এতিয়াই বাৰ্মিংহাম কমনৱেলথ গেমছ বয়কট কৰিম বুলি কোৱাটো খৰখেদা হ’ব : কিৰেণ ৰিজিজু

Indian shooting

ভাৰতীয় শ্বুটাৰ।

২০২০ বাৰ্মিংহাম কমনৱেলথ গেমছৰ ক্ৰীড়া সূচীৰ পৰা শ্বুটিঙক বাদ দিয়াৰ পাছত ভাৰতীয় অলিম্পিক সংস্থাই বাৰ্মিংহাম কমনৱেলথ গেমছ বহিষ্কাৰ কৰিবলৈ কোৱা সন্দৰ্ভত মত ব্যক্ত কৰি ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজিজুই এই সম্পৰ্কে এতিয়াই সিদ্ধান্ত লোৱাটো খৰখেদা হ’ব বুলি কয়।

আদৰ্শগত বিষয় হিচাপে দেখুৱাই কমনৱেলথ গেমছত শ্বুটিঙক অন্তৰ্ভূক্ত নকৰাৰ সিদ্ধান্ত লয় বাৰ্মিংহামৰ উদ্যোক্তা সমিতিয়ে।

উদ্যোক্তা সমিতিৰ এই সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ভাৰতীয় অলিম্পিক সংস্থাৰ লগতে ৰাষ্ট্ৰীয় শ্বুটিং ফেদাৰেশ্যনে।

‘‘ভাৰতীয় অলিম্পিক সংস্থাই ২০২২ চনৰ কমনৱেলথ গেমছত শ্বুটিঙক অন্তৰ্ভূক্ত নকৰা সিদ্ধান্তৰ বিষয়লৈ মোক সাক্ষাৎ কৰে আৰু এই সন্দৰ্ভত মোক অৱগত কৰে’’-এটা সাক্ষাৎকাৰত কয় ৰিজিজুই কয়।

তেওঁলোকে ভাৰতে ক্ৰীড়া প্ৰতিযোগিতাখন বয়কট কৰাৰ সম্ভাৱনীয়তাৰ প্ৰসংগও উত্থাপন কৰে বুলি ৰিজিজুই উল্লেখ কৰে।

আনহাতে, ৰিজিজুই প্ৰতিনিধি দলটোক কমনৱেলথ গেমছৰ উদ্যোক্তা সমিতিক ভাৰতৰ তৰফৰ পৰা এই সন্দৰ্ভত নিজৰ স্থিতি লগতে গভীৰ উদ্বেগ প্ৰকাশ কৰা বুলি অৱগত কৰে।

‘‘যদিহে উদ্যোক্তা সমিতিয়ে সিদ্ধান্ত সলনি নকৰে কি কৰিব পাৰি আমি বিৱেচনা কৰিম কিন্তু এতিয়াই ক্ৰীড়া প্ৰতিযোগিতাখন বয়কট কৰিম বুলি কোৱাটো খৰখেদা সিদ্ধান্ত হ’ব’’ ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ বয়কট কৰাটোৱে সমস্যাৰ সমাধান নহয় বুলিও উল্লেখ কৰে।

ভাৰতীয় অলিম্পিক সংস্থা আৰু কমনৱেলথ গেমছৰ বিষয়ববীয়াৰ সৈতে হ’বলগীয়া বৈঠকৰ পৰা কোনোধৰণৰ শেষ সিদ্ধান্ত নহালৈ এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰাটো উচিত নহয় বুলি ৰিজিজুই মত প্ৰকাশ কৰে।

১৯৭০ চনৰ এদিনবাৰ্গ কমনৱেলথ গেমছৰ বাদে ১৯৬৬ চনৰ পৰাই শ্বুটিং প্ৰতিখন কমনৱেলথ গেমছৰ অন্তৰ্ভূক্ত হৈ আহিছে।