অন্ত পৰিব আমেৰিকাৰ বিশ বছৰীয়া আফগানিস্তান যুদ্ধ! মাৰ্কিন ৰাষ্ট্ৰপতি বিডেনৰ গুৰুত্বপূৰ্ণ ঘোষণা

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বিডেনে এক গুৰুত্বপূৰ্ণ ভাষ্য প্ৰদান কৰিছে।

বুধবাৰে তেওঁ কয় যে আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰই সুদীৰ্ঘ সময় ধৰি চলাই অহা যুদ্ধখন সমাপ্ত কৰাৰ সময় আহি পৰিছে।

ইয়াক তেওঁৰ নিজা দায়িত্ব হিচাপে গণ্য কৰি কয় যে এই যুদ্ধখন তেওঁৰ উত্তৰসূৰী ৰাষ্ট্ৰপতিজনলৈ থৈ যাব নিবিচাৰে।

উল্লেখযোগ্য যে ২০০১ চনত ইছলামিক উগ্ৰপন্থী সংগঠন আল কায়দাই নিউয়ৰ্কৰ টুইন টাৱাৰ আক্ৰমণ কৰিছিল।

সেই সময়ত আল কায়দাৰ ঘাটি আছিল আফগানিস্তান।

আল কায়দাক নিঃশেষ কৰিবলৈ ২০০১ চনৰ পৰা আমেৰিকাই আফগানিস্তানত সন্ত্ৰাসবাদ বিৰোধী যুদ্ধ চলাই আহিছে।

যুদ্ধ আৰম্ভ হোৱাৰ পৰা আমেৰিকাই খৰচ কৰিব লগা হৈছে এক ত্ৰিলিয়ন ডলাৰ।

যুদ্ধত তালিবানৰ হাতত ২,৪০০ জন আমেৰিকান সৈন্যই প্ৰাণ হেৰুৱাৰ বিপৰীতে ১০,০০০ জন আফগান সৈন্য, তালিবানী সৈন্য আৰু অসামৰিক লোকে প্ৰাণ হেৰুৱাইছে।

ইয়াক বিডেনে আমেৰিকাৰ ইতিহাসত আটাইতকৈ দীঘলিয়া যুদ্ধ হিচাপেও অভিহিত কৰিছে।

বিদেন হৈছে এই আফগানিস্তান যুদ্ধকালীন সময়ছোৱাৰ চতুৰ্থজন ৰাষ্ট্ৰপতি।

দেশবাসীলৈ দিয়া বক্তব্যটোত বিডেনে কয় যে ২০ বছৰ পূৰ্বে সংঘটিত হোৱা আক্ৰমণটোৰ বাবে আমেৰিকাই আফগানিস্তানত প্ৰৱেশ কৰিছিল, কিন্তু ২০২১ চনলৈকে আমেৰিকা আফগানিস্তানত কিয় আছে সেই বিষয়ে তেওঁ ব্যাখ্যা কৰিবলৈ অপাৰগ।

তেওঁ কয় যে তালিবানৰ স’তে যুদ্ধ কৰিবলৈ যোৱাতকৈ আমেৰিকাই নিজৰ স্থিতি আৰু লক্ষ্যৰ প্ৰতি এতিয়া আৰু অনাগত সময়ৰ বাবে প্ৰত্যাহ্বান গ্ৰহণ কৰাত স্থিৰ হৈ থাকিব লাগে।

উল্লেখযোগ্য যে মঙলাবাৰেও হোৱাইট হাউচৰ তৰফৰ পৰা কোৱা হৈছিল যে ৰাষ্ট্ৰপতি বিডেনে আফগানিস্তানৰ পৰা আমেৰিকাৰ সৈনিকসকলক দেশলৈ ঘূৰাই আনিব।

এইক্ষেত্ৰত বিডেনে সৈনিকসকলক ঘূৰাই অনাৰ তাৰিখো নিৰ্ধাৰিত কৰিছে।

চলিত বৰ্ষৰ ১১ ছেপ্টেম্বৰত আল কায়দাৰ টুইন টাৱাৰ আক্ৰমণৰ বিশ বছৰ পূৰ্তি হ’ব।

সেই অনুসৰি বিডেনে ১১ ছেপ্তেম্বৰতে সৈনিকসকলক ঘূৰাই অনাৰ সিদ্ধান্ত লৈছে।

বিডেনে কয় যে আমেৰিকাৰ সৈনিকসকলক আফগানিস্তানৰ পৰা ঘূৰাই আনিলেও দেশ দুখনৰ মাজত কূটনৈতিক সম্বন্ধ আৰু জনকল্যানমূলক কামেৰে আফগানিস্তানৰ চৰকাৰক সহযোগ কৰি যাব।

তদুপৰি ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা অনুষ্ঠিত হ’ব লগা আফগানিস্তানৰ চৰকাৰ আৰু তালিবানৰ মাজৰ শান্তি আলোচনাতো আমেৰিকাই সহযোগ কৰিব বুলি বিডেনে কয়।

উল্লেখযোগ্য যে ২০২০ চনৰ ২৯ ফেব্ৰুৱাৰীত কাটাৰৰ ডোহাত আমেৰিকা আৰু তালিবানৰ মাজত এখন ঐতিহাসিক চুক্তি স্বাক্ষৰ হৈছিল।

চুক্তিখনৰ মতে আমেৰিকাই আফগানিস্তানৰ পৰা ১৪ মাহৰ ভিতৰত সৈনিকসকলক দেশলৈ ঘূৰাই আনিব।