তবলিগী জামাতৰ অধ্যক্ষৰ জ্যেষ্ঠ পুত্ৰৰ বেংকৰ তথ্যপাতি বাজেয়াপ্ত কৰিলে অপৰাধ শাখাই

প্ৰতিনিধিত্বমূলক ছবি

দিল্লীৰ আৰক্ষীৰ অপৰাধ শাখাই তবলিগী জামাতৰ অধ্যক্ষ মৌলানা চাইদৰ জ্যেষ্ঠ পুত্ৰৰ বেংক একাউন্টসহ বহু অন্যান্য তথ্যসম্বলিত কাকত পত্ৰ বাজেয়াপ্ত কৰিছে।

দ্য হিন্দুস্তান টাইমছৰ বাতৰিৰ মতে ক’ৰ’না সংক্ৰমণৰ হটস্পষ্টৰূপে পৰিগণিত যোৱা মাৰ্চত অনুষ্ঠিত দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতৰ আয়োজনৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত দিল্লী আৰক্ষীৰ অপৰাধ শাখাই বেংকৰ লগতে অন্যান্য তথ্যপাতি বাজেয়াপ্ত কৰিছে।

তবলিগী জামাত আয়োজনত চেইদৰ জ্যেষ্ঠ পুত্ৰ মৌলানা চাদে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ তদন্তকাৰী দলে নিশ্চিত হোৱাৰ পিছতে এই তেওঁৰ কাৰ্যালয়লৈ গৈ এই তথ্য প্ৰমাণসমূহ বাজেয়াপ্ত কৰিছে।

দিল্লী আৰক্ষীৰ অপৰাধ শাখাৰ অন্য এটা গোটে জামাতৰ পুঁজিৰ উৎসৰো সন্ধান কৰি আছে।

উক্ত গোটে জামাতে বিভিন্ন উৎসৰ পৰা দান বৰঙণি গ্ৰহণ কৰাৰ তথ্য লাভ কৰিছে। অপৰাধ শাখাৰ গোটটোৱে বৰঙণি দিয়া ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহৰ পৰিচয় উদ্ধাৰৰ বাবে চেষ্টা কৰি আছে।

অপৰাধ শাখাই জামাতত অংশগ্ৰহণ কৰাৰ পাঁচ জামাতীৰ পাছপ’ৰ্টসহ অন্যান্য ডকুমেন্টসমূহ ইতিপূৰ্বে বাজেয়াপ্ত কৰিছিল।

ইতিমধ্যে সোধ পোচৰ বাবে ৯০০ জামাতীলৈ জাননী জাৰি কৰিছে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই।

ইয়াৰ কিছু সংখ্যক জামাতী ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বাবে এতিয়াও জেৰা কৰা হোৱা নাই বুলি এক সূত্ৰত প্ৰকাশ।

তেওঁলোক চিকিৎসালয়ৰ পৰা অহাৰ পিছতেই জেৰা কৰি নিজামুদ্দিন তবলিগী জামাতৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব বুলি অপৰাধ শাখাই আশা কৰিছে।