NORTHEAST NOW (Assamese)

লোমহৰ্ষক! ৮০ বছৰীয়া বৃদ্ধাক ধৰ্ষণ ২৩ বছৰীয়া যুৱকৰ

June 18, 2025 10:15 am · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

সন্ধিয়া খোজ কাঢ়ি গৈ থকা অৱস্থাত ধৰ্ষণৰ বলি হ’ল এগৰাকী ৮০ বছৰীয়া বৃদ্ধা। মাত্ৰ দুদিন পূৰ্বে চুৰিৰ গোচৰত জেলৰ পৰা মুক্তি পোৱা এজন ২৩ বছৰীয়া যুৱকৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। তামিলনাডুৰ কুড্ডালোৰ জিলাত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীৰ সূত্ৰ অনুসৰি যোৱা সোমবাৰে এই ঘটনা সংঘটিত হয়। জানিব পৰা মতে,  বৃদ্ধাগৰাকী সন্ধিয়া অকলে ফুৰিবলৈ ওলাই আহিছিল। সেই সময়ত তেওঁ বৃদ্ধাগৰাকীক পথৰ পৰা পৰা নিৰ্জন স্থানলৈ লৈ গৈ ধৰ্ষণ কৰিছিল বুলি অভিযোগ উঠিছে।

স্থানীয় ৰাইজৰ পৰা তথ্য লাভ কৰাৰ পিছতে আৰক্ষী সেই স্থানত উপস্থিত হয়। বৃদ্ধাগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমানৰ বৃদ্ধাগৰাকীৰ অৱস্থা সংকটজনক। শাৰীৰিক চিকিৎসাৰ সমান্তৰালকৈ বৃদ্ধাগৰাকীৰ মানসিক স্বাস্থ্যৰ চিকিৎসাও চলি আছে।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়, ‘আমি ধৰ্ষণৰ গোচৰ ৰুজু কৰিছো। তদন্ত চলি আছে। আমাৰ হাতত শক্তিশালী প্ৰমাণ আছে”

ইফালে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতে অভিযুক্তই আৰক্ষীক হঠাতে দাৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰে। আত্মৰক্ষাৰ স্বাৰ্থত আৰক্ষীয়ে অভিযুক্তৰ ভৰিত গুলী চলাবলৈ বাধ্য হয়। ইয়াৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। বৰ্তমান অভিযুক্ত আৰক্ষীৰ জিম্মাত থকাৰ লগতে আহত দুজন আৰক্ষী চিকিৎসাধীন হৈ আছে।

Related News