”শীতলকুচিত এয়া অমিত শ্বাহৰ নেতৃত্বত ‘গণহত্যা’ হৈছে” : মমতা বেনাৰ্জীৰ অভিযোগ

পশ্চিমবংগত পুনৰ ব্যাপক নিৰ্বাচনী হিংসাই গা কৰি উঠিছে।

ৰাজ্যখনত কালি অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ সময়তে চেণ্ট্ৰেল ইণ্ড্ৰাষ্টিয়েল চিকিউৰিটী ফ’ৰ্চৰ (চিআইচিএফ) গুলীত ৪ জনকৈ লোকৰ মৃত্যু ঘটে।

নিহত চাৰিও জন লোকেই তৃণমূল কংগ্ৰেছৰ সদস্য বুলি জানিব পৰা গৈছে।

পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ শীতলকুচি নামৰ অঞ্চলটোৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত চিআইচিএফে গুলী চালনা কৰাৰ ফলতে উক্ত লোক কেইজন নিহত হয়।

নিহত লোক কেইজনৰ নাম ক্ৰমে হামিদুল হক,মনিৰুল হক,ছামিয়ুল মিঞাআৰু আমজাদ হোছেইন বুলি জানিব পৰা গৈছে।

আনহাতে, আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ইয়াক অমিত শ্বাহৰ নিৰ্দেশত হোৱা ‘গণহত্যা’ হিচাপে অভিহিত কৰিছে।

পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰাকক্ষণত শিলিগুৰিৰ এক নিৰ্বাচনী ৰেলীত তেওঁ কয় যে চিআইচিএফে ভোটাৰক আতংকিত কৰিবলৈ গুলিচালনা কৰিছিল।

নিহত লোককেকইজনৰ পৰিয়ালসমূহৰ ঘৰলৈও তেওঁক যোৱাত বাধা প্ৰদান কৰা হৈছে বুলি মমতা বেনাৰ্জীয়ে অভিযোগ কৰে।

”আমি ন্যায় বিচাৰিছো। যদি মই পাৰো, চৈধ তাৰিখে মই পৰিয়ালসমূহক লগ কৰিবলৈ যাম।”- তেওঁ কয়।

উল্লেখযোগ্য যে, ঘটনাটোৰ পাছতে নিৰ্বাচনী আয়োগে জিলাখনলৈ ৭২ ঘণ্টা পৰ্যন্ত ৰাজনৈতিক নেতাসকলৰ প্ৰৱেশ নিষিদ্ধ কৰিছে।

মমতা বেনাৰ্জীয়ে ইয়াক ”দমনমূলক” বুলি অভিহিত কৰিছে।