এশতকৈও অধিক মহিলাক ধৰ্ষণ, ধৰ্ষণৰ ভিডিঅ’ৰে পিছত ব্লেকমেইল: অৱশেষত কাৰাদণ্ডৰে দণ্ডিত স্বয়ম্ভু গডমেন জেলেবী বাবা

Jalebi Baba

দেশত স্বয়ম্ভু গডমেনৰ দ্বাৰা নাৰী নিৰ্যাতনৰ অনেক উদাহৰণ উলাব। ৰাম ৰহিমৰ পৰা আৰম্ভ কৰি আশাৰাম বাপুলৈকে নাৰীক যৌন নিৰ্যাতন চলাই কাৰাবাসী হোৱা এনে অনেক স্বয়ম্ভু ধৰ্মগুৰু দেশত আছে। এইবাৰ নাৰীক যৌন নিৰ্যাতন চলাই কাৰাদণ্ডৰে দণ্ডিত হৈছে আন এগৰাকী স্বয়ম্ভু গডমেন। নাম তেওঁৰ জেলেবী বাবা।

হাৰিয়ানাৰ ফতেহাবাদৰ এখন ফাষ্ট ট্ৰেক আদালতে অমৰপুৰী ওৰফে জেলেবী বাবা নামেৰে পৰিচিত এই স্বয়ম্ভু গডমেনক ১৪ বছৰৰ কাৰাদণ্ড বিহে। এই জেলেবী বাবাৰ বিৰুদ্ধে আছে ১০০ গৰাকীতকৈও অধিক মহিলাক ধৰ্ষণ কৰি এই কাৰ্যৰ ভিডিঅ’ ক্লিপ বনাই পিছত ব্লেকমেইলিং কৰাৰ অভিযোগ।

অভিযোগ অনুসৰি জেলেবী বাবাই তেওঁৰ ওচৰলৈ বিধান বিচাৰি অহা মহিলাসকলক ড্ৰাগছ খোৱাই নিচাসক্ত কৰি ধৰ্ষণ কৰিছিল। তেওঁ এই ঘৃণনীয় কাৰ্যৰ ভিডিঅ’ ৰেকৰ্ড কৰিছিল আৰু তাৰ পিছত ভিডিঅ’ ৰাজহুৱা কৰাৰ ভাবুকি দি ধনৰ বাবে মহিলাসকলক ব্লেকমেইল কৰিছিল।

জেলেবী বাবাৰ এই ঘৃণনীয় আতিশয্যৰ পৰা বাদ পৰা নাছিল নাবালিকা তথা কিশোৰীও। অতিৰিক্ত জিলা ন্যায়াধীশ বলৱন্ত সিঙে নাবালিকাক দুবাৰকৈ ধৰ্ষণ কৰাৰ অপৰাধত জেলেবী বাবাক যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইনৰ ৬ নং ধাৰাত ১৪ বছৰৰ কাৰাদণ্ড বিহে।

লগতে দুটাকৈ ধৰ্ষণৰ গোচৰত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬ চি- ৰ অধীনত ৭ বছৰৰ কাৰাদণ্ড আৰু আই টি আইনৰ ৬৭-এ ধাৰাত ৫ বছৰৰ কাৰাদণ্ড বিহে আদালতে। অৱশ্যে অস্ত্ৰ আইন গোচৰত তেওঁক দোষমুক্ত কৰা হয়।

আদালতে প্ৰদান কৰা এই সকলো অপৰাধৰ শাস্তি একেলগে সমাপ্ত হ’ব আৰু জেলেবী বাবাই ১৪ বছৰ কাৰাগাৰত কটাব লাগিব।

উল্লেখ্য যে যোৱা ৫ জানুৱাৰীত ফতেহাবাদ আদালতে ধৰ্ষণৰ অভিযোগত স্বয়ম্ভু গডমেনগৰাকীক দোষী সাব্যস্ত কৰিছিল। নিৰ্যাতিত কেইবাগৰাকীও মহিলাৰ ভিতৰত ছয়গৰাকীয়ে আদালতত হাজিৰ হৈছিল। ভুক্তভোগী তিনিগৰাকীৰ বক্তব্যৰ ভিত্তিত আদালতে ৰায়দান কৰে।

হাৰিয়ানা আৰক্ষীয়ে ২০১৮ চনত ফতেহাবাদৰ টোহানা চহৰৰ পৰা জেলেবী বাবাক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ মোবাইলৰ পৰা ১২০টা যৌন ভিডিঅ’ ক্লিপিং উদ্ধাৰ কৰিছিল। অমৰপুৰী হাৰিয়ানাৰ টোহানাৰ বাবা বালাক নাথ মন্দিৰত মুখ্য দৰ্শক আছিল।

তদন্তৰ সময়ত পোহৰলৈ আহিছিল যে মহিলাসকলে নিজৰ সমস্যা সমাধানৰ বাবে তান্ত্ৰিক হিচাপে সুনাম গঢ়ি তোলা অমৰপুৰীৰ কাষ চাপিছিল। অভিযোগ অনুসৰি তেওঁ মহিলাসকলক অজ্ঞাতে ড্ৰাগছ আগবঢ়াইছিল আৰু যৌন নিৰ্যাতন চলাই ভিডিঅ’ বনাইছিল।

২০১৮ চনৰ ১৯ জুলাইত এগৰাকী ব্যক্তিয়ে সেই সময়ৰ টোহানা আৰক্ষী থানাৰ গৃহ বিষয়া (এছ এইচ অ’) প্ৰদীপ কুমাৰক জেলেবী বাবাৰ যৌন ভিডিঅ’ ক্লিপ দেখুওৱাৰ পিছত এই ঘটনা প্ৰথম পোহৰলৈ আহিছিল।

আৰক্ষী বিষয়া গৰাকীৰ অভিযোগৰ ভিত্তিত অভিযুক্ত জেলেবী বাবাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯২, ২৯৩, ২৯৪, ৩৭৬, ৩৮৪, ৫০৯ আৰু আই টি আইনৰ ৬৭-এ ধাৰাত গোচৰ ৰুজু কৰা হৈছিল।