কোচ ৰাজবংশী জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিকৰণৰ দাবী জাতীয় মঞ্চৰ

মুখ্যমন্ত্ৰী আৰু ভৈয়াম জনজাতি বিভাগৰ মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ

kokokoko

অসম চৰকাৰক অতিশীঘ্ৰে মন্ত্রীগাটৰ প্রতিবেদন কেন্দ্রীয় চৰকাৰলৈ প্ৰেৰণ কৰি আগন্তুক সংসদৰ অধিৱেশনতে জনজাতিকৰণৰ বিধেয়ক উত্থাপনৰ জৰিয়তে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ মর্যাদা প্রদান কৰিবলৈ দাবী জনাই বৃহস্পতিবাৰে কোচ ৰাজবংশী জাতীয় মঞ্চই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্রী ডাঃ ৰণোজ পেগুক সুকীয়া সুকীয়াকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

স্মাৰক পত্ৰত অসমৰ কোচ ৰাজবংশী সকলে ১৯৬৭ চনৰ পৰা জনজাতিকৰণ দাবী কৰি আহিছে যদিও বিভিন্ন চৰকাৰৰ উদাসীনতা আৰু বিভিন্ন মেৰপেছত পৰি জনজাতিকৰণৰ পৰা বঞ্চিত হৈ আহিছে বুলিও ক্ষোভ প্রকাশ কৰে ৷

এক প্ৰেছ বিবৃতিত কোচ ৰাজবংশী জাতীয় মঞ্চৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ে এই কথা উল্লেখ কৰিছে ৷

সাধাৰণ সম্পাদকগৰাকীয়ে লগতে যোৱা বৰ্ষৰ ৩ চেপ্তেম্বৰত অসম বিধান সভাত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ বিধেয়ক গৃহীত কৰাৰ বাবে বিজেপি নেতৃত্বাধীন অসম চৰকাৰক ধন্যবাদ জনায় যদিও যোৱা ফেব্ৰুৱাৰী মাহত খৰখেদাকৈ বিটিআৰ আৰু ৰাভা হাছং পৰিষদৰ অন্তৰ্গত কেবাজনো ব্যক্তিক অন্তর্ভুক্ত কৰি অন্তৰ্ৱৰ্তীকালীন কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ গঠন কৰাটো অতি দুর্ভাগ্যজনকেই নহয় ইয়াৰ জৰিয়তে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ আইন উলংঘন কৰা হৈছে বুলিও বিবৃতিটোত উল্লেখ কৰিছে ।

কোচ ৰাজবংশী জাতীয় মঞ্চই কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ আইন ২০২০ অনুসাৰে পৰিষদৰ বাহিৰৰ লোকসকলোকে আঁতৰাই কমতাপুৰ স্বায়ত্বশাসিত পৰিষদখন পুনৰ গঠন কৰবলৈকো মুখ্যমন্ত্রী আৰু জনজাতি পৰিক্ৰমা মন্ত্রীক দাবী জনায় । লগতে পৰিষদখন পুনৰ গঠনৰ স্বার্থত ভুৱা ঠিকনা দি পৰিষদৰ শাসনভাৰ ল’ব বিচৰা সকলকো জাতিৰ প্রতি দায়বদ্ধতা দেখুৱাই স্বেচ্ছাই পদত্যাগ কৰিবলৈ আহ্বান জানায়।

ভূপেন ৰায়ে উনুকিয়াই কয় যে, কিছুসংখ্যক লোকে পৰিষদৰ বাসিন্দা বুলি ভুৱা ঠিকনা দি অন্তর্বর্তীকালীন পৰিষদত অন্তর্ভুক্ত হোৱাৰ কাৰণে ন্যায়ালয়ৰ ৰোষত পৰিছে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে পৰিষদৰ কামকাজত স্থিতাৱস্থাৰ নিৰ্দেশ জাৰি কৰিছে ।
তেনে ক্ষেত্ৰত ভুৱা ঠিকনাৰে পৰিষদত অন্তর্ভুক্ত হোৱা সকলোৰে বাবে যদি পৰিষদখন পুনৰ গঠন নকৰে আৰু শপতগ্ৰহণ কৰি চৰকাৰী কামকাজ কৰাত বাধা হয় তাৰ বাবে ভুৱা ঠিকনাধাৰী সকল জগৰীয়া হ’ব ।

কাৰণ কেএচি দুই এজন ব্যক্তিক সংস্থাপিত কৰা পৰিষদ নহয় বুলিও কয় ৷ উল্লেখ্য যে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ আইন ২০২০ অনুসৰি পৰিষদখন গঠন নোহোৱাত ধুবুৰী জিলাৰ তিনিজন কোচ ৰাজবংশী ব্যক্তিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন জনোৱাত উক্ত লেখ আবেদনৰ ভিত্তিত ন্যায়ালয়ে পৰিষদখনৰ কামকাজত স্থগিতাদেশ জাৰি কৰি যোৱা এপ্ৰিল মাহতে ৰাজ্য চৰকাৰলৈ নিৰ্দেশ প্ৰেৰণ কৰিছিল ৷

যাৰ বাবে পৰিষদখন ওলমি ৰৈছে ৷ সেইদৰে জাতীয় মঞ্চই স্মাৰকপত্র যোগে অসমৰ কোচ ৰাজবংশী সকলোৰে সামগ্রিক বিকাশ আৰু উন্নয়নৰ বাবে গঠিত কোচ ৰাজবংশী উন্নয়ন পৰিষদ (কে আৰ ডি চি) খনকো সমগ্র অসমৰ জিলাক সামৰি উপযুক্ত ব্যক্তিৰ দ্বাৰা পুনৰ গঠন কৰিবলৈকো মুখ্যমন্ত্ৰীক আহ্বান জনাইছে ।