ৰণক্ষেত্ৰ দিল্লী! হনুমান জয়ন্তীৰ শোভাযাত্ৰাৰ সময়তে দুই গোষ্ঠীৰ মাজত সংঘৰ্ষ; আহত ৬ আৰক্ষী

হনুমান জয়ন্তীৰ শোভাযাত্ৰাক কেন্দ্ৰ কৰি দেশৰ ৰাজধানী দিল্লী উত্তপ্ত হৈ পৰিছে। শনিবাৰে দুই গোষ্ঠীৰ মাজত ঘটনা সংঘৰ্ষ, শিলাবৰ্ষণৰ ফলত ছয়গৰাকী আৰক্ষীকে ধৰি ৯ জন লোক আহত হয়।

দিল্লীৰ জাহাংগীৰপুৰী অঞ্চলত এই ঘটনাটো ঘটে। শনিবাৰে সেই অঞ্চলেৰে এটা শোভাযাত্ৰা উলিওৱা হৈছিল। হঠাতে কেইজনমান দুস্কৃতিকাৰীয়ে শোভাযাত্ৰাৰ ওপৰত শিলগুটি দলিয়ায়।

তাৰপিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। বাহনত অগ্নিসংযোগ কৰা হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়লৈকো খৱৰ প্ৰেৰণ কৰা হয়। তাৎক্ষণিকভাৱে দিল্লী আৰক্ষীক ঘটনাস্থলীত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হয়। আৰক্ষী উপস্থিত হৈয়েই পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

লগতে পঢ়ক: আমেৰিকাৰ দক্ষিণ কেৰ’লিনাৰ শ্ব’পিং মলত গুলীচালনা; ১২ জন লোক আহত,৩ জন আটক

এই ঘটনাৰ সময়তে দিল্লী আৰক্ষীৰ উপ পৰিদৰ্শক মেধলাল মীনাৰ হাতত গুলী লাগে। কেনেকৈ এই গুলী লাগিল সেয়া অৱশ্যে জানিব পৰা হোৱা নাই।

ঘটনা  সংক্ৰান্তত ১০জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আৰু ছচিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ চাই আন কেইবাজনকো আৰক্ষীয়ে চিনাক্ত কৰিছে। এই সন্দৰ্ভত আৰক্ষীয়ে নিজাকৈ এটা গোচৰো ৰুজু কৰিছে।

ঘটনা সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়,’’মই সকলোকে শান্তি অটুট ৰখাৰ বাবে আহ্বান জনাইছো। শান্তি-সম্প্ৰীতি অবিহনে দেশ আগবাঢ়িব নোৱাৰে। দেশৰ ৰাজধানীৰ শান্তিৰক্ষাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ। তেওঁলোকে মানুহৰ ওচৰত শান্তি অটুট ৰক্ষাৰ বাবে আহ্বান জনোৱা উচিত।‘’

লগতে পঢ়ক: পাকিস্তানত পৰিৱৰ্তনৰ লহৰ! প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফৰ পুত্ৰ হামজা শ্বাহবাজ হ’ল পাঞ্জাৱ প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী

ইপিনে, দিল্লীৰ আৰক্ষী আয়ুক্ত ৰাকেশ আস্থানাই কয় যে ‘’পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈছে। ঘটনা স্থলীত অতিৰিক্ত আৰক্ষী মোতায়েন কৰাৰ লগতে দিল্লীৰ আন অঞ্চলসমূহতো সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।‘’