জাগুনত আৰক্ষীৰ জালত চুৰি মটৰচাইকেলসহ এজন

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী আৰক্ষী চকীৰ অন্তৰ্গত তিনিসুঁতি গাঁৱৰ পৰা জাগুন আৰক্ষীয়ে মটৰচাইকেলসহ এজন চোৰ আটক কৰিবলৈ সক্ষম হয়।

জাগুন আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি মটৰ চাইকেলসহ চোৰটোক আজি আটক কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে জাগুনৰ মাজমজিয়াৰ পৰা সাজেন প্ৰধান নামৰ ব্যক্তিজনৰ এখন এ এছ ২৩ এম ০৯৩৭ নম্বৰৰ হিৰ’ গ্লেমাৰ মটৰচাইকেল চোৰ হৈছিল।

লগে লগে মটৰ চাইকেলখনৰ গৰাকীয়ে জাগুন থানাত চুৰি ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। আৰু জাগুন আৰক্ষীয়ে প্ৰধানে দিয়া এজাহাৰ ভিত্তিত অভিযান চলাই আজি লেখাপানীৰ থানাৰ অন্তৰ্গত তিনিসুঁতিত মটৰচাইকেলসহ চোৰটোক আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন চোৰটো লংটং গাঁৱৰ নিৱাসী বিশাল মুৰা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। বৰ্তমান জাগুন আৰক্ষী চকীত ধৃত চোৰটোক জেৰা অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে কিছু দিনৰ পৰা মাৰ্ঘেৰিটা মহকুমাত গাড়ী চোৰ আৰু মটৰ চাইকেল চোৰৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। ফলত স্থানীয় ৰাইজে এই ক্ষেত্ৰত আৰক্ষী তথা প্ৰশাসনক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।