে হেজাৰ হেজাৰ লোকে বিনামূলীয়া শ্ৰমদান কৰি ইস্তেমাৰ যাৱতীয় কাম কাজ প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷

ইপিনে, ইস্তেমা স্থলীত হিন্দু ধৰ্মী লোক সকলেও শ্ৰম দান কৰিছে ৷ ভ্ৰাতৃত্ববোধৰ বাণীৰে আয়োজিত এই ইস্তেমাৰ বাবে এতিয়া গভীৰ আশাৰে অপেক্ষা কৰিছে সমগ্ৰ কৃষ্ণাইবাসী ৰাইজে ৷