নিগেটিভ ওলোৱা দুসপ্তাহৰ পিছত পুনৰ কোভিড১৯ পজিটিভ পোৱা গৈছে এজন কাৰাৰুদ্ধ জামাতী শৰীৰত

Screenshot_2020-03-31-11-43-21-859_com.android.browser

প্ৰতিনিধিত্বমূলক চিত্ৰ

সমগ্ৰ বিশ্বতে ক’ৰ’না ভাইৰাছে নৰ সংহাৰীৰূপ ধাৰণ কৰাৰ সময়তে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ তবলিগী জামাত অনুষ্ঠান ভাৰতত ক’ৰ’না সংক্ৰমণৰ অন্যতম হটস্পট হৈ পৰে।

এই জামাতৰ পৰা দেশৰ বিভিন্ন প্ৰান্তলৈ ক’ৰ’না সংক্ৰমণো ঘটিছে।

উক্ত জামাত অংশগ্ৰহণ কৰা কিছু জামাতীয়ে নিজকে আত্মগোপন কৰাৰ ফলত চৰকাৰৰ ৰোষত পৰি জেইল হাজোতলৈ যাবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হৈছে।

কাৰাৰুদ্ধ তেনে এক জামাতীৰ শৰীৰত এতিয়া কোভিড১৯ পজিটিভ পোৱা গৈছে।

প্ৰথম বাৰৰ স্বাস্থ্যৰ নমুনা পৰীক্ষাত জামাতীজনৰ শৰীৰত কোবিভ১৯ নিগেটিভ পোৱা গৈছিল যদিও ১৫ দিনৰ পিছত কৰা দ্বিতীয়বাৰৰ স্বাস্থ্যৰ নমুনা পৰীক্ষাত তেওঁৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতিৰ ধৰা পৰিছে।

উল্লেখ্য যে, মুম্বাইৰ কুৰ্লাৰৰ চাহাৰণপুৰত তবলিগীত জামাত অংশগ্ৰহণ কৰা ৬৪ জন জামাতীক কাৰাৰুদ্ধ কৰি ৰখা হৈছিল। ইয়াৰে ৫৪ জন বিদেশী আৰু ১০ স্বদেশী জামাতী। বিদেশী জামাতীকেইজনক পৰ্যটকৰ ভিছাৰে ভাৰতত প্ৰৱেশ কৰি ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে।

উক্ত ৬৪ জন জামাতীৰ ভিতৰৰ এজন জামাতীৰ ১৫ দিনৰ পিছত দ্বিতীয় বাৰ সম্পন্ন কৰা স্বাস্থ্য পৰীক্ষাত শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতিৰ ধৰা পৰিছে।

‘৬৪ জন জামাতীক অস্থায়ী কাৰাগাৰত ৰখা হৈছিল। কোভিড১৯ পজিটিভ পোৱা জামাতীজনৰ শৰীৰত ক’ৰ’নাৰ লক্ষণ দেখা পোৱা নগৈছিল। তেওঁক ইতিমধ্যে চৰকাৰী আইচ’লেশ্যন কক্ষকলৈ প্ৰেৰণ কৰা হৈছে। অস্থায়ী কাৰাগাৰটোক পুনৰ চেনিটাইজেশ্যন কৰাৰ লগতে সকলোকে কোৱাৰাণ্টেইন কৰা হৈছে।’ মহানগৰ আৰক্ষী আয়ুক্ত বিনীত ভাটনাগৰে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।