NORTHEAST NOW (Assamese)

Jio-Airtel-Vodafone-Ideaলৈ BSNLচেলেঞ্জ: গ্ৰাহককহে দিব ৬পইচা/মিনিটকৈ

November 1, 2019 8:46 pm · এন ই নাও নিউজ

Jio, Airtel, Vodafone-Idea ব্যক্তিগত খণ্ডৰ সব টেলিকম অপাৰে’টৰলৈকে প্ৰত্যাহ্বান নমাই ভাৰতত প্ৰথমবাৰৰ বাবে এক অগতানুগতিক ওফাৰ দিছে BSNLএ।

গ্ৰাহকে কথা পাতিলে ওলোটাই পইচা দিয়াৰ অ’ফাৰ লৈ আহিছে বি এছ এন এল।

ভাৰত চৰকাৰ মালিকানাধীন প্ৰতিষ্ঠানটোৰ সঞ্চালক (director, consumer fixed access) বিবেক বেনজালৰ উদ্ধৃতিৰে এই বাতৰি প্ৰকাশিত হৈছে

এই অ’ফাৰমতে, বি এছ এন এলৰ যিকোনো গ্ৰাহকে ৫মিনিটতকৈ অধিক সময় ফ’নত কথা পাতিলে প্ৰতি মিনিটত ৬ পইচাকৈ ওলোটাই দিব কোম্পানিটোৱে।

Jio, Airtel, Vodafone-Idea, BSNL কি ফোনলৈ ফোন কৰে কথা নাই।

কেশ্ববেকৰ ৰূপত গ্ৰাহকে এই পইচা ওভতাই পাব।

জিঅ’ই শেহতীয়াকৈ আন অপাৰে’টৰলৈ ফ’নত মিনিটত ৬ পইচাকৈ লোৱাৰ সম্পূৰ্ণ বিপৰীত আৰু তাতকৈ বেছি এই অফাৰ।

কাৰণ, যিকোনো ফোনতে গ্ৰাহকে ওভতাই পাব পইচা।

Related News