কোভিড-১৯ আতংক; প্ৰৱেশ নিষিদ্ধ দেশৰ তালিকাত ভাৰতকো অন্তৰ্ভূক্ত কৰিলে জাপানে
ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জাপানে ভাৰতকে ধৰি দহ খন দেশৰ জাপানত প্ৰৱেশ নিষিদ্ধ কৰিছে।
বৃহস্পতিবাৰে জাপানৰ প্ৰধান মন্ত্ৰী চিনজো এবে ভাৰতৰ লগতে ১০ খন দেশৰ নাগৰিকৰ জাপানত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে বুলি ঘোষণা কৰে।
আনহাতে নতুনকৈ প্ৰৱেশ নিষিদ্ধ কৰা ১০ খন দেশক লৈ জাপানে বৰ্তমানলৈ ১১১ খন দেশৰ নাগৰিকৰ জাপানত প্ৰৱেশ নিষিদ্ধ কৰিছে।
মূলত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশখনক বচোৱাৰ বাবেই জাপানে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।
এই সময়ছোৱাত জাপানে প্ৰৱেশ নিষিদ্ধ কৰা দেশসমূহৰ সৈতে আকাশী আৰু জলপথেৰে জাপানৰ সম্পৰ্ক বন্ধ হৈ থাকিব।
জাপানৰ প্ৰধান মন্ত্ৰী এবে কিছুদিন পূৰ্বে দেশখনত ক’ৰ’নাৰ সংক্ৰমণৰ বাবে চলি থকা ৰাষ্ট্ৰজোৰা জৰুৰীকালীন অৱস্থাৰ সামৰণি পৰা বুলিও ঘোষণা কৰিছিল।
ক’ৰ’নাৰ সংক্ৰমণৰ বাবে চলিত বৰ্ষত জাপানৰ ৰাজধানী টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক ক্ৰীড়া প্ৰতিযোগিতা ২০২১ বৰ্ষলৈ পিছুৱাই দিয়া হৈছে।