NORTHEAST NOW (Assamese)

গ্ৰেনেড বিস্ফোৰণৰ ঘটনা : তৃতীয়বাৰলৈ আৰক্ষীয়ে জিম্মাত ল’লে জাহ্নৱী আৰু প্ৰাণময়ক

May 31, 2019 11:23 pm · কল্পজ্যোতি শইকীয়া

মহানগৰীৰ জু-ৰ’ডৰ গুৱাহাটী চেণ্ট্ৰেলৰ সন্মুখৰ গ্ৰেনেড বিস্ফোৰণত অভিযুক্ত প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াক পুনৰ ৪ দিনৰ বাবে নিজৰ জিম্মাত লৈছে মহানগৰ আৰক্ষীয়ে।

২৭ মে’ত আৰক্ষীৰ জিম্মাৰ সময় উকলিছিল যদিও ঘটনাস্থলীলৈ অভিযুক্তক নি নক্সা প্ৰস্তুত কৰা আৰু অন্য অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ বাবে অভিযুক্ত প্ৰাণময় আৰু জাহ্নৱীক অতিৰিক্ত ৪ দিনৰ বাবে জিম্মাত বিচাৰি যুক্তি দিয়া আৰক্ষীক আদলতে আজি অনুমতি দিয়ে।

জাহ্নৱীৰ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰে সংবাদ মাধ্যমক জনায়, “জব্দ কৰা অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক ক’ৰ পৰা ক্ৰয় কৰিছিল সেই সম্পৰ্কত তদন্ত কৰিব আৰক্ষীয়ে। যিহেতু বে-আইনী কাৰ্য্যকলাপ প্ৰতিৰোধ আইনখন আছে, গতিকে ৩০ দিনলৈকে আৰক্ষী জিম্মা মানি ল’ব পাৰে।”

এই চাৰিদিনৰ ভিতৰতে জাহ্নৱী আৰু প্ৰাণময়ৰ জেৰা প্ৰক্ৰিয়া শেষ কৰিব বুলি আশা কৰে জাহ্নৱীৰ অধিবক্তাজনে।

বিস্ফোৰণটোত অভিযুক্ত বাকীকেইজন অভিযুক্তক ইতিমধ্যে জেইললৈ প্ৰেৰণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰি তেওঁ কয়, “তেওঁলোকক পৰিয়ালৰ লোকে সাক্ষাৎ কৰিব পাৰিব বুলি আদালতে অনুমতি দিছে।”

আৰক্ষীয়ে জনোৱামতে, ৩০ মে’ত আৰক্ষীয়ে ঘটনাটোৰ পটভূমি চাবৰ বাবে জাহ্নৱীৰ পাঞ্জাবাৰীৰ বাসগৃহৰ পৰা জাহ্নৱী, চিন্ময় আৰু বিজয় অসমক ঘটনাস্থলীলৈ লৈ যোৱা হৈছিল। তেতিয়াই তিনিওৱে কেমেৰাৰ সন্মুখতে কেনেদৰে গুৱাহাটী চেণ্ট্ৰেলৰ সন্মুখত গ্ৰেনেড নিক্ষেপ কৰিছিল তাৰ সবিস্তাৰ বিৱৰণ দিছিল।

তেওঁলোকৰ বিৱৰণ অনুসৰি অভিযুক্ত চিন্ময় আৰু জাহ্নৱীয়ে বিস্ফোৰণৰ পৰিকল্পনাৰে পাঞ্জাবাৰীৰ বাসগৃহৰ পৰা জাহ্নৱীয়ে ভাড়াত লোৱা স্কুটী লৈ জু-ৰ’ড অভিমুখে ৰাওনা হৈছিল। ঘটনাস্থলীৰ কিছু নিলগত অৰ্থ্যাৎ জোনালীৰ এটা এছ বি আই এ টি এমৰ সন্মুখত নমাই দিছিল জাহ্নৱীক।  জাহ্নৱীক তাতে নমাই চিন্ময়ে উঠাই লৈছিল বিজয় অসমক। তাৰ পাছত দুয়ো গুৱাহাটী চেণ্ট্ৰেলৰ সন্মুখলৈ গৈছিল। তাৰ পাছত গুৱাহাটী চেণ্ট্ৰেলৰ সন্মুখত বিজয়ক নমাই কিছু নিলগত ৰৈ আছিল চিন্ময়। গ্ৰেনেড দলিয়ায়ে উক্ত স্থানৰ পৰা আন্ধাৰৰ সুযোগ লৈ বিজয় নাৰ্ছাৰিলৈকে পলাইছিল।

বিস্ফোৰণটোৰ সৈতে জড়িত থকাৰ অভিযোগত সাতগাঁও আৰক্ষী থানাত ১৪৭/২০১৯ আৰু গীতানগৰ আৰক্ষী থানাত ২১০/২০১৯ নম্বৰত ৰুজু হোৱা গোচৰ দুটাৰ ভিত্তিতে প্ৰাণময়, জাহ্নৱী, বিজয় অসম, চিন্ময়, অমিত বল্লভ, ইন্দ্ৰমোহন আৰু শেহতীয়াকৈ সঞ্জীৱ তালুকদাৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

প্ৰাণময়, জাহ্নৱী, বিজয় আৰু চিন্ময় আৰু সঞ্জীৱক অধিক তথ্য উদ্ধাৰ কৰাৰ উদ্দেশ্যে আৰক্ষীৰ জিম্মাত ৰাখিছে আৰু বাকীকেইজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

Related News