NORTHEAST NOW (Assamese)

আইচিইউ বিচনাৰ বাবে সহায় বিচাৰি অৱশেষত মৃত্যু হ’ল জামিয়াৰ কোভিড আক্ৰান্ত অধ্যাপিকাৰ

May 19, 2021 8:46 am · এন ই নাও নিউজ
Updated: May 19, 2021 8:54 am

মাত্ৰ এসপ্তাহৰ পূৰ্বে কোভিডত আক্ৰান্ত হৈ আইচিইউৰ বিচনা বিচাৰি টুইট কৰা জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ডঃ নাবিলা ছাদিকৰ সোমবাৰে ফৰিদাবাদত মৃত্যু হৈছে।

জৱাৰহলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰীৰ লাভ কৰা ৩৮ বছৰীয়া ডঃ নাবিলাই যোৱা ২০ এপ্ৰিললৈকে তেওঁৰ শিক্ষাৰ্থীসকলৰ থেছিছৰ কামত সহযোগ কৰি আহিছিল।

নাবিলাৰ মৃত্যুৰ মাত্ৰ ১০ দিন পূৰ্বে ৭৬ বছৰীয়া মাতৃ নুজহাত কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল। পিতৃও কোভিডত আক্ৰান্ত হৈ চিকৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও কিছুদিন পূৰ্বে ৰিলিজ দিয়া হৈছে আৰু বৰ্তমান হোম কোৱাৰেন্টাইনত আছে।

আনহাতে ডঃ নাবিলাই যথোপযুক্ত চিকিৎসা সেৱা লাভ নকৰাৰ ফলতে মৃত্যু হোৱা বুলি অভিযোগ তুলিছে তেওঁৰ শিক্ষাৰ্থীসকলে।

শিক্ষাৰ্থীসকলৰ মতে পিতৃ আৰু মাতৃ কোভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ মাজতে ডঃ নাবিলাও কোভিডত আক্ৰান্ত হয় আৰু তেওঁৰ শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাত বহু বিচাৰ খোচাৰ কৰি আলশ্বিফা হাস্পতালত ভৰ্তি কৰোৱা হয়।

কিন্তু ডঃ নাবিলাৰ অক্সিজেনৰ পৰিমাণ সংকটজনকভাৱে ৩২ লৈ হ্ৰাস হোৱাৰ পিছত তেওঁৰ বন্ধু-বান্ধৱসকলৰ প্ৰচেষ্টাত ফৰিদাবাদ ফ’ৰ্টিছ হাস্পতাললৈ স্থানান্তৰ কৰা হয় যদিও গুৰুতৰভাৱে হাওফাওলৈ ৰোগ সংক্ৰমিত হোৱাৰ ফলত তেওঁৰ মৃত্যু হয়।

দিল্লীত কোভিডত আক্ৰান্ত লোকৰ মৃত্যুত শংকিত হোৱা ডঃ নাবিলাই পিতৃ-মাতৃ কোভিডত আক্ৰান্ত হোৱাৰ পিছত যোৱা ২ মে’ত টুইট কৰি লিখিছিল “এই হাৰত অন্ততঃ দিল্লীত কোনেও জীয়াই নাথাকিব।”

কিন্তু ইয়াৰ পিছতে নিজেও কোভিড আক্ৰান্ত হৈ মাতৃৰ মৃত্যুৰ মাত্ৰ ১০ দিনৰ পিছতে জীৱনৰ ওচৰত হাৰ মানিলে ডঃ নাবিলাই।

তেওঁৰ মৃত্যুৰ পিছত আলিগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শোকগ্ৰস্ত পিতৃয়ে কয়, “তাই মাতৃক খুব ভাল পাইছিল, সেয়ে মোক অকলশৰীয়া কৰি এৰি থৈ মাতৃৰ ওচৰলৈ গুচি গ’ল।”

Related News