লাভ আৰু বৰ্তমান পৰিস্থিতিলৈ লক্ষ্য কৰি আজিকালি বহুতো লোক চাকৰিতকৈ ব্যৱসায় কৰিবলৈ বেছি আগ্ৰহী। সময়ৰ লগত খাপ খুৱাই আৰু চাহিদাৰ ওপৰত নিৰ্ভৰ কৰি এতিয়া কেইটামান নিৰ্বাচিত ব্যৱসায় বাছি লৈ বিপুল ধন উপাৰ্জন সুযোগ আহি পৰিছে। যদি আপুনিও নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ।
আজি আমি আপোনালোকক এনে এটা নতুন ব্যৱসায়িক পদ্ধতিৰ বিষয়ে ক’ম, য’ৰ পৰা সহজেই দৈনিক ৫,০০০ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব। ইয়াৰ উপৰিও কেঁচামালৰ বাবেও এই ব্যৱসায়ত চিন্তা কৰিবলগীয়া কাৰণ নাই। লগতে বজাৰতো এই ব্যৱসায়ৰ চাহিদা অতি বেছি।
আজি আপোনালোকক ক’বলৈ বিচৰা ব্যৱসায়টো হৈছে কলৰ চিপছৰ ব্যৱসায়। উল্লেখ্য যে কলৰ চিপছ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। বহুতে উপবাসৰ সময়তো ইয়াক বিকল্প খাদ্য হিচাপে গ্ৰহণ কৰে। আলুৰ চিপছৰ দৰে ইয়াৰ চাহিদাও বেছি। কিন্তু, মাত্ৰ কেইটামান ডাঙৰ কোম্পানীয়েহে ইয়াৰ ব্যৱসায় কৰে। এই ক্ষেত্ৰত এই ব্যৱসায়টো নবীনসকলৰ বাবে অতি লাভজনক হ’ব পাৰে। কলৰ চিপছ প্ৰস্তুত কৰাত বিভিন্ন ধৰণৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰা হয় আৰু কেঁচামাল প্ৰধানকৈ কেঁচা কল, নিমখ, খোৱা তেল আৰু কেইবিধমান মছলা ব্যৱহাৰ কৰা হয়।
কি কি যন্ত্ৰ প্ৰয়োজন হ’ব এই ব্যৱসায়ত?
কলৰ চিপছ বনাবলৈ প্ৰথমে কল ধুবলৈ টেংকিৰ প্ৰয়োজন হয়। লগতে কলৰ বাকলি গুচোৱা যন্ত্ৰ আৰু স্লাইচিং মেচিনৰ প্ৰয়োজন হ’ব। টুকুৰা সমূহ ভাজিবলৈ এটা মেচিন আৰু মছলা মিহলোৱা মেচিন এটাও দৰকাৰ হ’ব। পাউচ প্ৰিন্টিং মেচিন আদিও প্ৰয়োজন হ’ব এই ব্যৱসায়ত।
এই মেচিনসমূহ আপুনি সহজেই অনলাইনত লাভ কৰিব পাৰিব। যন্ত্ৰসমূহ ইণ্ডিয়া মাৰ্ট, আলিবাবা আদি ই-কমাৰ্চ ৱেবছাইটৰ উপৰি অফলাইনতো কিনিব পাৰিব। এইবোৰ কিনিবলৈ মুঠ খৰচ হ’ব প্ৰায় ৩০ৰ পৰা ৫০ হাজাৰ টকা। লগতে এই যন্ত্ৰবোৰ সংস্থাপন কৰিবলৈ দৰকাৰ হ’ব মাত্ৰ ৪০০০ৰ পৰা ৬০০০ বৰ্গফুটৰ কোঠাৰ।
এই ব্যৱসায়ত কিমান মূলধন খৰচ হ’ব?
ধৰি লওক আপুনি ১০০ কিলোগ্ৰাম চিপছ বনাব বিচাৰে। ইয়াৰ বাবে প্ৰায় ২৪০ কেজি কেঁচা কলৰ প্ৰয়োজন হ’ব। যাৰ আনুমানিক মূল্য হ’ব ২০০০-৩০০০ টকা। লগতে সেইবোৰ ভাজিবলৈ ২৫ৰ পৰা ৩০ লিটাৰ তেলৰ প্ৰয়োজন হয়। ইফালে চিপচ ফ্ৰাইয়াৰ মেচিনত প্ৰতি ঘণ্টাত প্ৰায় ১০ লিটাৰ ডিজেল খৰচ হ’ব। এনে ক্ষেত্ৰত ১০০ কিলোগ্ৰাম চিপছ তৈয়াৰ কৰিবলৈ ২০ৰ পৰা ২২ লিটাৰ ডিজেলৰ প্ৰয়োজন হ’ব। লগতে নিমখ আৰু মছলাৰ খৰচ হ’ব প্ৰায় ৫০০ টকা।
কিমান লাভ হ’ব এই ব্যৱসায়ত?
পৰিসংখ্যা অনুসৰি ৫০ কেজি চিপছৰ পৰা লাভ হ’ব প্ৰায় ৫,০০০ টকা। যদি ১০০ কিলোগ্ৰাম চিপছ বিক্ৰী কৰা হয় তেন্তে দৈনিক লাভ প্ৰায় ১০ হাজাৰ টকা হ’ব। অৰ্থাৎ প্ৰতিমাহে ডেৰ লাখ টকাৰ পৰা ৩ লাখ টকা সহজে উপাৰ্জন কৰিব পৰা যাব।