বিশিষ্ট লেখক-গীতিকাৰ জাভেদ আখতাৰলৈ ২০২০ বৰ্ষৰ সন্মানীয় ৰিচাৰ্ড ডা’কিন্স বঁটা

প্ৰথম গৰাকী ভাৰতীয় হিচাপে আখতাৰে লাভ কৰিছে এই সন্মানীয় বঁটা

file6zza5g0z01215f3nhg7s-704385032-1589102544-1591552939

বৰ্ষীয়ান লেখক-গীতিকাৰ জাভেদ আখতাৰলৈ আগবঢ়োৱা হৈছে ২০২০ বৰ্ষৰ সন্মানীয় ৰিচাৰ্ড ডা’কিন্স বঁটা।

প্ৰবীণ লেখক-গাতিকাৰজনলৈ ধৰ্মনিৰপেক্ষ সমালোচনামূলক চিন্তা-চৰ্চা, মানৱীয় ভাৱনা আৰু মানৱীয় মূল্যবোধক আগুৱাই নিয়াৰ বাবেই এই সন্মানীয় বঁটা আগবঢ়োৱা হৈছি বুলি জানিব পৰা গৈছে।

জাভেদ আখতাৰেই হৈছে এই সন্মানীয় বঁটা লাভ কৰা প্ৰথম গৰাকী ভাৰতীয়।

উল্লেখ্য যে, ২০০৩ চনৰ পৰাই বিশ্বৰ বিজ্ঞান, পাণ্ডিত্য, শিক্ষাৰ বা বিনোদন আদি ক্ষেত্ৰলৈ ধৰ্মনিৰপেক্ষ আৰু বিজ্ঞামনস্কতা তথা যুক্তিনিষ্ঠতাৰে বিশিষ্ট অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিক এই সন্মানীয় বঁটা আগবঢ়াই অহা হৈছে।

জাভেদ আখতাৰলৈ এই সন্মানীয় বঁটা আগবঢ়োৱাৰ বাবে বিভিন্নজনে আখতাৰক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।

আখতাৰৰ পত্নী তথা প্ৰবীণ অভিনেত্ৰী শ্বাৱনা আজমীয়ে কয় যে বৰ্তমান দেশত যি ধৰণে ধৰ্ম নিৰপেক্ষতাৰ ওপৰত আক্ৰমণ চলিছে তেনে অৱস্থাত ভাৰতত এই বঁটাৰ প্ৰাসঙ্গিকতা আৰু অধিক বৃদ্ধি পাইছে।

সংবাদ প্ৰতিষ্ঠান পিটিআইৰ আগত আজমীয়ে কয়, ‘মই শিহৰিত হৈছো, মই জানো নায়ক ৰিচাৰ্ড ডা’কিন্স জাভেদৰ বাবে কি আছিল। বঁটাটিয়ে আৰু তাৎপৰ্য বহন কৰিছে, কাৰণ বৰ্তমান সময়ত ধৰ্মনিৰপেক্ষতা সকলো ধৰণৰ মৌলবাদৰ দ্বাৰা আক্ৰান্ত হৈছে। এই বঁটা জাভেদৰ যৌক্তিক চিন্তাধাৰাক বৈধতা প্ৰদান কৰিছে।’

বিশ্বখ্যাত ইংৰাজ জীৱ-বিজ্ঞানী ৰিচাৰ্ড ডা’কিন্সৰ নামানুসাৰে বিশ্বৰ এই সন্মানীয় বঁটাটো নামকৰণ কৰা হৈছে।

উল্লেখ্য যে, বিগত বৰ্ষত বিশিষ্ট কৌতুক অভিনেতা ৰিকি গাৰ্ভেইছে এই সন্মানীয় বঁটা লাভ কৰিছিল।