জাগুনত হাতী পৰিল গাতত; ৰাইজে কৰিলে উদ্ধাৰ, বন বিভাগৰ নাই কাণসাৰ, ক্ষুব্ধ ৰাইজ বিষোদগাৰ

index.jpgnn

ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুনত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ।

আজি পুৱা প্ৰায় ৪: ৩০ মান বজাত এটা বনৰীয়া হাতী এটা গাতত পৰাক লৈ হুৱাদুৱা লাগে স্থানীয় ৰাইজৰ মাজত। জাগুন বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কথা কাষৰণি বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা ৫টা হাতীৰ মাজৰে এটা মখনা হাতী ৰঘু ওৰাং নামৰ ব্যক্তি জনে খান্দি থোৱা এটা  গাতত পৰাত এনে ঘটনা সংঘটিত হয়।

স্থানীয় গাঁওবাসীয়ে প্ৰায় ডেৰ ঘণ্টা জোৰা প্ৰচেষ্টাৰ অন্তত বনৰীয়া হাতীটোক গাতৰ পৰা উলিয়াই পঠাবলৈ সক্ষম হয়।

অতি পৰিতাপৰ বিষয় যে জাগুন বন বিভাগক বাৰম্বাৰ খবৰ দিয়াৰ পিছতো জাগুন বন বিভাগৰ লোক ৰাইজে হাতীটো উদ্ধাৰ কৰাৰ পাছত আহি উপস্থিত হয়। ইয়াৰ ফলত ক্ষুণ্ণ হৈ পৰে স্থানীয় ৰাইজ।

উল্লেখ্য যে কাষৰীয়া সংৰক্ষিত বনাঞ্চলত চোৰাং বন মাফিয়াৰ হাঠুৰা পৰাত সংৰক্ষিত বনাঞ্চলসমূহত বন্যহস্তীৰ বাবে খাদ্য সংকট সৃষ্টি হোৱাত জাগুন অঞ্চলত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ লৈছে।

এইক্ষেত্ৰত বগাহাতীত পৰিণত হোৱা বন বিভাগটোক সক্ৰিয় কৰাৰ বাবে স্থানীয় ৰাইজে অসম চৰকাৰক দাবী জনাইছে।

উক্ত অঞ্চলত বিগত সময়ছোৱাত বহু লোক বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগা শোকাৱহ ঘটনা সংঘটিত হৈছে। কিন্তু ক্ষতিগ্ৰস্ত লোক সকলক বন বিভাগে উপযুক্ত ক্ষতিপূৰণৰ পৰা বঞ্চিত কৰি অহাৰো অভিযোগ উত্থাপন হৈছে।