আলীবাবাৰ মুৰব্বী জেক মাৰ গ্ৰেপ্তাৰৰ খবৰে কঁপনি তুলিছে চীনত

এজন শিক্ষকৰ পৰা কোটি কোটি টকাৰ ব্যৱসায়ীত পৰিণত হোৱা জেক মাৰ গ্ৰেপ্তাৰৰ খবৰে এতিয়া কঁপনি তুলিছে চীনত।
জেকৰ গ্ৰেপ্তাৰৰ পিছতে আলিবাবাত ধন বিনিয়োগ কৰা লোকসকলে এতিয়া মূৰে-কপালে হাত দিছে।

চিচিটিভিয়ে প্ৰকাশ কৰা মতে আলিবাবাৰ মুৰব্বী গৰাকীক চীনৰ হাংঝৌ চহৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ৰাষ্ট্ৰীয় নিৰাপত্তা বিপন্ন কৰিব পৰা কাৰ্যকলাপত জড়িত থকাৰ অভিযোগতে জেক মাক গ্ৰেপ্তাৰ কৰা হৈছে।

অৱশ্যে এতিয়াও সন্দেহৰ আৱৰ্ততে আছে জেক মাৰ গ্ৰেপ্তাৰৰ খবৰটো। গ্ৰেপ্তাৰ কৰা জেক নামৰ লোক জন প্ৰকৃততে আলীবাবাৰ মালিক হয় নে নহয় তাকেলৈ বিভিন্ন জনৰ মাজত এতিয়া চৰ্চা চলিছে। যিকি নহওক, এজন সাধাৰণ স্কুল শিক্ষকৰ পৰা নিজৰ অধ্যৱসায়ৰ বলত আলিবাবাৰ দৰে এছিয়াৰ সৰ্ববৃহৎ প্ৰযুক্তি কোম্পোনীৰ সহ-প্ৰতিষ্ঠাপক হৈ পৰা লোকজনৰ প্ৰতি এতিয়া বীতশ্ৰদ্ধ হৈ পৰিছিল চীনৰ চৰকাৰ।

সৌসিদিনালৈ চীনৰ চৰকাৰৰ নয়নৰ মণি হৈ থকা আলিবাবা কোম্পানীৰ মুৰব্বী জেক মাৰ বিৰুদ্ধে চীনৰ চৰকাৰে এতিয়া সক্ৰিয় হৈ পৰিছে।নিজৰ কৰ্ম দক্ষতাৰে প্ৰযুক্তি ক্ষেত্ৰৰ অগ্ৰণী প্ৰতিষ্ঠানত পৰিণত হোৱা আলিবাবাৰ মুৰব্বী জেক মা এগৰাকী বহুমুখী প্ৰতিভাৰ ব্যক্তি।

কেৱল ব্যৱসায়ৰ মাজতে তেওঁ নিজকে আৱদ্ধ কৰি ৰখা নাই।

ব্যৱসায়ৰ লগতে তেওঁ গীত, অভিনয়,চিত্ৰকলা আদি সকলো ক্ষেত্ৰতে পাৰদৰ্শিতা প্ৰদৰ্শন কৰি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।চীনৰ প্ৰসিদ্ধ শিল্পী ফায়ে ৱঙৰ সৈতে জেক মাই গোৱা গীতে বিশ্বত খলকনি তুলিছিল।

জেক মাই চীনৰ প্ৰসিদ্ধ চিত্ৰকৰ জেং ফেনজিৰ সৈতে একেলগে অঁকা ছবি ছুথবি নিলাম অনুষ্ঠানত অভিলেখ সৃষ্টিকাৰী ৫.৪ নিযুত মাৰ্কিন ডলাৰত নিলাম হৈছিল।

২০১৭ চনত তেওঁ ড্ৰেগনৰ দেশ খনৰ চলচ্চিত্ৰ জগত খনতো খোজ পেলাই ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল।

এই হেন বহু গুণৰ অধিকাৰী জেক মা সেয়ে চীনৰ সাধাৰণ লোকৰ লগতে চৰকাৰৰ বৰমূৰীয়াসকলৰ মাজতো হৈ পৰিছিল অতিকৈ জনপ্ৰিয়।

কিন্তু শেহতীয়াকৈ জেক মাৰ সৈতে পূৰ্বৰ সকলো মধুৰ সম্পৰ্ক একাষৰীয়া কৰি থৈ চীনৰ চৰকাৰে ঘোষণা কৰিছে বিশেষ তদন্তৰ।

 চীনৰ চৰকাৰে জেক মাই আলিবাবাৰ জৰিয়তে প্ৰযুক্তিৰ ক্ষেত্ৰখনত অৰ্জন কৰা বৃহৎ সফলতা সহ্য কৰিব নোৱাৰিয়েই হয়তো তেওঁৰ বিৰুদ্ধে ঘোষণা কৰিছে বিত্তীয় খেলি-মেলি আৰু একচেতিয়া ব্যৱসায় চলোৱাৰ অভিযোগ।

চীনৰ ষ্টেট এডমিনিষ্ট্ৰেছন ফৰ মাৰ্কেট ৰেগুলেছনে জেক মাৰ বিৰুদ্ধে নীতিবৰ্হিভূতভাবে বিভিন্ন বিনিয়োগকাৰীৰ সৈতে ব্যৱসায়িক চুক্তি সম্পাদন আৰু সেই বোৰ কাৰ্যকৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে।

একচেতিয়া ব্যৱসায়ৰ অভিযোগ উত্থাপন কৰি আলিবাবা আৰু জেক মাৰ বিৰুদ্ধে চীনৰ চৰকাৰে তদন্ত ঘোষণা কৰাৰ পিছতে কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য লক্ষ্যণীয় ভাবে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।