NORTHEAST NOW (Assamese)

মাত্ৰ ১৫ মিনিটতে আপোনাক গা ধুৱাই দিব যন্ত্ৰই! জাপানে আনিছে ‘হিউমেন ৱাশ্বিং মেচিন’

December 10, 2024 1:42 pm · এন ই নাও নিউজ, গুৱাহাটী

জাপানক উদ্ভাৱনৰ দেশ বুলি কোৱা হয়। এই দেশখনে ইতিমধ্যে প্ৰযুক্তি ব্যৱহাৰ কৰি বহুতো নতুন যন্ত্ৰ উদ্ভাৱন কৰিছে। এইবাৰ তালিকাত সংযোজন হৈছে আন এটা নাম- ‘হিউমেন ৱাশ্বিং মেচিন।’ যিটোৱে AI ৰ সহায়ত মাত্ৰ ১৫ মিনিটতে গোটেই মানুহ এজনক ধুই শুকুৱাই দিব অৰ্থাৎ গা ধুৱাই দিব।

জাপানৰ ছায়েঞ্চ কোম্পানী নামৰ এটা কোম্পানীয়ে এই মেচিনটো নিৰ্মাণ কৰিছে। নাম দিয়া হৈছে ‘মিৰাই নিংগেন চেন্টাকুক’। এই মেচিনটোত সোমালে কেৱল গা ধোৱাই নহয়, কোম্পানীয়ে দাবী কৰা মতে স্পা কৰিলে যেনেকুৱা অভিজ্ঞতা হয়, তেনে অভিজ্ঞতাও হ’ব।

ইয়াত থাকিব ৱাটাৰ জেট, মাইক্ৰোস্কপিক এয়াৰ বাবল্ছ। ইয়াৰ উপৰিও ছালৰ ধৰণ অনুসৰি বডি ৱাছো থাকিব। AI ব্যৱহাৰ কৰিয়েই ছালৰ ধৰণ, চেহেৰাৰ জোখ ছিলেক্ট কৰিব পাৰিব। ৱাছ চাইকল অৰ্থাৎ পানী কিমানবাৰ পৰিব, মেচিনটোৱে কিমান পানীৰে গা ধুৱাব, এই সকলোবোৰ কাষ্টমাইজ কৰিব পাৰিব।

এইটোৱে কেনেকৈ কাম কৰিব?

* প্ৰথমে মেচিনত প্ৰৱেশ কৰিব লাগিব।

* ইতিমধ্যে তাত আধা গৰম পানী থাকিব।

* ইয়াৰ পিছত পানীত মাইক্ৰোস্কপিক এয়াৰ বাবল্ছ গঠন হ’ব। কোম্পানীটোৱে দাবী কৰিছে যে এই বাবল্ছবোৰে ছালত ঘঁহনি খাব আৰু মলি আঁতৰাই পেলাব।

* এতিয়া এআইয়ে ব্যক্তিজনৰ ভাইটেল চাইন নিৰীক্ষণ কৰিব।

* সেইমতে পানী কিমান উষ্ণতাত ৰাখিলে ব্যক্তিজনে আৰাম অনুভৱ কৰিব, সেই উষ্ণতা নিশ্চিত কৰিব।

* এই মেচিনটোৱে মানসিক স্বাস্থ্যৰ দিশটোও চাব।

* ৰিলাক্স কৰিবলৈ যি যি কৰিব লাগে সেয়া কৰিব।

বজাৰলৈ কেতিয়া আহিব?

এই মেচিনটো ২০২৫ চনৰ ওছাকা এক্সপ’ত উদ্বোধন কৰা হ’ব। প্ৰথমবাৰৰ বাবে ইয়াক ব্যৱহাৰ কৰাৰ সুযোগ পাব এহাজাৰ দৰ্শকে। পৰীক্ষা শেষ হোৱাৰ পিছত এই মেচিনটোৰ গণ উৎপাদন আৰম্ভ হ’ব। কোম্পানীটোৱে জনোৱা মতে,  কেৱল ব্যৱসায়িক ক্ষেত্ৰতে নহয়, ঘৰতে ব্যৱহাৰ কৰিব পৰা মেচিনো অনা হ’ব।

Related News