NORTHEAST NOW (Assamese)

কোৱাৰেণ্টাইন কোঠাৰ সন্মুখত মলত্যাগ! জামাতিৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

April 7, 2020 4:38 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি, সৌজন্য- ইন্টাৰনেট

তবলিগী জামাতীৰ এক ঘৃণীয় কাণ্ডই আকৌ দেশজুৰি চৰ্চা লাভ কৰিছে।

এইবাৰ অভিযোগ আহিছে নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতত অংশগ্ৰহণ কৰা জামাতীয়ে কোৱাৰাণ্টেইন ৰুমৰ সন্মুখত মলত্যাগ কৰাৰ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে এই বাতৰি।

প্ৰকাশিত বাতৰি অনসুৰি উত্তৰ প্ৰদেশৰ নাৰেলা কোৱাৰাণ্টেইন গৃহত ঘটিছে এই ঘৃণীয় কাণ্ড।

নিজামুদ্দিনৰ তবলিগী জামাতৰ পৰা ওভতি অহাৰ পিছত উত্তৰ প্ৰদেশৰ বৰাবাংকীস্থিত কোৱাৰাণ্টেইন গৃহত কেবাজনো জামাতীক কোৱাৰাণ্টাইন কৰা হৈছিল।

উক্ত কোৱাৰাণ্টেইন গৃহৰ ২১২ নং কোঠাৰ সন্মুখতে মলত্যাগ কৰে জামাতীয়ে। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ উদ্ধৃতিৰে বাতৰিত কোৱা হৈছে।

কোৱাৰাণ্টেইন গৃহটোৰ চেনিটাইজেন কৰ্মী আৰু গৃহটোৰ নিৰক্ষীকগৰাকীৰ অভিযোগৰ ভিত্তিত এই ঘটনাৰ সংক্ৰান্ত ইতিমধ্যে স্থানীয় আৰক্ষীয়ে এক গোচৰ ৰুজু কৰিছে।

Related News