ইটালীত বানৰ সংহাৰ: বানত আক্ৰান্ত দহ সহস্ৰাধিক লোক, তেৰ গৰাকীৰ মৃতদেহ উদ্ধাৰ

Italy flood

ভয়াৱহ বানৰ কবলত পৰিছে ইটালী। ইউৰোপীয়ান দেশখনৰ উত্তৰ এমিলিয়া-ৰোমাগনা অঞ্চলত বানে বিধ্বংসী ৰূপ ধাৰণ কৰাৰ ফলত বান আক্ৰান্ত হৈছে দহ সহস্ৰাধিক লোক। লগতে ১৩ গৰাকী লোকৰ মৃত্যু নিশ্চিত কৰিছে প্ৰশাসনে।

আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বিগত কিছুদিন ধৰি হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ৰোমাগনাত তিনি শতাধিক স্থানত ভূমিস্খলন হোৱাৰ লগতে ২৩ খন নদীৰ পানী ওফন্দি উঠে আৰু প্ৰদেশখনৰ বিস্তৰ ক্ষতিসাধন হয়।

ইফালে বানত প্লাবিত হৈছে ৰোমাগনা বিস্তীৰ্ণ কৃষিখণ্ড। কলডিৰেট্টি কৃষি সংস্থাৰ এক প্ৰতিবেদন অনুসৰি এই অঞ্চলত ৫ হাজাৰৰো অধিক পাম পানীৰ তলত সোমাই পৰিছে।

প্ৰশাসনে এই প্ৰলয়ংকাৰী বানৰ ফলত প্ৰায় ১ বিলিয়ন ইউৰোৰ ক্ষতিসাধন হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে এই সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি প্ৰশাসনিক কৰ্তৃপক্ষই আশংকা প্ৰকাশ কৰে।

ইফালে বানপীড়িত অঞ্চলসমূহত বিদ্যুৎ সেৱা ব্যাহত হোৱা বুলি প্ৰশাসনে জানিবলৈ দিয়ে। স্থানীয় প্ৰশাসনৰ বিবৃতি অনুসৰি কিছু অঞ্চলত বিদ্যুৎ আংশিকভাৱে পুনৰ ঘূৰাই আনিবলৈ সক্ষম হৈছে যদিও প্ৰায় ২৭ হাজাৰ লোক এতিয়াও বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈ আছে।

উল্লেখ্য যে, বৃহস্পতিবাৰে কৰ্তৃপক্ষই ৰেভেনাৰ বানপানীৰ দ্বাৰা পীড়িত হোৱাৰ আশংকা কৰা গাঁওসমূহ তাৎক্ষণিকভাৱে খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছিল।

আনহাতে বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ বাসিন্দাসকলক উদ্ধাৰ নোহোৱালৈকে ওপৰৰ মহলাত আশ্ৰয় ল’বলৈ কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে।