• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেংগালুৰুক আই টি কেপিটেল গঢ়াৰ ৰূপকাৰ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ এম কৃষ্ণৰ দেহাৱসান

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 10, 2024 9:26 am
কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ছোমনাহল্লী মল্লাইয়া কৃষ্ণ প্ৰয়াত। ফাইল ফটোঃ সংগ্ৰহীত।

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ছোমনাহল্লী মল্লাইয়া কৃষ্ণ প্ৰয়াত। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ছোমনাহল্লী মল্লাইয়া কৃষ্ণৰ দেহাৱসান ঘটিছে। মঙলবাৰে পুৱা বাংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। বয়স আছিল ৯২ বছৰ। তেওঁ এছ এম কৃষ্ণ নামেৰে অধিক পৰিচিত আছিল।

ভাৰত চৰকাৰে যোৱা বছৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মা বিভূষণ’ৰে তেওঁক সন্মানিত কৰিছিল। প্ৰাক্তন কংগ্ৰেছী কৃষ্ণই জীৱনৰ শেষৰ ফালে বিজেপিত যোগদান কৰে। কেইবাখনো বিদেশী শিক্ষানুষ্ঠানত অধ্যয়ন কৰা কৃষ্ণ সদায় এগৰাকী মেধাৱী ছাত্ৰ আছিল। ভাৰতৰ উচ্চ শিক্ষিত ৰাজনীতিবিদসকলৰ ভিতৰত তেওঁ আছিল অন্যতম।

Apply Now

১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পদ আছিল কৃষ্ণৰ ৬০ বছৰীয়া ৰাজনৈতিক জীৱনৰ সোণালী অধ্যায়। সেই সময়ত তেওঁ বাংগালোৰক দেশৰ তথ্য প্ৰযুক্তি উদ্যোগৰ ৰাজধানী কৰি তুলিছিল। ৰাজ্যৰ ৰাজধানীখনৰ ৰূপেই সলনি কৰি দিয়ে। তেওঁৰ সময়ত বাংগালুৰুৰ আন্তঃগাঁথনিৰ ব্যাপক উন্নতি ঘটিছিল।

লগতে পঢ়কঃ শক্তিকান্তৰ বিদায়, ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ হ’ল সঞ্জয় মালহোত্ৰা

বাংগালুৰুক ভাৰতৰ ছিলিকন ভেলী হিচাপে গঢ়ি তোলাৰ কৃতিত্ব লাভ কৰিলেও ২০০৪ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ দলটোক ক্ষমতালৈ ঘূৰাই অনাত ব্যৰ্থ হয়। অভিযোগ উত্থাপন হৈছিল যে কৃষ্ণ চহৰৰ উন্নয়নত ব্যস্ত আছিল। গাঁৱৰ কথা নাভাবিলে। অৱশ্যে কৃষ্ণৰ যুক্তি আছিল যে তেওঁ আই টি খণ্ডৰ পৰা পোৱা ৰাজহৰ দ্বাৰা সমগ্ৰ ৰাজ্যখনক উন্নত কৰি তুলিছে।

২০০৪ চনত দলৰ হাইকমাণ্ডে তেওঁক কংগ্ৰেছৰ বিৰোধী নেতাৰ পদৰ পৰা অপসাৰণ কৰি মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে। ৰাজ্যিক কংগ্ৰেছত তেওঁক লৈ হোৱা বিতৰ্কৰ বাবেই ছোনিয়া গান্ধীয়ে সেই সিদ্ধান্ত গ্ৰহণ কৰিছিল। পিছত কৃষ্ণই কেইবাটাও সাক্ষাৎকাৰত কৈছিল যে ৰাজ্যৰ ৰাজনীতি এৰি ৰাজ্যপাল হোৱাটো তেওঁৰ বাবে উচিত হোৱা নাই। কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিলে তেওঁ মুখ্যমন্ত্ৰী হ’লহেঁতেন।

২০০৪ চনৰ বিধানসভা নিৰ্বাচনত পৰাজয়ৰ বহুখিনি দায়িত্ব তেওঁ নিজৰ কান্ধত লৈছিল। স্বীকাৰ কৰিছিল যে ছমাহ নিৰ্বাচন আগবঢ়াই অনাৰ সিদ্ধান্ত শুদ্ধ নাছিল। তেওঁ কৈছিল, “ৰাজ্যৰ জনসাধাৰণে ভাবিছিল যে মই হাৰিবলৈ ভয় কৰি নিৰ্বাচন আগুৱাই আনিছিলো।”

লগতে পঢ়কঃ ফেটি লিভাৰত শংকিত? মদ্যপান এৰিলেই যথেষ্ট নহয়, জীৱনত আৰু ৭টা পৰিৱৰ্তন আনিব লাগিব

ৰাজনৈতিক মহলৰ মতে তথ্য প্ৰযুক্তি উদ্যোগৰ ওপৰত ভিত্তি কৰি নিজৰ ভাৱমূৰ্তিক লৈ কৃষ্ণৰ এক অন্ধ আস্থাৰ সৃষ্টি হৈছিল। সেয়ে একক সিদ্ধান্তেৰে নিৰ্বাচন আগবঢ়াই অনাৰ সিদ্ধান্তৰ বাবেই নিৰ্বাচনত বেয়াকৈ পৰাজিত হব লগা হৈছিল। ২০১২ চনত দলৰ সৈতে সংঘাতৰ বাবে ইউ পি এ চৰকাৰৰ বিদেশ মন্ত্ৰীৰ পদৰ পৰা তেওঁক অপসাৰণ কৰা হৈছিল।

কিন্তু কৃষ্ণৰ মুখ্যমন্ত্ৰিত্বৰ সময়ছোৱাত আটাইতকৈ বিপৰ্যয়জনক পৰ্যায়টো আছিল জনপ্ৰিয় অভিনেতা ৰাজকুমাৰক চন্দন দস্যু বীৰপ্পানে কৰা অপহৰণৰ ঘটনা। সেই ঘটনাত সমগ্ৰ কৰ্ণাটক ক্ষোভত জ্বলি উঠিছিল। আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত কৃষ্ণ তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd