NORTHEAST NOW (Assamese)

কোকৰাঝাৰত নিৰ্বাচন খেলক, শোচনীয়ভাৱে পৰাস্ত হ’ব দুৰ্গা দাস বড়ো : শৰণীয়া

October 9, 2018 11:50 am · এন ই নাও নিউজ
Updated: October 9, 2018 11:51 am
সাংসদ নৱ কুমাৰ শৰণীয়াৰ ফাইল ফটো

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ সলনি হ’বলৈ ধৰিছে ৰাজ্যৰ ৰাজনীতি। বিজেপিক পৰাভূত কৰিবলৈ বিৰোধী দল সমূহ উঠি পৰি লগাৰ সময়তে দেখা গৈছে কিছু ব্যতিক্ৰমী ৰূপত কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াক।

বি পি এফৰ মূল ঘাটি হিচাপে পৰিচিত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ শৰণীয়াই বি পি এফৰ পৰিৱৰ্তে নিৰ্বাচনৰ পূৰ্বে আক্ৰমণৰ মূল লক্ষ্য কৰি লৈছে কংগ্ৰেছ দলক।

কোকৰাঝাৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ নিৰ্বাচনী কুচকাৱাজ চলাই থকা দুৰ্গা দাস বড়োক সাংসদ শৰণীয়াই পুনৰ কটাক্ষ কৰি কয় যে যদিহে লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা বড়োৱে প্ৰতিদ্বণ্ডিতা আগবঢ়াই তেনেহ’লে তেওঁ লজ্জাজনকভাৱে পৰাস্ত হ’ব।

সোমবাৰে বাক্সা জিলাৰ কদমতলত এক ধৰ্মীয় অনুষ্ঠানত অংশ লৈ সাংসদগৰাকীয়ে আৰু কয় যে জয়ী হ’বলৈ দুৰ্গা দাস বড়োৱে নিৰ্বাচন নেখেলে, তেওঁ একমাত্ৰ নিৰ্বাচনী পেকেজ লাভৰ বাবেহে নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা কৰিবলৈ আগবাঢ়ি আহিছে।

ইয়াৰ উপৰি সাংসদ শৰণীয়াই অতি তাৎপৰ্যমূলক মন্তব্য কৰি সাংবাদিকৰ আগত কয় যে যদিহে বিজেপি-কংগ্ৰেছ দলে অবড়ো ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত বড়োলেণ্ড ৰাজ্যৰ বিৰোধিতা কৰে বা বিটিচি চুক্তি নস্যাৎ কৰে তেতিয়া কোনো পধ্যে নিৰ্বাচনত প্ৰতিদ্বণ্ডিতা নকৰো।

Related News