NORTHEAST NOW (Assamese)

বৰভাগত ২০০ ৰো অধিক পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ জনকল্যাণ মঞ্চৰ

April 13, 2020 10:39 pm · এন ই নাও নিউজ
ফটো : নৰ্থ-ইষ্ট নাও

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশত চলি থকা লকডাউনৰ ফলত দুখীয়া তথা দিন হাজিৰা কৰা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ নাটনিয়ে দেখা দিছে।

ইয়াৰ মাজতে দৰিদ্ৰ তথা দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালৰ কাষত থিয় দিছে নলবাৰী জিলাৰ বৰভাগৰ জনকল্যাণ মঞ্চ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ সদস্যসকল।

আজি পুৱা জনকল্যাণ মঞ্চৰ ৩০ জনীয়া সদস্যৰ এটা দলে বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত মৌৰা, কালাগ, কোটালকুছি, বৰকুলহাটী, ক্ষুদ্ৰকুলহাটী, উখুৰা, ৰনাকুছি আদিকে ধৰি প্ৰায় ২০ খন গাঁৱৰ ২০০ ৰো অধিক দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।

সংগঠনটোৰ সদস্য সকলে চৰকাৰে বান্ধি দিয়া সকলো নীতি নিৰ্দেশনা মানি চলি পৰিয়ালসমূহৰ মাজত চিৰা, চেনী, বিস্কুট, গাখীৰ, চাহপাত, চাবোন আদি বিতৰণ কৰে।

মঞ্চৰ এই মহানুভৱতাক বৰভাগৰ সচেতন ব্যক্তি তথা সহায় পোৱা পৰিয়াল সমূহে আন্তৰিকতাৰে শলাগ লয়।

আনহাতে বৰভাগৰে কোটালকুছি গাঁৱৰ চৰকাৰী কৰ্মচাৰী দিলীপ মেধি আৰু তেওঁৰ পুত্ৰ ৰূপম মেধিয়েও গাঁওখনৰ প্ৰায় ৫০ টা দুখীয়া তথা অসহায় পৰিয়ালৰ মাজত আটা, দাইল, মিঠাতেল, গাখীৰ, বিস্কুট আদি অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে।

খাদ্য সামগ্ৰী বিতৰণ কৰি থকাৰ মুহূৰ্তত ৰূপম মেধি। ফটো : নৰ্থ-ইষ্ট নাও।

Related News