NORTHEAST NOW (Assamese)

পৰিবহনৰ নতুন চমৎকাৰ উৰন্ত গাড়ী: যাত্ৰীসহ জাপানত সম্পন্ন হ’ল সফল পৰীক্ষণ

September 1, 2020 10:47 am · এন ই নাও নিউজ
জাপানত সফলতাৰে পৰীক্ষা সম্পন্ন হোৱা উৰন্ত গাড়ী।

শেহতীয়াকৈ জাপানত পৰীক্ষামূলকভাৱে সম্পন্ন কৰা হৈছে উৰন্ত গাড়ী অৰ্থাৎ ফ্লাইং কাৰৰ সফল পৰীক্ষণ।

ইয়াৰ পাছতে এনেকুৱা উৰন্ত গাড়ীৰ দেখা পোৱাৰ জল্পনা-কল্পনা আৰম্ভ হৈ গৈছে।

বিশ্বৰ কেইবাখনো দেশৰ কেইবাটাও সংস্থাই এনে ধৰণৰ গাড়ীৰ প্ৰট’টাইপ নিৰ্মাণ কৰিছে যদিও জাপানতহে ইয়াৰ সফল পৰীক্ষণ সম্পন্ন হৈছে।

এতিয়া নতুন প্ৰযুক্তিৰ বাট মুকলি কৰি জাপানে এক নতুন সম্ভাৱনা দুৱাৰ খুলি দিছে।

বাতৰি অনুসৰি, জাপানৰ skydrive নামৰ সংস্থাটোৰ সৈতে এই প্ৰকল্পত আন কেইটামান সংস্থায়ো অংশ লৈছিল বুলি কোৱা হৈছে।

প্ৰায় তিনি বছৰ পূৰ্বে এনে প্ৰচেষ্টা বিফল হোৱাৰ পাছত সংস্থাটোৱে আৰু অধিক মনযোগেৰে এই কামত আত্মনিয়োগ কৰিছিল।

অৱশেষত তেওঁলোকে সফলতা লাভ কৰিলে আৰু বিশ্বৰ আগত এক নতুন পৰিবহনৰ ছবি দাঙি ধৰিলে।

বাতৰি অনুসৰি, এই পৰীক্ষণৰ বাবে জাপানৰ ডেভেলপমেন্ট বেংকৰ ফালৰ পৰাও বিত্তীয় অনুদান লাভ কৰিছিল সংস্থাটোৱে।

কেইদিনমান পূৰ্বে সংস্থাৰ ফালৰ পৰা প্ৰকাশ কৰা এটা ভিডিঅ’ত দেখা গৈছিল যে মটৰবাইকৰ  আকৃতিৰ হ’লেও এই গাড়ীখনে মাটিৰ পৰা কেইফুটমান ওপৰত উৰিছিল আৰু চালক আসনত এগৰাকী ব্যক্তিক বহি থকা দেখা গৈছিল।

ইয়াৰ পাছতে সকলোৰে মনত আকৰ্ষণ বৃদ্ধি পোৱাৰ লগতে বিভিন্ন অনুমানে ক্ৰিয়া কৰিছিল।

বিশ্বত এই উৰন্ত গাড়ীৰ একাধিক প্ৰকল্পই চেষ্টা কৰিও ব্যৰ্থ হৈছিল। কিন্তু এইবাৰ সফলতাৰ ফলত জাপানৰ skydrive বাটকটীয়া হৈ পৰিল।

সংস্থাটোৱে এই ফ্লাইং কাৰ ২০২৩ চনৰ ভিতৰত যাতে বজাৰলৈ আনিব পৰা যায় তাৰ বাবে পৰীক্ষা-নিৰীক্ষা চলাই আছে।

Related News