ভাৰতীয় সেনাৰ বীৰত্ব : ‘জয় বজৰংবলী’ ধ্বনিৰে কঁপি উঠিল ব্ৰিটেইনৰ মাটি

ব্ৰিটেইনৰ সেনা বাহিনীৰ সৈতে ইংলেণ্ডত হোৱা ভাৰতীয় সেনাৰ বিহাৰ ৰেজিমেন্টৰ যৌথ অনুশীলনৰ সময়ত বৃহস্পতিবাৰে ভাৰতীয় সেনাই জয় বজৰংগবলী ধ্বনি ব্ৰিটেইনৰ মাটি কঁপাই তোলে।

মন কৰিবলগীয়া যে বিগত সাত বছৰ ধৰি ভাৰত আৰু ব্ৰিটেইনৰ সেনাই যৌথ সামৰিক অনুশীলনত অংশ লৈছে। এইবাৰৰ অনুশীলন দুসপ্তাহৰ আগতে আৰম্ভ হৈছিল। ভাৰতীয় সেনা জোৱানসকলে তাত ‘জয় বজৰংগবলী ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।

ব্ৰিটেইনৰ চেলিছবেৰী প্লেইনছত ২০২৩ চনৰ যৌথ অনুশীলন চলি আছে। এই অনুশীলনত অংশগ্ৰহণৰ বাবে ভাৰতীয় সেনাই এটা বেটেলিয়ন প্ৰেৰণ কৰিছে। বিহাৰ ৰেজিমেণ্টৰ ষষ্ঠ বেটেলিয়নে এই অনুশীলনত অংশগ্ৰহণ কৰিছে। আনহাতে, এই অনুশীলনৰ বাবে ব্ৰিটেইনে দুটা বেটেলিয়ন প্ৰেৰণ কৰিছে। ইয়াৰ ভিতৰত আছে ৰয়েল গোৰ্খা ৰাইফলছ বেটেলিয়ন।

এই অনুশীলনৰ কালি শেষ দিন আছিল। পৰম্পৰাগত সামৰিক অনুশীলনৰ পিছত ভাৰতীয় জোৱানসকলে শ্লোগান দিবলৈ আৰম্ভ কৰে। মুষ্টিবদ্ধ হাত দুখন আকাশৰ ফালে দেখুৱাই উচ্চস্বৰত ‘ভাৰত মাতা কি জয় বুলি ধ্বনি দিয়ে সেনা বাহিনীৰ জোৱান সকলে।

ইয়াৰ পিছত বিহাৰ ৰেজিমেণ্টৰ জোৱানসকলৰ কণ্ঠত ‘জয় বজৰংগবলী শ্লোগানে ইংলেণ্ডৰ মাটি কঁপাই তোলে।