• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰু কিমান দিনলৈ বিনামূলীয়া ৰেচন দিব? কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 10, 2024 12:29 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড মহামাৰীৰ সময়ত মোডী চৰকাৰে খাদ্য সুৰক্ষা আইনৰ অধীনত আৰ্ত নাগৰিকক বিনামূলীয়া ৰেচন প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিল। মহামাৰীৰ অন্ত পৰিল যদিও এতিয়াও তেওঁলোকক বিনামূলীয়া ৰেচন দিয়া হৈছে। লোকসভা নিৰ্বাচনৰ পূৰ্বে মোডী চৰকাৰে এই বিষয়টো তেওঁলোকৰ প্ৰচাৰতো অন্তৰ্ভুক্ত কৰিছিল – দেশৰ ৮১ কোটি জনসাধাৰণক বিনামূলীয়া বা ৰাজসাহায্যযুক্ত হাৰত ৰেচন দিয়া হৈছে।

সোমবাৰে (৯ ডিচেম্বৰ) উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ এই পদক্ষেপক লৈ প্ৰশ্ন উত্থাপন কৰে। ন্যায়াধীশ সূৰ্য্য কান্ত আৰু ন্যায়াধীশ মনমোহনৰ বিচাৰপীঠে এই প্ৰশ্ন উত্থাপন কৰে যে ‘কিমান দিনলৈ এই বিনামূলীয়া ৰেচন দিব?’ পৰিৱৰ্তে চাকৰিৰ সুযোগ আৰু সামৰ্থ্য বিকাশৰ প্ৰয়োজন বুলি জনায় আদালতে।

Apply Now

২০২০ চনত উচ্চতম ন্যায়ালয়ে কোভিড মহামাৰীৰ সময়ত প্ৰব্ৰজিত শ্ৰমিকৰ সমস্যা আৰু দুৰ্দশা সন্দৰ্ভত নিজাববীয়াকৈ এটা গোচৰ গ্ৰহণ কৰিছিল। সোমবাৰে সেই গোচৰৰ শুনানি হৈছিল। এটা বেচৰকাৰী সংস্থাৰ হৈ শুনানিত উপস্থিত আছিল বিশিষ্ট অধিবক্তা প্ৰশান্ত ভূষণ। তেওঁ আদালতত কয় যে চৰকাৰৰ ‘ই-শ্ৰম পৰ্টেল’ত পঞ্জীয়নভুক্ত সকলো প্ৰব্ৰজিত শ্ৰমিকক বিনামূলীয়া ৰেচন প্ৰদানৰ নিৰ্দেশ জাৰি কৰা উচিত।

লগতে পঢ়কঃ বেংগালুৰুক আই টি কেপিটেল গঢ়াৰ ৰূপকাৰ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ এম কৃষ্ণৰ দেহাৱসান

আদালতে জানিব বিচাৰে বৰ্তমান কিমানক বিনামূলীয়া ৰেচন দিয়া হৈছে? কেন্দ্ৰৰ হৈ উপস্থিত থকা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু অতিৰিক্ত ছলিচিটৰ জেনেৰেল ঐশ্বৰ্য ভাটীয়ে কয় যে ৮১ কোটি লোকে এই সুবিধা লাভ কৰিছে। এই সংখ্যা শুনি বিস্মিত হৈ পৰে ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ মনমোহন।

ন্যায়াধীশ সূৰ্য কান্তে কয়, ‘তাৰ অৰ্থ হ’ল কেৱল কৰদাতাসকলকহে বাদ দিয়া হৈছে। এই ফ্ৰীবি কিমান দিনলৈ দিয়া সম্ভৱ? আমি কিয় এই প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে চাকৰিৰ সুযোগ, কৰ্মসংস্থাপন আৰু সামৰ্থ্য বিকাশৰ বাবে চেষ্টা কৰা নাই?’

প্ৰশান্ত ভূষনে জনায় যে উচ্চতম ন্যায়ালয়ে বিভিন্ন সময়ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সকলো প্ৰব্ৰজিত শ্ৰমিকক ৰেচন কাৰ্ড প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে যাতে তেওঁলোকে কেন্দ্ৰই প্ৰদান কৰা বিনামূলীয়া ৰেচন লাভ কৰিব পাৰে। লগতে উচ্চতম ন্যায়ালয়ৰ শেহতীয়া নিৰ্দেশত কোৱা হৈছিল যে যিসকলৰ ৰেচন কাৰ্ড নাই কিন্তু ই-শ্ৰম পৰ্টেলত পঞ্জীয়ন কৰিছে, তেওঁলোককো বিনামূলীয়া ৰেচন দিব লাগে।

ন্যায়াধীশ সূৰ্য কান্তে কয়, ‘এইটোৱেই সমস্যা। যি মুহূৰ্তত আমি ৰাজ্যসমূহক নিৰ্দেশ দিওঁ যে সকলো প্ৰব্ৰজিত শ্ৰমিকক বিনামূলীয়া ৰেচন প্ৰদান কৰক, আৰু আন কাকো যাতে তাত দেখা নাযায়। ৰাইজক সন্তুষ্ট কৰিবলৈ ৰাজ্যসমূহে যিমান বিচাৰে সিমান ৰেচন কাৰ্ড প্ৰদান কৰে। তেওঁলোকে ভালদৰেই জানে যে বিনামূলীয়া ৰেচন দিয়াটো কেন্দ্ৰৰ দায়িত্ব।‘

লগতে পঢ়কঃ শক্তিকান্তৰ বিদায়, ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ হ’ল সঞ্জয় মালহোত্ৰা

প্ৰশান্ত ভূষনে কয় যে ২০১১ চনৰ লোকপিয়লৰ তথ্যৰ ভিত্তিত বৰ্তমান কেন্দ্ৰই এই সুবিধা প্ৰদান কৰি আছে। ২০২১ চনত লোকপিয়ল কৰা হ’লে প্ৰব্ৰজিত শ্ৰমিকৰ সংখ্যা বহু বেছি হ’লহেঁতেন। এই বিষয়ত কেন্দ্ৰ-ৰাজ্যৰ মাজত বিভাজন আনিবলৈ তেওঁক বাধা দিয়ে বিচাৰপীঠে। তুষাৰ মেহতাই কয় যে উচ্চতম ন্যায়ালয়ে কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ নিৰ্দেশ দিছিল। সেই সময়ত প্ৰব্ৰজিত শ্ৰমিকৰ অৱস্থা আছিল ভয়াৱহ। তেওঁ লগতে কয় যে চৰকাৰে আইন মানি চলিব লাগে। ইয়াৰ বাহিৰত যোৱাৰ কোনো উপায় নাই।

ন্যায়াধীশ সূৰ্য কান্তে কয় যে প্ৰব্ৰজিত শ্ৰমিকৰ ক্ষেত্ৰত বিশদ শুনানিৰ প্ৰয়োজন। অহা ৮ জানুৱাৰীত এই গোচৰৰ পৰৱৰ্তী শুনানি নিৰ্ধাৰণ কৰা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd