বিগত ৭ মাহে কাৰাগাৰত বন্দীত্বৰ জীৱন কটোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোণোৱাল আজি মুকলি আকাশৰ তললৈ আহে।
আজি বিয়লি প্ৰায় ৩:৪৫ বজাত GMCH ৰ পৰা মুক্তি দিয়া হয় দুয়োগৰাকী নেতাক।
দুয়োগৰাকীৰে শুকুৰবাৰে কোভিড-১৯ টেষ্ট কৰোৱা হৈছিল আৰু আজি ৰিজাল্ট নিগেটিভ অহাৰ পাছতে দুয়োকে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।
যিহেতু যোৱা শুকুৰবাৰে তেওঁলোক দুয়োগৰাকীকে NIA আদালতে জামিন মঞ্জুৰ কৰিছিল গতিকে তেওঁলোকক চিকিৎসালয়ৰ পৰা পোনে পোনে ঘৰলৈ যাব দিয়া হয়।
ইপিনে, জেইলৰ পৰা আহিয়েই দুগৰাকী নেতা বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ হোৱাৰ লগতে কা বিৰোধী আন্দোলনৰ পাঁচগৰাকী শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰে।
“ফেচীবাদী বিজেপিয়ে সাম্প্ৰদায়িকতাৰ বিজ সিঁচিছে। বিজেপিয়ে অসমীয়াক শেষ কৰিব বিচাৰিছে। আমি বিজেপি আৰু আৰএছএছক অসমৰ পৰা উভালি পঠিয়াব লাগিব।” বিজেপিৰ বিৰুদ্ধে এই তীৰ্যক মন্তব্য ধৈৰ্য কোঁৱৰৰ।
ইপিনে, স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি ধৈৰ্যই কয় “কৰ’ণাৰ নামত নাটক চলি আছে। এই সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাটক কৰি আছে।”
“মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভগৱান সজোৱা মানে নিজৰ হাতৰ কুঠা ভৰিত মৰা হ’ব। NIA-ৰ কামকাজ এতিয়া আৰএছএছৰ নিৰ্দেশত চলে।” ধৈৰ্যই লগতে কয়।
ইপিনে, কাৰাগাৰৰ পৰা ওলায়েই পুনৰ “কা” বিৰোধী আন্দোলন আৰম্ভ কৰাৰ হুংকাৰ দিয়ে ছাত্ৰ মুক্তিৰ বিতু সোণোৱালে।
এই আন্দোলনৰ দ্বাৰাই বিজেপিক ২০২১ত প্ৰতিহত কৰা হ’ব বুলি তেওঁ দাবী জনায়।
তেওঁ আৰু কয় “জে’লৰ পৰিস্থিতি এবাৰ আপোনালোকে চাই আহক। কাৰাগাৰত এতিয়াও ২০০-৩০০ লোক কভিড পজিটিভ হোৱাৰ পিছতো চিকিৎসা কৰা নাই। যদি কোনো কয়দীয়ে চিকিৎসা বিচাৰে তেতিয়া তেওঁলোকক জে’ল কৰ্তৃপক্ষই শাস্তি দিয়ে।”
বিতুৰ হুংকাৰ “অসমত ”কা” আন্দোলনৰ সময়ত ৫ গৰাকী শ্বহীদৰ তেজৰ মূল্য দিব লাগিব চৰকাৰে