গোৱালপাৰাৰ বলবলাত কৃষ্ণ জন্মাষ্টমীৰ আয়োজন; কৃষ্ণৰ সাজেৰে কণ কণ শিশুৰ শোভাযাত্ৰা

Janmashtami at Balaba

আজি মহা জন্মাষ্টমী। কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে গোৱালপাৰা জিলাৰ বলবলাৰ আকাশ বতাহ। গোৱালপাৰা জিলা বিশ্ব হিন্দু পৰিষদৰ উদ্দ্যোগত আজি দিনযোৰা কাৰ্যসূচীৰে বলবলাত যথেষ্ঠ উৎসাহ উদ্দীপনাৰ মাজেৰে জিলা ভিত্তিত কৃষ্ণ জন্মাষ্টমীৰ আয়োজন কৰা হৈছে।

এই উপলক্ষে বলাবাৰ মাজেৰে এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। কণ কণ শিশু সকলে ৰাজপথত ৰাধা কৃষ্ণৰ সাজ পিন্ধি সমদলত ভাগ লোৱাৰ দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰ উপৰি নামতিৰ নাম আৰু অন্যান্য কাৰ্যসূচীৰে বলবলা অঞ্চলত এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয়।

জন্মাষ্টমী উপলক্ষে বলবলা হৰি মন্দিৰ প্ৰাংগনত এক ধৰ্মীয় আলোচনা চক্ৰও অনুষ্ঠিত কৰা হয়৷