Euro Cup 2024: জয়েৰে ইউৰো অভিযান আৰম্ভ ইটালীৰ; ২-১ গ’লত পৰাস্ত কৰিলে আলবেনিয়াক

জাৰ্মানীৰ ডৰ্টমুণ্ড ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত ইউৰো কাপ ২০২৪ৰ গ্ৰুপ পৰ্যায়ৰ খেলত মুখামুখি হৈছিল ইটালী বনাম আলবেনিয়া। এই খেলখনত ইটালীয়ে ২-১ গ’লত জয়লাভ কৰে।

দেওবাৰে খেলৰ আৰম্ভণিতে এটা চমক দেখা গৈছিল। খেল আৰম্ভ হোৱাৰ ১ মিনিটৰ ভিতৰত গ’ল। আলবেনিয়াৰ হৈ আৰম্ভণিতে গ’লটো দিয়ে নেডিম বাজৰামিয়ে। কিন্তু যেতিয়া বিপক্ষৰ নাম ইটালী, প্ৰত্যাক্ৰমনতো হ’বই।

ডি লৰেঞ্জোৰ পৰা পেলেগ্ৰিনিলৈকে ইটালীয়ে লাহে লাহে আক্ৰমণৰ গতি বৃদ্ধি কৰিবলৈ আৰম্ভ কৰে। নিজস্ব পৰিচয় দাঙি ধৰি ওলাই আহে। কিন্তু আলবেনিয়াও এৰি দিয়া ভকত নাছিল। কৰ্ণাৰ আদায় কৰি ব্যৱধান বৃদ্ধিৰ চেষ্টা কৰে, যদিও সফল নহ’ল।

লগতে পঢ়কঃT-20 World Cup: বৰষুণৰ বাবে বাতিল ভাৰত-কানাডাৰ মেচ; অপৰাজিত থাকিয়েই ছুপাৰ এইটলৈ ৰোহিত বাহিনী

অৱশ্যে খেলখনৰ ১১ মিনিটত ইটালীৰ দলটোৱে সমতা স্থাপন কৰিবলৈ সক্ষম হয়। এলেছান্দ্ৰ’ বাষ্টোনিৰ গ’লেৰে স্ক’ৰ ১-১ হয়। কিন্তু ইয়াতেই শেষ নহ’ল। খেলৰ ১৬ মিনিটত আন এটা গ’ল দিয়ে। এইবাৰ নিকোলো বাৰেলা। আলবেনিয়ান ডিফেণ্ডাৰসকলে বলটো সঠিকভাৱে ক্লিয়াৰ কৰাত ব্যৰ্থ হোৱাত তাৰপৰাই পোৱা  বলৰ পৰা বাৰেলাই গ’ল দিয়ে। ইয়াৰ লগে লগে ইটালীয়ে মেচখনত ২-১ গ’লত অগ্ৰগতি লাভ কৰে।

এই মেচত জৰ্জিনহোকো প্ৰশংসা কৰিব লাগিব। এই খেলখনত তেওঁ বহুত কামৰ বোজা লৈছে। আটাইতকৈ ডাঙৰ কথাটো হ’ল মেচখন আগবাঢ়ি যোৱাৰ লগে লগে ইটালীয়ে বলৰ পজিচন লৈ খেলিবলৈ চেষ্টা কৰিছিল। এইদৰেই তেওঁলোকে মেচখনৰ দখল নিজৰ হাতলৈ আনে। প্ৰথমাৰ্ধৰ অন্ত পৰে ২-১ গ’লত।

দ্বিতীয়াৰ্ধত ইটালীয়ে আধিপত্য বজাই ৰাখিবলৈ চেষ্টা কৰে। নিৰন্তৰ আক্ৰমণ চলাই আলবেনিয়াৰ প্ৰতিৰক্ষাৰ ওপৰত হেঁচা বৃদ্ধি কৰি থাকিল। এই ক্ষেত্ৰত ডেভিড ফ্ৰেটেছিৰ কথা ক’বই লাগিব। ইটালীৰ আক্ৰমণৰ আঁৰত তেওঁৰ ভূমিকা অনস্বীকাৰ্য আছিল।

লগতে পঢ়কঃ মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় তথা সচিবালয়ৰ সমীপৰ পৰিত্যক্ত গৃহত ভয়ংকৰ অগ্নিকাণ্ড

যদিও আলবেনিয়াই শেষ মুহূৰ্তত কেইবাবাৰো চেষ্টা কৰিছিল, তথাপিও কোনো গ’ল নাহিল। শেষত ইটালীয়ে ২-১ গ’লত জয়লাভ কৰি ইউৰো কাপৰ অভিযান আৰম্ভ কৰিলে।