অৰুণাচলত নিখোজ ITBPৰ জোৱান; তিনিদিনৰ পৰা চলি আছে উদ্ধাৰ অভিযান

প্ৰতিনিধিত্বমূলক চিত্ৰ

অৰুণাচলত নিয়োজিত হৈ থকা আই টি বি পিৰ এজন জোৱান কৰ্তব্যৰত অৱস্থাৰ পৰাই নিখোজ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

যোৱা তিনিদিন ধৰি জোৱানজনৰ সন্ধানত অভিযান অব্যাহত আছে। অৱশ্যে জোৱানজনৰ সামগ্ৰী উদ্ধাৰ হৈছে, কিন্তু তেওঁৰ কোনো শুংসূত্ৰ লাভ কৰা নাই।

জোৱানজন নিখোজ হৈ থকা ঘটনাই পৰিয়ালৰ লোককো দুঃচিন্তাত পেলাইছে।

উল্লেখ্য যে ৰোহতক নিবাসী আই টি বি পিৰ জোৱান মুকেশ কুমাৰ অৰুণাচল প্ৰদেশৰ বদৰ অঞ্চলত নিযোজিত হৈ আছিল।

জানিব পৰা মতে, সেনা আৰু আই টি বি পিয়ে যুটীয়াভাৱে বদৰ অঞ্চলত পেট্ৰ’লিং কৰি আছিল। সেই সময়তে এখন কাঠৰ দলং পাৰ হ’বলৈ লওতে মুকেশ কুমাৰৰ ভৰি পিচলি দ খাৱৈত পৰে।

পেট্ৰ’লিং দলে লগে লগে তেওঁক উদ্ধাৰৰ বাবে অভিযান চলাই যদিও তেওঁক উদ্ধাৰ কৰিব নোৱাৰিলে।

ইয়াৰ পিছতে জোৱানজন নিখোজ হোৱা বুলি হেড কোৱাৰ্টাৰত খবৰ দিয়ে আৰু তাৰ পৰা এটা উদ্ধাৰকাৰী দল ৰাওনা হয়।

যোৱা তিনিদিন ধৰি উদ্ধাৰকাৰী দলটোৱে হেলিকপ্টাৰেৰে জোৱানজনৰ সন্ধানত অভিযান চলাই থকাৰ পিছতো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখ্য যে শনিবাৰে মুকেশ কুমাৰৰ ঘৰলৈ তিনিজন সৈনিকক পঠিয়াই জোৱানজন নিখোজ হৈ থকাৰ খবৰ দিয়াৰ লগতে অনুসন্ধানত লাভ কৰা সামগ্ৰী সমূহ গতাই দিয়ে।

উল্লেখ্য যে পিতৃয়ে কয় যে মুকেশ ২০১১ চনত আই টি বি পিত যোগদান কৰিছিল। ২০১৯ৰ ৩১ ডিচেম্বৰত দিল্লীৰ পৰা অৰুণাচল প্ৰদশলৈ বদলি হৈছিল মুকেশৰ।

প্ৰায় চাৰে চাৰি বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা মুকেশক সোশৰীৰে উদ্ধাৰ কৰিব পাৰিব বুলি পৰিয়ালৰ লোকে আশা বান্ধি আছে।